গাড়ীত বোমা, ল’ব প্ৰাণ! ছলমান খানক কোনে দিলে হত্যা কৰাৰ ভাবুকি ?

Salman Khan Death Threat:সমস্যাই লগ নেৰা হৈছে ছলমান খানৰ। পুনৰ অভিনেতাগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰিছে অচিনাক্ত ব্যক্তিয়ে। এই সন্দৰ্ভত যান-বাহন আৰক্ষীলৈ আহিছে ভাবুকি ভৰা মেছেজ।

গাড়ীত বোমা, লব প্ৰাণ! ছলমান খানক কোনে দিলে হত্যা কৰাৰ ভাবুকি ?

ছলমান খান

Published: 

14 Apr 2025 13:20 PM

অথন্তৰে লগ নেৰা হৈছে বলীউড অভিনেতা ছলমান খানক। পুনৰ এবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে অভিনেতাগৰাকীয়ে। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ আগতেও ছলমান খানে কেইবাবাৰো মৃত্যুৰ ভাবুকি লাভ কৰিছে। এইবাৰ পুনৰ তেওঁলৈ এক ভাবুকি ভৰা বাৰ্তা আহিছে। জানিব পৰা মতে,মুম্বাইৰ বাৰ্লিৰ যান-বাহন বিভাগৰ হোৱাটছএপ নম্বৰত ভাবুকি প্ৰেৰণ কৰিছে এজন অচিনাকি ব্যক্তিয়ে। বাৰ্তাটোত কোৱা হৈছে যে, ছলমানৰ ঘৰত প্ৰৱেশ কৰি তেওঁক হত্যা কৰিব।

ইয়াৰ লগতে ছলমান খানৰ গাড়ী বোমাৰ উৰুৱাই দিয়াৰ কথাও উল্লেখ কৰিছে। সম্প্ৰতি বাৰ্লি থানাত অচিনাক্ত লোকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীৰ মতে, ১৩ এপ্ৰিলৰ পুৱা অভিনেতাগৰাকীলৈ এই ভাবুকি আহিছিল। পুৱা ৬-৭ মান বজাত দিয়া এই ভাবুকিটো ট্ৰেফিক কণ্ট্ৰল ৰুমত ছলমান খানৰ নামত ষষ্ঠটো ভাবুকি।

ইয়াৰ লগে লগে নিৰাপত্তা বৃদ্ধি কৰা হৈছে ছলমান খানৰ।। তেওঁৰ ঘৰৰ বাহিৰত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। বান্দ্ৰা আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী বিষয়া সঞ্জয় মৰাঠে এই বিষয়টোত দৃষ্টি ৰাখিছে। লগতে গেলেক্সীৰ বাহিৰত অচিনাকী লোকক গাড়ী ৰখোৱাত বাধা প্ৰদান কৰা হৈছে।

ভাবুকি

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি লৰেন্স বিষ্ণোই গেঙে ছলমান খানক হত্যা কৰাৰ চেষ্টা চলাই আহিছে। বৰ্তমান পৰ্যন্ত তেওঁ কেইবাবাৰো মৃত্যুৰ ভাবুকি লাভ কৰিছে। কিছুমাহ পূৰ্বে তেওঁৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ বিপৰীতে ছলমান খানৰ ঘনিষ্ঠ বন্ধু বাবা ছিদ্দিকীও হত্যাৰ বলি হৈছিল। এনেসমূহ ঘটনাৰাজিৰ মাজতে পুনৰ ছলমান খানে হত্যাৰ ভাবুকি লাভ কৰিছে।

ছলমান খানে তেওঁৰ ছবি ‘চিকান্দৰ’ৰ প্ৰচাৰৰ সময়ত এই ভাবুকিৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছিল। তেওঁ কৈছিল, ভগৱান, আল্লাহ সকলোৰে হাত তেওঁৰ ওপৰত আছে। ভাগ্যত যিমান বয়স লিখা আছে সিমানেই জীয়াই থাকিম। অৱশ্যে পৰিয়ালৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ চিন্তা ব্যক্ত কৰিছিল। এইবাৰ ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপনৰ সময়তো ছলমান খানক কঠোৰ নিৰাপত্তাৰ মাজত দেখা গৈছিল। এনেবোৰ কাৰণতে প্ৰায় ৩ মাহ আগত তেওঁ ঘৰত বুলেট প্ৰুফ গ্লাছ লগাইছিল। তেওঁ লাভ কৰি থকা ভাবুকিৰ বাবেই সকলো স্থানত কঠোৰ নিৰাপত্তাৰ মাজত দেখা যায় ছলমান খানক।

ৱাই প্লাছ নিৰাপত্তা

ছলমান খানক প্ৰশাসনে ৱাই প্লাছ ছিকিউৰিটি প্ৰদান কৰিছে। তেওঁৰ ঘৰটোও বুলেট প্ৰুফ কৰি তোলা হৈছে। আৰক্ষীয়ে দিয়া নিৰাপত্তাৰ উপৰিও তেওঁৰ নিজা ব্যক্তিগত নিৰাপত্তাৰক্ষী আছে। তেওঁৰ দেহৰক্ষী শ্বেৰা সকলো সময়তে ছাঁৰ দৰে তেওঁৰ লগত থাকে। মুঠতে সকলো স্থানতে কঠোৰ নিৰাপত্তাৰ মাজত থাকে ছলমান খান।

এই লক্ষণবোৰে দেখা দিলে সাৱধান হওক, হঠাতে বন্ধ হৈ যাব পাৰে হৃদযন্ত্ৰ...
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি কি খাব লাগে? ডায়েটিচিয়ানে ক'লে...
দুপৰীয়া খাদ্য খোৱাৰ পিছত টোপনি যায় নেকি? ভাল নে বেয়া জানক...
পাব আচৰিত ফলাফল, বাৰিষা ঘৰৰ বাৰীত ৰোপণ কৰক এই ৫ বিধ গছ