The Bads Of Bollywood: চৰ্চাত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান, কম বয়সতে ‘Bads of Bollywood’ৰ কেনেকৈ চলাইছিল প্ৰস্তুতি?
The Bads Of Bollywood: শ্বাহৰুখ খানৰ মৰমৰ পুত্ৰ আৰিয়ানে পৰিচালক হিচাপে বলীউডৰ জগতখনত খোজ দিবলৈ ওলাইছে। শেহতীয়াকৈ তেওঁৰ ৱেব ছিৰিজ ‘বেডছ অৱ বলীউড’ৰ প্ৰিভিউ পোহৰলৈ আহে। য’ত দেখা হৈছে চলমান খান, ববি দেউলকে ধৰি বহু তাৰকাক। ২ মিনিট ৩৭ ছেকেণ্ডৰ প্ৰিভিউতকৈও অধিক ইয়াৰ ইভেণ্টটো বাতৰিৰ শিৰোনামত আছিল।

আৰিয়ানে ‘Bads of Bollywood’ৰ কেনেকৈ চলাইছিল প্ৰস্তুতি?
Aryan Khan The Bads Of Bollywood: বৰ্তমান শ্বাহৰুখ খান যিটো বস্তুৰ বাবে আটাইতকৈ বেছি উৎসাহিত হৈছে সেয়া হ’ল ‘Bads of Bollywood’। যি ৱেব ছিৰিজৰ সৈতে তেওঁৰ পুত্ৰ আৰিয়ান খানে পৰিচালনাৰ জগতখনত ভৰি দিবলৈ ওলাইছে। কালি পোহৰলৈ আহে ছিৰিজখনৰ প্ৰিভিউ। ২ মিনিট ৩৭ ছেকেণ্ডৰ ভিডিঅ’টোত বহু তাৰকাক একেলগে দেখা যায়। অৱশ্যে প্ৰিভিউ লঞ্চৰ বাবেও খান পৰিয়ালে এক অনুষ্ঠান আয়োজন কৰে। য’ত শ্বাহৰুখ আৰু পুত্ৰ আৰিয়ানক বেলেগ ৰূপত দেখা যায়। এই অনুষ্ঠানটোত দৰ্শকৰ সন্মুখত নিজৰ মনৰ কথা ক’লে আৰিয়ানে। তেওঁ কয় কেনেকৈ ‘বেডছ অৱ বলীউড’ৰ প্ৰস্তুত কৰা হৈছে।
সামাজিক মাধ্যমত ভাইৰেল
এই অনুষ্ঠানটোৰ বহুকেইটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই অনুষ্ঠানত OTT প্লেটফৰ্মত ৱেব চিৰিজৰ জৰিয়তে ভুমুকি মৰাৰ পূৰ্বে মাতৃ গৌৰী খান আৰু পিতৃ শ্বাহৰুখ খানক ধন্যবাদ জনালে পুত্ৰ আৰিয়ান খানে। অনুষ্ঠানটোৰ আৰম্ভণিতেই আৰিয়ান খানে কয়, মই আজি বহুত নাৰ্ভাছ। কথাখিনি কওঁতে যদি মোৰ ভুল হয় তেনেহ’লে ক্ষমা কৰি দিব মোক। কিন্তু পাপা আছে মোৰ সৈতে কোনো টেনছন নাই।’ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ এই ভিডিঅ’ ক্লিপে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত।
যেতিয়া আৰিয়ান খানে প্ৰিভিউ লঞ্চ ইভেণ্টত ভাষণ দিবলৈ আৰম্ভ কৰিছিল তেতিয়া শ্বাহৰুখ খানৰ বাবে সেয়া আছিল আটাইতকৈ ডাঙৰ গৌৰৱৰ মুহূৰ্ত। শ্বাহৰুখে আৰিয়ানে কোৱা প্ৰতিটো শব্দ ভালদৰে শুনি থকাৰ ধৰণটো সকলোৱে লক্ষ্য কৰিলে। কিন্তু পৰিচালনাৰ জগতখনলৈ আহি থকা আৰিয়ানে প্ৰকাশ কৰে যে ৪ বছৰৰ কঠোৰ পৰিশ্ৰম আৰু হাজাৰ হাজাৰ টেকৰ বাহিৰেও এই প্ৰজেক্টৰ ওপৰত বহু আলোচনা হৈছিল। ইয়াৰ পিছত প্ৰতিটো দৃশ্য প্ৰস্তুত কৰা হৈছিল।
পিতৃয়ে কি কয়?
এই ৱেব ছিৰিজৰ প্ৰযোজনা গৌৰী খানে কৰিছে। তেওঁৰ প্ৰডাকচন হাউচ ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট ইয়াৰ সৈতে জড়িত। ইয়াৰ সমান্তৰালকৈ আৰিয়নে সেইসকলকো ধন্যবাদ জনায়, যাৰ অবিহনে এই শ্ব’টো বনোৱাটো কঠিন হৈ পৰিছিল। য’ত আছে নেটফ্লিক্সৰ দল, ৰেড চিলিজৰ দল, টি ছিৰিজৰ মালিক ভূষণ কুমাৰ, আৰু আৰিয়ানৰ নিজৰ দল।
এই অনুষ্ঠানত পিতৃ হিচাপে শ্বাহৰুখ খানে কয়, “মোক যিমান মৰম দিলে মোৰ সন্তানকো দিব”। প্ৰিভিউ লঞ্চ ইভেণ্টত পুত্ৰৰ বাবে ৰাইজৰ মৰম আৰু আশিস বিচাৰিলে শ্বাহৰুখ খানে।