কি ভুল কৰিলে শ্বাহৰুখ তনয় আৰিয়ানে! ২ কোটি টকাৰ মানহানি গোচৰ তৰিলে সমীৰ ৱাংখেড়েই
ৱাংখেড়েই ৱেব ছিৰিজটোত তেওঁৰ ভাবমূৰ্তি কলংকিত কৰাৰ চেষ্টা কৰা হৈছে বুলি দাবী কৰিছে। লগতে নেটফ্লিক্সত প্ৰচাৰিত হোৱা বেডছ অৱ বলীউড নামৰ ৱেব ছিৰিজখন ভুৱা আৰু ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে বুলি সমীৰে অভিযোগ কৰিছে।

বিপদত শ্বাহৰুখ তনয় আৰিয়ান
বলীউডত এতিয়া যথেষ্ট চৰ্চিত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। নতুনকৈ নিৰ্মিত ৱেব ছিৰিজ ‘বেডছ অৱ বলীউড’ৰ বাবে সম্প্ৰতি আৰিয়ানে ধাৰাবাহিকভাৱে দখল কৰিছে বাতৰিৰ শিৰোনাম। এই ৱেব ছিৰিজটো বহুল প্ৰশংসিত হোৱা পৰিলক্ষিত হৈছে। ছিৰিজৰ প্ৰথম খণ্ডত আৰিয়ান খানে এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰ দেখুৱাইছে। এই আৰক্ষী বিষয়াজনে ছিৰিজৰ চৰিত্ৰ বাস্তৱ শ্ৰীবাস্তৱক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা দেখা যায়। এতিয়া এনে দৃশ্যৰ বাবে আৰিয়ান সোমাই পৰিছে বিপদত।
ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া সমীৰ ৱাংখেড়েই শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খানৰ কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড আৰু অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত মানহানিৰ গোচৰ তৰিছে। এই অভিযোগত ৱাংখেড়েই ৱেব ছিৰিজটোত তেওঁৰ ভাবমূৰ্তি কলংকিত কৰাৰ চেষ্টা কৰা হৈছে বুলি দাবী কৰিছে।
প্ৰকাশিত খবৰ অনুসৰি নেটফ্লিক্সত প্ৰচাৰিত হোৱা বেডছ অৱ বলীউড নামৰ ৱেব ছিৰিজখন ভুৱা আৰু ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে বুলি সমীৰে অভিযোগ কৰিছে। সমীৰৰ অভিযোগ মতে, ৱেব ছিৰিজখনত ড্ৰাগছ বিৰোধী সংস্থাসমূহক বিভ্ৰান্তিকৰ আৰু নেতিবাচক ৰূপত চিত্ৰিত কৰা হৈছে।
ইয়াৰ ফলত আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ ওপৰত জনসাধাৰণৰ আস্থা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে বুলি সমীৰ ৱাংখেড়েই আঙুলিয়াই দিয়ে। ইচ্ছাকৃতভাৱে তেওঁৰ সুনাম কলংকিত কৰিবলৈ এই ধাৰাবাহিকখন নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ দাবী কৰে। আনহাতে তেওঁৰ বিৰুদ্ধে আৰিয়ান খানৰ গোচৰ এতিয়াও বম্বে উচ্চ ন্যায়ালয় আৰু মুম্বাইৰ এনডিপিএছ বিশেষ আদালতত বিচাৰাধীন হৈ আছে বুলিও দোহাৰে।
ৱাংখেড়েই লগতে অভিযোগ কৰে যে ৱেব ছিৰিজখনৰ এটা চৰিত্ৰই ‘সত্যমেৱ জয়তে’ ধ্বনি দিয়াৰ পিছত অশ্লীল ইংগিত দিয়ে। ইয়াৰ দ্বাৰা জাতীয় প্ৰতীকক অপমান কৰাৰ লগতে শাস্তিমূলক বিধান থকা ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন, ১৯৭১ উলংঘা কৰা হৈছে বুলিও সমীৰ ৱাংখেড়েই অভিযোগ উত্থাপন কৰিছে।
তদুপৰি ধাৰাবাহিকখনৰ বিষয়বস্তুৱে আই টি আইন আৰু ভাৰতীয় দণ্ডবিধিৰ (বিএনএছ) কেইবাটাও ধাৰা উলংঘা কৰিছে বুলিও তেওঁ কয়। সমীৰ ৱাংখেড়েই তেওঁৰ আবেদনত ২ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছে আৰু এই ধনৰাশি টাটা মেম’ৰিয়েল কেঞ্চাৰ হাস্পতাললৈ কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ বাবে দান দিয়াৰ প্ৰতিশ্ৰুতি দিছে।