শ্বাহৰুখৰ গালত মহিলাৰ প্ৰচণ্ড চৰ! কি ভুল কৰিছিল অভিনেতাগৰাকীয়ে…

কেৱল দেশত নহয় , বিশ্বৰ বিভিন্ন প্ৰান্তত বলিউড কিং খানৰ কোটি কোটি অনুৰাগী আছে। কিন্তু এই অভিনেতাজনকে চৰ সোধাইছিল এজনে? বিশ্বাস কৰিবলৈ কঠিন হ'লেও এটাই সঁচা।

শ্বাহৰুখৰ গালত মহিলাৰ প্ৰচণ্ড চৰ! কি ভুল কৰিছিল অভিনেতাগৰাকীয়ে...

শ্বাহৰুখ খান

Published: 

03 Feb 2025 | 03:45 PM

শ্বাহৰুখ খান! কেৱল দেশত নহয়,সমগ্ৰ বিশ্বত শ্বাহৰুখ খানৰ কোটি কোটি অনুৰাগী আছে। কিন্তু লাখ লাখ মহিলাৰ হৃদয়ত ৰাজত্ব কৰা এইগৰাকী ছুপাৰষ্টাৰকে কোন মহিলাই চৰ সোধালে ? বিশ্বাস কৰিবলৈ কিছু কঠিন হ’লেও অভিনেতাগৰাকীৰ সৈতে এনে এক ঘটনাই সংঘটিত হৈছে। বলিউডৰ পৰা এনে বহু সঁচা- মিছা ঘটনা বিভিন্ন সময়ত পোহৰলৈ আহে। অৱশ্যে শ্বাহৰুখ খানৰ লগত সংঘটিত এই ঘটনাটো মিছা নহয়। কিং খানে নিজ মুখে এই কথা স্বীকাৰ কৰিছে। তেওঁ নিজে এই কথা প্ৰকাশ কৰিছে যে এগৰাকী মহিলাই তেওঁ চৰ সোধাইছিল। কিন্তু কি কাৰণে এগৰাকী মহিলাই শ্বাহৰুখ খানক চৰ সোধালে?

উল্লেখ্য যে, জিৰ’ নামৰ ছবিখনৰ প্ৰচাৰৰ সময়ত শ্বাহৰুখ খানে এটা সাক্ষাৎকাৰত কৈছিল যে সেইদিনা প্ৰকৃততে কি হৈছিল।  এগৰাকী সাংবাদিকে অভিনেতাগৰাকীক প্ৰশ্ন কৰিছিল যে- আপুনি দিল্লীৰ পৰা প্ৰথমবাৰৰ বাবে মুম্বাই কেনেতৈ আহিছিল?   ইয়াৰ উত্তৰত শ্বাহৰুখে কৈছিল যে তেওঁ ৰে’লেৰ মুম্বাইলৈ আহিছিল।

কিন্তু শ্বাহৰুখে কোৱা মতে, সেই ৰে’লখনত এটা আজৱ ঘটনা সংঘটিত হৈছিল। শ্বাহৰুখ খানে টিকট ক্ৰয় কৰি ৰে’লত উঠিছিল। যাৰ বাবে তেওঁ আসন পাইছিল আৰু নিজৰ আসনত বহি আছিল। অৱশ্যে, যদি কোনোৱে অলপ সময়ৰ বাবে আসনত বহিব বিচাৰিছিল তেওঁ মাজে মাজে বহিব দিছিল।

কিন্তু ৰে’লখন মুম্বাইত প্ৰৱেশ কৰাৰ লগতে লগে এটা সমস্যাৰ সৃষ্টি হয়। কেইজনমান লোক আহি আসনত বহিব বিচাৰিছিল। তেতিয়া শ্বাহৰুখে কৈছিল যে, ইয়াত তেওঁলোকে বহিব নোৱাৰে কিয়নো সেই আসনখন তেওঁৰ। কিছু সময় পাছতেই শ্বাহৰুখৰ আসনত বহিবলৈ এগৰাকী মহিলা আহে। মহিলা হোৱা বাবে তেওঁক শ্বাহৰুখে আসন এৰি দিয়ে, কিন্তু কয় যে মহিলাগৰাকীৰ সৈতে থকা মানুহজন বহিব নোৱাৰে। কাৰণ টকাৰ বিনিময়ত তেওঁ এই আসনখন সংৰক্ষণ কৰি আনিছে আৰু তেওঁ কাক বহিব দিয়ে সেয়া তেওঁৰ কথা। এই কথা কোৱাৰ লগে লগে শ্বাহৰুখক মহিলাগৰাকীয়ে প্ৰচণ্ড চৰ সোধায়।

পৰৱৰ্তী সময়ত ৰে’লত থকা আন এজন মানুহে শ্বাহৰুখক কয় যে, মুম্বাইত প্ৰৱেশ কৰাৰ পাছত ৰে’লখন মুম্বাইৰ লোকেল ট্ৰেইনৰ দৰে হৈ পৰে। গতিকে তাত  সংৰক্ষণ বুলি কোনো কথা নাথাকে। তাত মুম্বাইৰ স্থানীয়ৰ দাদাগিৰি চলে।  তেতিয়াহে শ্বাহৰুখে বুজি পাইছিল নিজৰ ভুল আৰু গ’ম পাইছিল যে ৰে’লত বহিব নিদিয়া বাবে তেওঁ চৰ খাইছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...