শ্বুটিঙৰ মাজতে আঘাতপ্ৰাপ্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে আমেৰিকালৈ ৰাওনা…

শ্বাহৰুখ খানৰ অনুৰাগীৰ বাবে বেয়া খবৰ। শ্বুটিং কৰি থকাৰ সময়তে আঘাতপ্ৰাপ্ত হয় কিং খান। যাৰ পাছত তেওঁ চিকিৎসাৰ বাবে আমেৰিকালৈ ৰাওনা হয়।

শ্বুটিঙৰ মাজতে আঘাতপ্ৰাপ্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে আমেৰিকালৈ ৰাওনা...

শ্বাহৰুখ খান

Published: 

19 Jul 2025 | 05:20 PM

শ্বুটিঙৰ মাজতে আঘাতপ্ৰাপ্ত বলীউডৰ কিং খান। বৰ্তমান আহিবলগীয়া ছবিৰ কামত ব্যস্ত হৈ আছে শ্বাহৰুখ খান। এই ছবিখনৰ জৰিয়তে তেওঁৰ কন্যা সুহানা খানে বলীউডত অভিষেক ঘটোৱাৰ বাবে সাজু হৈছে। এই ক্ষেত্ৰত শ্বাহৰুখ খান অত সতৰ্ক হৈ আছে আৰু কোনো সমস্যা আহিব দিব বিচৰা নাই। কিন্তু শ্বুটিঙৰ মাজতে অভিনেতাগৰাকী আঘাতপ্ৰাপ্ত হয়। শেহতীয়া খবৰ অনুসৰি  শ্বাহৰুখ খান মুম্বাইত ছবি ‘কিং’ৰ একচন দৃশ্যৰ শ্বুটিং কৰি আছিল। সেই সময়ত আঘাতপ্ৰাপ্ত হয় তেওঁ। তাৰ পাছতে অভিনেতাগৰাকী চিকিৎসাৰ বাবে তেওঁ নিজৰ দলৰ সৈতে আমেৰিকালৈ ৰাওনা হৈছে।

জানিব পৰা মতে, শ্বাহৰুখ খান মুম্বাইত তেওঁৰ আগন্তুক ছবি ‘কিং’ৰ শ্বুটিঙত ব্যস্ত আছিল। এই ছবিখনৰ বাবে তেওঁ একচন দৃশ্যৰ শ্বুটিং কৰি আছিল। কিন্তু এই সময়তে শ্বাহৰুখ খানে গুৰুতৰ আঘাত লাভ কৰে। পেশীত সমস্যাৰ সৃষ্টি হয় শ্বাহৰুখৰ। কিন্তু এই সমস্যা কিমান গুৰুতৰ এই বিষয়ে এতিয়াও গোপনীয়তা ৰখা হৈছে। গতিকে পৰৱৰ্তী সময়ত আনুষ্ঠানিক বিবৃতিৰ পাছত সকলো স্পষ্ট হৈ পৰিব। আঘাত লাভৰ পাছতে শ্বাহৰুখ খান চিকিৎসাৰ বাবে আমেৰিকালৈ ৰাওনা হৈছে।

উল্লেখ্য যে, ৩০ বছৰত শ্বাহৰুখ খানে নিজৰ ছবিৰ বাবে অহৰহ কষ্ট কৰি আহিছে। এই সময়চোৱাত তেওঁ বহুবাৰ শ্বুটঙত আঘাতপ্ৰাপ্তও হৈছিল। ৬০ বছৰ বয়সতো অভিনেতাগৰাকীয়ে অনুৰাগীক মনোৰঞ্জন দিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰে। শ্বাহৰুখৰ আগন্তুক ছবি কিংক লৈ অনুৰাগীসকল উৎসাহিত হৈ আছে। কিন্তু এতিয়া শ্বাহৰুখৰ আঘাতৰ বাবে শ্বুটিংত পলম হোৱাৰ সম্ভাৱনা আছে। গতিকে এনে ক্ষেত্ৰত ছবিৰ অন্য কাম পিছুৱাই যাব পাৰে।

কিছুদিনৰ পূৰ্বে শ্বাহৰুখ খানৰ কিঙক লৈ এটা ডাঙৰ আপডেট আহিছিল। সেই অনুসৰি, ছবিখনৰ শ্বুটিং মুম্বাইৰ পিছত বিদেশত   হ’ব লগা আছিল। চাৰিখন ভিন্ন দেশত এই ছবিৰ শ্বুটিং হ’বলগীয়া আছিল। কিন্তু এতিয়া শ্বাহৰুখৰ সৈতে হোৱা এই ঘটনাৰ পিছত শ্বুটিং সূচীৰ কিছু পৰিৱৰ্তন নিশ্চিত যেন লাগে। একাংশই দাবী কৰিছে যে চিকিৎসকে তেওঁক এমাহৰ বেড ৰেষ্ট দিছে। এনে পৰিস্থিতিত এতিয়া ছেপ্টেম্বৰৰ ভিতৰত ইয়াৰ শ্বুটিং আৰম্ভ হ’ব পাৰে।

 

অন্য খবৰ পঢ়কঃ দেখুৱাই দিয়া তোমাৰ…প্ৰিয়ংকা চোপ্ৰাক কি বেয়া নিৰ্দেশ দিছিল পৰিচালকে? এৰি দিছিল ছবি…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...