কিয় চলমানৰ ছবিৰ কণ্ঠদান নকৰে অৰিজিৎ সিঙে? মুখ খুলিলে ভাইজানে

চলমানৰ আৰু অৰিজিৎ সিঙৰ মাজত এখন ডাঙৰ দেৱালৰ সৃষ্টি হৈছিল।এই দুৰত্বৰ ফলত চলমানৰ ইখনৰ পিছত সিখন ছবিৰ পৰা অৰিজিতক বাদ দিয়া হৈছিল।

কিয় চলমানৰ ছবিৰ কণ্ঠদান নকৰে অৰিজিৎ সিঙে? মুখ খুলিলে ভাইজানে

কিয় ছলমানৰ ছবিৰ কণ্ঠদান নকৰে অৰিজিৎ সিঙে?

Updated On: 

14 Oct 2025 17:48 PM

চলমান আৰু অৰজিতৰ মাজত এটা বিশেষ কথাৰ বাবে ডাঙৰ দেৱালৰ সৃষ্টি হৈছিল। যাৰ ফলত দূৰত্ব বৃদ্ধি পায়। আনকি, কোৱা হয় যে এই বিবাদৰ বাবেই চলমানৰ ছবিৰ পৰা অৰিজিত সিঙক বাদ দিয়া হৈছিল। এই বিবাদ ইমানেই বেছি হ’ল যে চলমানে অৰিজিতৰ কেৰিয়াৰ ধ্বংস কৰিব বিচাৰিছিল।

কোৱা হয় যে শব্দবোৰ ধনু কাঁড়ৰ দৰে, এবাৰ ওলাই গ’লে ৰখাব নোৱাৰি। ঠিক এনেকুৱাই হৈছিল অৰিজিৎ আৰু চলমানৰ লগত। এটা কৌতুকে দুয়োৰে মাজত এক বিশাল দেৱালৰ সৃষ্টি কৰিলে। যিয়ে দূৰত্ব বৃদ্ধিহে কৰিলে। আনকি এই বিবাদৰ বাবেই চলমানৰ এখনৰ পিছত এখন ছবিৰ পৰা অৰিজিৎ সিঙক বাদ দিয়া হৈছিল বুলিও কোৱা হয়। বিবাদ ইমানেই চৰম হৈ পৰিল যে চলমানে অৰিজিতৰ কেৰিয়াৰ ধ্বংস কৰিব বিচাৰিছিল।

চলমানৰ সৈতে হোৱা সমগ্ৰ ঘটনাৰ বাবে অৰিজিতে বহু আগতেই ছ’চিয়েল মিডিয়াত ক্ষমা খুজিছিল। কিন্তু এই বিষয়ত এতিয়ালৈকে চলমানে মুখ খোলা দেখা নাই। শেহতীয়াকৈ এই সন্দৰ্ভত ছলমানে প্ৰথমবাৰৰ বাবে বিগ বছত মুখ মেলিছে তেওঁ।

২০১৪ চনত চলমান খানে বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছিল। তাতেই অৰিজিতক মঞ্চলৈ মাতি বঁটা গ্ৰহণ কৰিবলৈ কৈছিল ভাইজানে। অৰিজিতৰ মঞ্চত উঠাত পলম হৈছিল। তাৰ পিছত চলমানে ক’লে, টোপনি গ’ল নেকি? উত্তৰত অৰিজিতে ক’লে, হয়, আপোনাৰ হ’ষ্টিঙৰ ফলত টোপনি আহিল! শুনা যায় যে অৰিজিতৰ এনে মন্তব্য চলমানে একেবাৰেই ভাল নাপালে। তেতিয়াৰ পৰাই দেখা গৈছে যে অৰিজিতক চলমানৰ বিভিন্ন ছবিৰ পৰা আঁতৰাই ৰখা হৈছিল।

এইবাৰ কি ক’লে চলমানে?

বিগ বছত চলমানে কয়, “অৰিজিত আৰু মই বহুত ভাল বন্ধু। আমাৰ মাজত ভুল বুজাবুজি হৈছিল। সম্পূৰ্ণ মোৰ দোষ আছিল। এতিয়া সকলো ঠিকেই আছে। অৰিজিতে টাইগাৰ ৩ত গান গাইছে। এতিয়া সকলো একেবাৰে ঠিকেই আছে।”

 

বিয়াৰ পিছত কিয় মহিলাসকল বেছি ধুনীয়া হৈ পৰে ? ৯৯% লোকে নাজানে এই উত্তৰ
লিভাৰ দুৰ্বল হ’লে ছালত এই ধৰণৰ লক্ষণে দেখা দিয়ে
নহৰুৰ স্বাস্থ্য উপকাৰিতা : দৈনিক নহৰু খালে কি হয় ? জানক
সাৱধান, দীপাৱলীৰ সময়ত এই কাম কৰাটো অত্যন্ত অশুভ, হেৰুৱাব সুখ!