কেৱল ষ্টাইলেই নহয়, চলমান খানে হাতত পিন্ধা এই ব্ৰেচলেটৰ আছে আচৰিত ৰহস্য!

সৰুতে তেওঁ এই ব্ৰেচলেটডাল পিন্ধিবলৈ একেবাৰেই ইচ্ছা কৰা নাছিল। অৱশ্যে বলীউডত প্ৰৱেশ কৰাৰ পিছত দেউতাকে তেওঁকো এই ব্ৰেচলেটডাল উপহাৰ দিয়ে। তেতিয়াৰ পৰাই এই ব্ৰেচলেটডাল পিন্ধি আছে চলমানে।

কেৱল ষ্টাইলেই নহয়, চলমান খানে হাতত পিন্ধা এই ব্ৰেচলেটৰ আছে আচৰিত ৰহস্য!

চলমান খানে হাতত পিন্ধা এই ব্ৰেচলেটৰ আছে আচৰিত ৰহস্য!

Updated On: 

21 Jul 2025 | 04:01 PM

চলমান খানৰ ষ্টাইল ষ্টেটমেন্ট হৈছে তেওঁ পিন্ধা ব্ৰেচলেট। সেই ডিজাইনৰ ব্ৰেচলেট বৰ্তমান চলমানৰ অনুৰাগীৰ হাতত ভাইৰেল হৈ পৰিছে। বাস্তৱ জীৱনত চলমানে সেই ব্ৰেচলেটডাল একেবাৰে এৰি দিব নিবিচাৰে। এই ব্ৰেচলেটডাল পিন্ধা তেওঁক ছবিতো বিভিন্ন চৰিত্ৰত দেখা গৈছে। কেতিয়াবা চলমান খানে ছবিখনৰ স্বাৰ্থত খুলিবলৈ মান্তি হয়, কিন্তু পিন্ধাটো এৰি নিদিয়ে।

কিয় এই ব্ৰেচলেটডাল পিন্ধে চলমান খানে? কি ইয়াৰ ৰহস্য? এই ব্ৰেচলেটৰ বিশেষ গুণবোৰ জানো আহক। সকলো চলমানৰ অনুৰাগীয়ে জানে যে তেওঁ এই ব্ৰেচলেটডাল কিমান ভাল পায়। এবাৰ সাংবাদিক এজনে তেওঁক এই প্ৰশ্নটো সুধিলে আৰু চলমান খানে এইদৰে দিলে উত্তৰ। তেওঁ কয়, সৰুতে এই ব্ৰেচলেটডাল পিন্ধিবলৈ একেবাৰেই ইচ্ছা কৰা নাছিল। অৱশ্যে বলীউডত প্ৰৱেশ কৰাৰ পিছত দেউতাকে তেওঁকো এই ব্ৰেচলেটডাল উপহাৰ দিয়ে। তেতিয়াৰ পৰাই এই ব্ৰেচলেটডাল পিন্ধি আছে চলমানে। তেতিয়াৰ পৰাই ছলমানে পিন্ধি সেই ব্ৰেচলেটডাল।

চলমান খানে সেইদিনা ইয়াৰ বিশেষ বৈশিষ্ট্যৰ বিষয়ে মুকলিকৈ কয়। তেওঁ কয়, মোৰ ব্ৰেচলেটত দেখা পাথৰটোৰ নাম ফিৰোজা। এনে পাথৰ দুই প্ৰকাৰৰ। ফিৰোজা পাথৰৰ অৰ্থ নীলকান্তমণি। ছলমানৰ মতে, “ফিৰোজাই সকলো নেতিবাচক প্ৰভাৱ বুজি পায়। যেতিয়া অশুভ কিবা কামৰ সন্মুখীন হয়, তেতিয়া ফিৰোজাই সহায় কৰে।”

 

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ