‘নাগিন ৭’ নে ‘বিগ বছ ১৯’… এটা চকুৱে বিভ্ৰান্ত কৰিছে লাখ লাখ অনুৰাগীক!

দীৰ্ঘদিন ধৰি অনুৰাগীসকলে ছলমান খানৰ ৰিয়েলিটি শ্ব’ বিগ বছ ১৯ আৰু একতা কাপুৰৰ ধাৰাবাহিক নাগিন ৭ৰ শেহতীয়া আপডেটৰ বাবে অপেক্ষা কৰি আছিল।এতিয়া নিৰ্মাতাসকলে এটা নতুন পোষ্টৰ জৰিয়তে লাখ লাখ লোকক বিভ্ৰান্ত কৰিছে।

‘নাগিন ৭’ নে ‘বিগ বছ ১৯’... এটা চকুৱে বিভ্ৰান্ত কৰিছে লাখ লাখ অনুৰাগীক!

এটা চকুৱে বিভ্ৰান্ত কৰিছে লাখ লাখ অনুৰাগীক!

Updated On: 

27 May 2025 | 03:42 PM

কেৱল ডাঙৰ পৰ্দাতে নহয় সৰু পৰ্দাতো জনপ্ৰিয় হৈছে ছলমান খান। তেওঁৰ ৰিয়েলিটি শ্ব’ বিগ বছ দৰ্শকৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছে।  প্ৰতি বছৰে অনুৰাগীসকলে ইয়াৰ নতুন ছিজনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। বিগ বছৰ উপৰিও একতা কাপুৰৰ নাগিন ছিৰিজখনো দৰ্শকৰ যথেষ্ট পছন্দৰ। এতিয়া সকলোৰে দৃষ্টি একতা কাপুৰৰ নাগিন ৭ আৰু ছলমান খানৰ বিগ বছ ১৯ৰ আপডেটৰ ওপৰত। দুয়োটা শ্ব’ শিৰোনামত থকাৰ বহুতো কাৰণ আছে।

ইয়াৰ মাজতে সোমবাৰে কালাৰছ টিভিয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত এজন ব্যক্তিৰ চকু দেখা গৈছে। পোষ্ট কেপচনত তেওঁলোকে কেৱল “ComingSoon” বুলি লিখিছে। এতিয়া এই কথাই অনুৰাগীসকলক ভাবিবলৈ বাধ্য কৰাইছে যে চেনেলটোৱে নাগিন ৭ বা বিগ বছ ১৯ সন্দৰ্ভত কিবা ঘোষণা কৰিবলৈ ওলাইছে নেকি? এজন নেটিজেনে পোষ্টটোত মন্তব্য কৰিছিল, “চাহাত পাণ্ডেৰ সৈতে নাগিন ৭।” আন এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লিখিছে, “Naagin 7? or BB.” । আন এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লিখিছে, “এইটো প্ৰথনাৰ কন্যা মেহেৰৰ চকুৰ দৰে দেখা গৈছে, এয়া নাগিন ৭ৰ টিজাৰ হ’ব পাৰে।”

ইফালে একতা কাপুৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে নাগিন ৭ৰ কাম আৰম্ভ হৈছে। ইয়াৰ পিছতে শ্ব’টোত কোনে অভিনয় কৰিব সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে আৰু খবৰ অনুসৰি, ঈশাল মালভিয়া, চাহাত পাণ্ডে আৰু ভিভিয়ান ডীচেনাক মুখ্য চৰিত্ৰত দেখা যাব পাৰে। কিন্তু তাৰকা অভিনেতাসকলৰ সন্দৰ্ভত এতিয়াও কোনো নাম নিশ্চিত কৰা হোৱা নাই।

ইফালে বিগ বছৰ ১৯ ছিজন অতি সোনকালে আৰম্ভ হ’ব বুলি খবৰ প্ৰকাশ পাইচে। খবৰ অনুসৰি চলিত বৰ্ষৰ জুলাই মাহত এই অনুষ্ঠানটোৰ প্ৰিমিয়াৰ হ’ব আৰু ২০২৬ চনৰ জানুৱাৰী মাহলৈকে প্ৰায় ছমাহ ধৰি প্ৰচাৰিত হ’ব।শেহতীয়া এক প্ৰতিবেদনত এইটোও দাবী কৰা হৈছে যে এইবাৰ নিৰ্মাতাসকলে কেৱল টিভি আৰু বলীউডৰ চেলিব্ৰিটিসকলকহে অনাৰ পৰিকল্পনা কৰিছে আৰু ইউটিউবাৰসকলে ইয়াৰ অংশ নহ’ব। অৱশ্যে শেহতীয়াকৈ এইটোও জনা গৈছিল যে বিগ বছ আৰু কলাৰছত প্ৰচাৰ নহ’ব।

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ