দুদিন ধৰি টোপনিৰ পৰা সাৰ পোৱা নাই! হঠাতে কি হৈছিল সঞ্জয় দত্তৰ লগত…
অভিযুক্ত সঞ্জয় দত্ত বিভিন্ন সময়ত চৰ্চাত থাকে। তেওঁৰ অতীত অতি ভাল বুলি ক'ব নোৱাৰি। কিয়নো ড্ৰাগছৰ আসক্তিৰ পৰা আৰম্ভ কৰি জেললৈ যোৱালৈ বিভিন্ন দিশত নাম সাঙোৰ খাইছিল তেওঁৰ।

সঞ্জয় দত্ত
বলীউডৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহে। মনোৰঞ্জনৰ এই জগতখনত প্ৰায়ে চৰ্চাত থাকে অভিনেতা-অভিনেত্ৰীসকল। এই চৰ্চাৰ পৰা সাৰি যোৱা নাই বলীউড অভিনেতা সঞ্জয় দত্ত। তেওঁ চিনেমাৰ বাবে যিমানেই চৰ্চাত নাথাকক কিয়, তেওঁ কৰা কিছুমান বেয়া কামৰ বাবেও চৰ্চাত আছিল। কোনো চিনেমাৰ কাহিনীতকৈ কম নহয় অভিনেতা সঞ্জয় দত্তৰ জীৱন। নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত আছিল তেওঁ। আনকি বিভিন্ন কাৰণত জেললৈ যাবলগীয়া হৈছিল।
তেওঁৰ জীৱনৰ ওপৰত আধাৰ কৰি নিৰ্মাণ হোৱা ‘সঞ্জু’ নামৰ ছবিখন চালে ইয়াৰ বিষয়ে কিছু ধাৰণা পোৱা যায়। তেওঁ এটা সময়ত নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত যে আছিল সেই কথা তেওঁ নিজেও লুকাই ভাল নাপায়। বহু সময়ত তেওঁ এই বিষয়ে মুকলিকৈ কথা পাতি ভাল পায়। এবাৰ ছলমান খানৰ শ্ব’ ‘দছ কা দম’ত অংশগ্ৰহণ কৰিছিল সঞ্জয় দত্তই। সেই সময়ত তেওঁ কৈছিল যে, কেনেকৈ নিচাযুক্ত দ্ৰব্যই তেওঁৰ ওপৰত বেয়া প্ৰভাৱ পেলাইছিল। ইয়াৰ বাবে এবাৰ তেওঁৰ লগত কি হৈছিল সেই কথাও উল্লেখ কৰিছিল।
তেওঁ কৈছিল, এবাৰ তেওঁ নিচাসক্ত হৈ ঘৰলৈ আহিছিল। ,সেইদিনা তেওঁৰ যথেষ্ঠ টোপনিও লাগিছিল আৰু পাছত তেওঁ ঘৰৰ ভিতৰলৈ সোমাই যায় বিচনাত শুই পৰিছিল। কিন্তু সেই সময়তে তেওঁৰ লগত এক আচৰিত ঘটনা ঘটে।
সাৰ পোৱাৰ পাছতে সঞ্জয় দত্তৰ বহুক ভোক লাগে। লগে লগে তেওঁ ঘৰৰ পুৰণি সহায়িকা এগৰাকীক মাতি আনি খাদ্য দিবলৈ কয়। কিন্তু ঘৰুৱা সহায়িকাগৰাকীয়ে সঞ্জয়ক দেখাৰ লগে লগে কান্দি উঠে। তেওঁ কয় যে, দুটা দিনৰ পাছত তুমি খাদ্য বিচাৰিছা। তেতিয়া সঞ্জয় দত্তই উপলব্ধি কৰে যে তেওঁ ২ দিন আগতে শুই গৈছিল। সেই দিনাই সঞ্জয়ে সিদ্ধান্ত লৈছিল নিচাযুক্ত দ্ৰব্য ত্যাগ কৰাৰ কথা। নিচাই কেনেদৰে তেওঁৰ জীৱন ধ্বংস কৰি পেলাইছিল সেই কথাও তেওঁ উল্লেখ কৰে।
সঞ্জয়ে কয় যে, নিচাই কাৰো উপকাৰ নকৰে বৰঞ্চ ধ্বংসে কৰে। আনকি তেওঁৰ জীৱনতো নিচাৰ প্ৰভাৱ পৰিছে। নিচা সকলোৰে বাবে ক্ষতিকাৰক বুলি কয় সঞ্জয়ে। এই অভিনেতাগৰাকীয়ে জীৱনত বহু ভাল-বেয়া অতিক্ৰম কৰি আজিৰ পৰ্যায় পাইছে। উল্লেখ্য যে, কেৱল সঞ্জয় দত্তই নহয়, এটা সময়ত ছৈফ আলী খানো নিচাত আসক্ত হৈ পৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিছিল।
অন্য খবৰ পঢ়কঃ এক দুখলগা ঘটনা! ৰাণীয়ে ক’লে, কেনেকৈ পৃথিৱীৰ পৰা আঁতৰি গৈছিল তেওঁৰ দ্বিতীয় সন্তান…