আব্ৰামৰ মুখত হাঁহি, মেছিৰ সৈতে চেলফি তুলিলে শ্বাহৰুখ খানে

২০১১ চনৰ পিছত লিয়নেল মেছিৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। তাৰ আগৰ ভ্ৰমণত কিংবদন্তি ফুটবলাৰগৰাকীয়ে কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত প্ৰীতি মেচ খেলিছিল, য’ত আৰ্জেণ্টিনাই ভেনিজুৱেলাক ১-০ গ’লত পৰাস্ত কৰে। অৱশ্যে এইবাৰ মেছি অহাৰ স্মৃতি একেবাৰেই সুখদায়ক নাছিল।

আব্ৰামৰ মুখত হাঁহি, মেছিৰ সৈতে চেলফি তুলিলে শ্বাহৰুখ খানে
Published: 

14 Dec 2025 | 01:46 PM

মেছিৰ জ্বৰত আক্ৰান্ত সকলো। শুকুৰবাৰে নিশা দুই তাৰকা লিয়নেল মেছি আৰু শ্বাহৰুখ খানে কলকাতাত ভৰি দিয়ে। কিং খানৰ সৈতে আছিল যুৱ তাৰকা আব্ৰাম খান। কেৱল সেয়াই নহয়, বলীউডৰ বাদশ্বাহ শ্বাহৰুখেও পুত্ৰ আব্ৰামৰ সৈতে আৰ্জেণ্টিনাৰ ফুটবলাৰ মহান লিয়নেল মেছিৰ এখন ফটো শ্বেয়াৰ কৰে।

কলকাতাৰ এখন বিলাসী হোটেলত থাকে ফুটবল তাৰকাগৰাকী। শনিবাৰে তেওঁ শ্ৰীভূমি স্প’ৰ্টিং ক্লাবত ৭০ ফুট ওখ প্ৰতিমূৰ্তিটো উদ্বোধন কৰে। ভিৰ বাঢ়ি অহাৰ লগে লগে ভিৰ চম্ভালিব নোৱাৰাৰ বাবে তেওঁ খৰধৰকৈ খেলপথাৰ এৰিব লগা হ’ল। ষ্টেডিয়ামখনৰ পৰিস্থিতি ক্ষন্তেকতে অশান্ত হৈ পৰে, যাৰ ফলত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়।

অৱশ্যে আব্ৰামে মেছি, সতীৰ্থ লুইছ ছুৱেৰেজ আৰু ৰড্ৰিগো ডি পলৰ সৈতে কিছু ফটো তোলাও দেখা গ’ল। আনকি পুত্ৰই ফুটবল তাৰকাসকলৰ লগত আড্ডাত ব্যস্ত হৈ থকাৰ সময়তো শ্বাহৰুখে হাঁহি আছিল। কণমানি পুত্ৰৰ চকুত সুখ দেখি শ্বাহৰুখ আনন্দত যে আত্মহাৰা হৈ পৰিছিল সেয়া স্পষ্ট হৈ উঠে।

উল্লেখ্য যে, ২০১১ চনৰ পিছত লিয়নেল মেছিৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। তাৰ আগৰ ভ্ৰমণত কিংবদন্তি ফুটবলাৰগৰাকীয়ে কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত প্ৰীতি মেচ খেলিছিল, য’ত আৰ্জেণ্টিনাই ভেনিজুৱেলাক ১-০ গ’লত পৰাস্ত কৰে। অৱশ্যে এইবাৰৰ মেছিৰ কলকাতালৈ অহাৰ স্মৃতি একেবাৰেই ভাল নাছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...