গেলেক্সি এৰিব টাইগাৰে! কি হ’ব বজৰংগী ভাইজানৰ নতুন ঠিকনা? ছল্লু ভাইৰ নতুন ঠিকনাক লৈ আহিছে ডাঙৰ আপডেট

ছলমান খানে গেলাক্সি এপাৰ্টমেণ্ট এৰিব পাৰে। তেওঁ নিজৰ ফাৰ্ম হাউচলৈ স্থায়ীভাৱে স্থানান্তৰিত হোৱাৰ কথা চিন্তা কৰিছে।

গেলেক্সি এৰিব টাইগাৰে! কি হব বজৰংগী ভাইজানৰ নতুন ঠিকনা? ছল্লু ভাইৰ নতুন ঠিকনাক লৈ আহিছে ডাঙৰ আপডেট
Published: 

22 Apr 2024 | 09:16 PM

গুলীচালনাৰ ঘটনাৰ পিছতে চিন্তিত হৈ পৰিছে ছলমান খানৰ পৰিয়াল। খান পৰিয়ালৰ বিবৃতিত এই কথা নিজেই কৈছিল আৰবাজ খানে। অৱশ্যে গুলীচালনাৰ ঘটনাৰ মাত্ৰ এসপ্তাহৰ পিছতে ছলমান খান পুনৰ কৰ্মস্থলীলৈ উভতি আহিছে। এতিয়া এক প্ৰতিবেদনত কোৱা হৈছে যে ছলমান খানে গেলাক্সি এপাৰ্টমেণ্ট এৰিব পাৰে। তেওঁ নিজৰ ফাৰ্ম হাউচলৈ স্থায়ীভাৱে স্থানান্তৰিত হোৱাৰ কথা চিন্তা কৰিছে।

হিন্দী চিনেমাৰ টাইগাৰ নামেৰে পৰিচিত ছলমান খান দীৰ্ঘদিন ধৰি গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ লক্ষ্য হৈ আহিছে। কেইবাটাও ভাবুকিৰ অন্তত শেহতীয়াকৈ দুজন লোকে তেওঁৰ মুম্বাইৰ ঘৰ গেলাক্সি এপাৰ্টমেণ্টত গুলীচালনা কৰি পলাই যায়। অৱশ্যে আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক ধৰিলে। ঘটনাৰ পিছত ছলমান খানৰ নিৰাপত্তা আৰু অধিক কটকটীয়া কৰা হৈছে। এতিয়া কোৱা হৈছে যে ছলমান খানে হয়তো গেলাক্সি এৰিব।

সূত্ৰৰ এক প্ৰতিবেদন অনুসৰি ছলমানৰ ঘনিষ্ঠ বন্ধুৰ উদ্ধৃতি দি দাবী কৰা হৈছে যে এই ঘটনাৰ পিছত ছলমানে স্থায়ীভাৱে নিজৰ পানভেল ফাৰ্ম হাউচলৈ স্থানান্তৰিত হোৱাৰ কথা চিন্তা কৰিছে। মুম্বাইৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ আৰু বান্দ্ৰাৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ দূৰত্বত পানভেল। প্ৰতিবেদনত সেই বন্ধুজনৰ উদ্ধৃতিৰে কোৱা হৈছে, “ভাইয়ে আগতেও নিজৰ ফাৰ্মত বহু সময় কটায়। তাত থাকি সি ভাল পায়। ইয়াৰ লগতে তেওঁৰ বিগ বছৰ শ্বুটিং স্থানৰ ওচৰতে।”

বন্ধুজনে আৰু ক’লে, “যিহেতু চহৰখনত তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি গুৰুতৰ ভাবুকি আহিছে, সেয়েহে ভাইসকলে স্থায়ীভাৱে পানভেলৰ এটা ফাৰ্ম হাউচলৈ স্থানান্তৰিত হোৱাৰ কথা চিন্তা কৰিছে।” যদিও এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে একো কোৱা হোৱা নাই। আচলতে ছলমান খানে বহুবাৰ কৈছে যে তেওঁ মাক-দেউতাকৰ বাবেই গেলাক্সিত থাকে। ছালমানৰ পিতৃ চেলিম খান আৰু মাতৃ ছালমা গেলাক্সি এপাৰ্টমেণ্টৰ ওপৰৰ মহলাত থাকে।

এতিয়া প্ৰশ্ন হয় যে যদি সচাকৈয়ে ছলমানে পানভেল ফাৰ্ম হাউচলৈ যোৱাৰ কথা ভাবিছে তেন্তে তেওঁৰ মাক-দেউতাকও তাতেই থাকিবনে? ছলমান খানে বহুবাৰ নিজৰ ফাৰ্ম হাউচলৈ গৈ থাকে। কেতিয়াবা জন্মদিন উদযাপন কৰিবলৈ আৰু কেতিয়াবা পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাবলৈ তেওঁ প্ৰায়ে ফাৰ্ম হাউচলৈ যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...