পত্নী আছিল গৰ্ভৱতী, তেতিয়াই পৰকীয়া প্ৰেমত পৰিছিল ওম পুৰী, কোন আছিল সেই যুৱতী?

পত্নীৰ গৰ্ভাৱস্থাত অন্য যুৱতীৰ সৈতে প্ৰেমত পৰিছিল বলীউডৰ এসময়ৰ জনপ্ৰিয় অভিনেতা ওম পুৰী। অভিনেতাগৰাকীৰ প্ৰথমা পত্নীয়ে কয় যে, কেনেকৈ অন্য যুৱতীৰ বাবে বিবাহ-বিচ্ছেদ হৈছিল।

পত্নী আছিল গৰ্ভৱতী, তেতিয়াই পৰকীয়া প্ৰেমত পৰিছিল ওম পুৰী, কোন আছিল সেই যুৱতী?

ওম পুৰী

Published: 

11 Apr 2025 | 02:20 PM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা আছিল ওম পুৰী। কিন্তু তেওঁৰ ব্যক্তিগত জীৱনৰ কিছুমান ঘটনাৰ বিষয়ে হয়তো বহুতে নাজান। বলীউডৰ এনে  বহু অভিনেতা- অভিনেত্ৰী আছে যি ৰীল লাইফটতকৈ সম্পূৰ্ণ বেলেগ হয়। অৱশ্যে ছবিৰ চৰিত্ৰৰ সৈতে তেওঁলোকৰ বাস্তৱ জীৱনৰ মিল নথকা স্বাভাৱিক। কিয়নো সকলোৰে ব্যক্তিগত জীৱন আৰু পেচাগত জীৱন বেলেগ বেলেগ হয়। এনে এগৰাকী অভিনেতা ওম পুৰী।

শেহতীয়াকৈ ওম পুৰী সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে প্ৰথমা পত্নী সীমা কাপুৰে। এক সাক্ষাৎকাৰৰ সময়ত সীমাই কৈছিল ওম পুৰীৰ এটা ডাঙৰ সত্য। সীমাই কৈছিল কিয় তেওঁলোকৰ বিবাহত সমস্যাৰ সৃষ্টি হৈছিল আৰু পাছলৈ বিবাহ বিচ্ছেদ হৈছিল। সীমা কাপুৰে কয় যে, তেওঁ গৰ্ভৱতী থকা অৱস্থাত ওম পুৰীয়ে পৰকীয়া প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল আৰু এয়াই আছিল তেওঁলোকৰ মাজৰ কাজিয়াৰ মূল কাৰণ।

সীমাই কয় যে, “মই যেতিয়া গৰ্ভৱতী অৱস্থাত আছিলো তেতিয়া তেওঁৰ অন্য যুৱতীৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠিছিল। প্ৰথম অৱস্থাত ভাবিছিলো সকলো ঠিক হ’ব। প্ৰতাৰণাৰ বলি হোৱাৰ পাছতো মই সম্পৰ্কটো ৰক্ষা কৰাৰ চেষ্টা কৰিছিলো। কিন্তু সম্পৰ্কটো ভাল হোৱা নাছিল।  কিন্তু গৰ্ভৱস্থাৰ ৩ মাহৰ অৱস্থাত তেওঁ বিবাহ বিচ্ছেদ কৰিছিল”।

তেওঁ লগতে কয় যে, হলিউডৰ চিনেমা ‘চিটি অৱ জয়’ৰ জৰিয়তে ওম পুৰীয়ে এগৰাকী সাংবাদিক নন্দিতাৰ সংস্পৰ্শলৈ আহিছিল। প্ৰথম অৱস্থাত সকলোৱে ভাবিছিল যে দুয়োৰে মাজত ভাল বন্ধুত্বৰ সম্পৰ্ক আছে। কিন্তু  পাছত সত্য পোহৰলৈ আহিছিল। আৰু  কয়,  ইয়াৰ মাজতে এদিন সীমাই তেওঁলোকৰ প্ৰেমৰ পত্ৰ লাভ কৰিছিল। তাৰ পাছতো সীমাই সন্তানৰ কথা ভাবি সম্পৰ্ক ৰক্ষা কৰাৰ চেষ্টা কৰিছিল যদিও সেয়া অসম্ভৱ হৈ পৰিছিল । পৰৱৰ্তী সময়ত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হৈছিল।

উল্লেখ্য যে, ওম পুৰীয়ে পাছলৈ নন্দিতা নামৰ সাংবাদিকগৰাকীৰ সৈতে বিবাহ-পাশত আৱদ্ধ হৈছিল।  সীমাৰ এই সাক্ষাৎকাৰ পোহৰলৈ অহাৰ পিছত নেটিজেনসকলে বিভিন্ন  ধৰণৰ মন্তব্য কৰিছিল।  একাংশই কয় যে, বলীউডত যেন এয়া সাধাৰণ কথা। কিছুমান কথা লুকাই থাকে আৰু কিছুমান পোহৰলৈ আহে। কিছুমানে সংগীৰ অন্যৰ সৈতে সম্পৰ্কৰ কথা জানিও মনে মনে থাকে। ইয়াৰ দ্বাৰা স্পষ্ট হয় যে এই সম্পৰ্কবোৰ ভুৱা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...