Salman Khan: ছলমান খানৰ নতুন ছবিৰ টিজাৰ মুকলি, ঘোষণা হ’ল মুক্তিৰ তাৰিখ…

Battle Of Galwan Teaser: মুক্তি পালে ছলমান খানৰ আগন্তুক ছবি ‘বেটল অৱ গালৱান’ৰ টিজাৰ। ছবিখনত ছলমানে মেজৰ বি সন্তোষ বাবুৰ চৰিত্ৰত অভিনয় কৰিছে। টিজাৰৰ সমান্তৰালকৈ ছবিখনৰ মুক্তিৰ দিনো ঘোষণা কৰিছে নিৰ্মাতাসকলে।

Salman Khan: ছলমান খানৰ নতুন ছবিৰ টিজাৰ মুকলি, ঘোষণা হল মুক্তিৰ তাৰিখ...

ছলমান খানৰ নতুন ছবি

Published: 

27 Dec 2025 | 05:08 PM

দীৰ্ঘদিন ধৰি অনুৰাগীসকলে ছলমান খানৰ আগন্তুক ছবি ‘বেটল অৱ গালৱান’ (Battle of Galwan)ৰ টিজাৰৰ বাবে অপেক্ষা কৰি আছিল। এই অপেক্ষাৰ অন্ত পেলাই ২৭ ডিচেম্বৰত, ৬০ বছৰীয়া জন্মদিন উপলক্ষে ছবিখনৰ টিজাৰটো মুকলি কৰে। তদুপৰি বহু প্ৰত্যাশিত এই ছবিখনৰ মুক্তিৰ তাৰিখো তেওঁ প্ৰকাশ কৰে। ছবিখনত ছলমানে মেজৰ বি সন্তোষ বাবুৰ চৰিত্ৰত অভিনয় কৰিছে। টিজাৰত দেখা গৈছে ছলমানক সম্পূৰ্ণ নতুন অৱতাৰত। ২০২৬ চনৰ ১৭ এপ্ৰিলত ছবিগৃহত মুক্তি পাব ছবিখন।

২০২০ চনত গালৱান উপত্যকাত ভাৰত আৰু চীনৰ জোৱানৰ সংঘৰ্ষৰ আধাৰত নিৰ্মিত এই ছবিখনে সাহসীতাৰ নিদৰ্শন দাঙি ধৰিছে মেজৰ বি সন্তোষ বাবুৱে। তেওঁ নিজৰ দেশৰ বাবে শ্বহীদ হৈছিল। এতিয়া ছলমানে লৈ আহিছে তেওঁৰ সাহসিকতাৰ কাহিনী, যাৰ আভাস এই টিজাৰত দেখা গৈছে। অপূৰ্ব লখীয়াৰ পৰিচালিত ছবিখনত ছলমানৰ বিপৰীতে অভিনয় কৰিছে চিত্ৰংগদা সিঙে।

টিজাৰত সম্পূৰ্ণ নতুন ৰূপত দেখা গৈছে ছলমানক। ইয়াৰ আগতে ছবিত তেওঁক এনে ৰূপত খুব কমেইহে দেখা গৈছে। ভিডিঅ’টোৰ আৰম্ভণিতে ছলমানৰ এটা সংলাপ যিয়ে যিকোনো ব্যক্তিৰ মনত দেশপ্ৰেম জগাই তুলিবলৈ যথেষ্ট। তেওঁ কয়, “সৈনিকসকল মনত ৰাখিব, আঘাত পালে পদক বুলি হিচাপে কৰক আৰু মৃত্যু দেখা পালে চেলুট কৰক।” তাৰ পিছত তেওঁ কয়, “বীৰছা মুণ্ডা কী জয়, বজৰংবলী কী জয়, ভাৰত মাতা কী জয়।”

টিজাৰটোত এটা দেশপ্ৰেমমূলক গীতো আছে, যাৰ কথাত লিখা আছে- “মোৰ দেশ মোৰ জীৱন, মোৰ ভাৰত মহান।” টিজাৰটোৰ শেষত ছলমানৰ আন এটা সংলাপ আছে, য’ত তেওঁ কয়, “মৃত্যুলৈ ভয় কিয়? এদিনটো আহিবই।” ছলমানৰ অনুৰাগীসকলে এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ২০২৬ চনৰ ১৭ এপ্ৰিলত এই অপেক্ষাৰ অন্ত পৰিব। ছলমানে কেৱল মুখ্য চৰিত্ৰত অভিনয় কৰাই নহয়, ইয়াৰ প্ৰযোজনাও কৰিছে। ছলমানৰ প্ৰডাকচন কোম্পানী ছলমান খান ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখন।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব