Salman Khan Birthday: আজি বলীউডৰ ভাইজান চলমান খানৰ জন্মদিন, নিশা ফাৰ্ম হাউচত কৰিলে উদযাপন

Salman Khan Birthday: আজি বলীউডৰ ছুপাৰষ্টাৰ চলমান খানৰ জন্মদিন। অভিনেতাগৰাকীৰ বিশেষ অনুষ্ঠানটো উদযাপন কৰিবলৈ তেওঁৰ পানভেল ফাৰ্ম হাউচত উপস্থিত হৈছিল বহু ডাঙৰ তাৰকা।

Salman Khan Birthday: আজি বলীউডৰ ভাইজান চলমান খানৰ জন্মদিন, নিশা ফাৰ্ম হাউচত কৰিলে উদযাপন
Updated On: 

27 Dec 2025 10:55 AM

Salman Khan: আজি ২৭ ডিচেম্বৰত বলীউডৰ ভাইজান চলমান খানৰ জন্মদিন। অনুৰাগীয়ে অভিনেতাগৰাকীৰ জন্মদিনত শুভেচ্ছাৰে উপচাই পেলাইছে। ঘনিষ্ঠ বন্ধুৰ সৈতে বিশেষ দিনটো উদযাপন কৰে চলমানে। অভিনেতাগৰাকীয়ে পাপাৰাজীৰ সৈতে কেক কাটি থকা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতে কেইবাজনো চলচ্চিত্ৰ তাৰকাও তেওঁৰ ফাৰ্ম হাউচলৈ অহা দেখা গ’ল।

আজি চলমান খানৰ ৬০ সংখ্যক জন্মদিন। মাজনিশা অভিনেতাজনে নিজৰ ফাৰ্ম হাউচৰ বাহিৰত পাপাৰাজীৰ সৈতে কেক কাটি তেওঁলোকৰ সৈতে ফটোৰ বাবে পোজ দিয়ে। অৱশ্যে সেই সময়ত অভিনেতাগৰাকীৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। তেওঁ অনুৰাগীৰ বাবে কেক কাটিছিল।

স্কুটিৰে পাৰ্টিত উপস্থিত হয় মিকা সিং

দৰাচলতে মিকা সিং স্কুটাৰেৰে ভাইজানৰ পানভেল ফাৰ্ম হাউচত উপস্থিত হৈছিল। পাপাৰাজীয়ে তেওঁক দেখি কাৰণ সুধিলে, তেওঁ ক’লে, পাঁচ কিলোমিটাৰ দূৰত তেওঁৰ গাড়ীখন বেয়া হৈছে, যাৰ বাবে তেওঁক এইদৰে আহিবলৈ বাধ্য। মিকা সিঙৰ উপৰিও চলমান খানৰ পৰিয়াল, ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী আৰু তেওঁৰ পৰিয়ালকো দেখা গৈছিল চলমান খানৰ ফাৰ্ম হাউচত। সঞ্জয় দত্তও গভীৰ নিশা অভিনেতাগৰাকীৰ ফাৰ্ম হাউচত উপস্থিত হয়। তেওঁৰ ঘনিষ্ঠ বন্ধু ইউলিয়া ভান্টুৰকো কেইবাটাও ভাইৰেল ভিডিঅ’ত দেখা গৈছিল।

চলমানৰ ফাৰ্ম হাউচত কোন উপস্থিত

চলমান খানৰ বিশেষ অনুষ্ঠানত দেখা গ’ল প্ৰাক্তন প্ৰেমিকা তথা অভিনেত্ৰী সংগীতা বিজলানীকো। অভিনেত্ৰীগৰাকীক যথেষ্ট গ্লেমাৰাছ দেখা গৈছিল। আন আন চলচ্চিত্ৰ তাৰকাৰ কথা ক’বলৈ গ’লে জেনেলিয়া ডিছৌজাক তেওঁৰ সন্তানৰ সৈতে দেখা গৈছিল। ৰাকুল প্ৰীত সিঙেো আহিছিল। বাকী পৰিয়ালটোৰ কথা ক’বলৈ গ’লে চলমান খানৰ পিতৃ চেলিম আৰু ভতিজা আৰহান আৰু নিৰ্বাণ একেলগে উপস্থিত হয়, লগতে আৰবাজ আৰু সোহেইল।

সপোনত কাজিয়াৰ দৃশ্য দেখিছে নেকি? এনে সপোন শুভ নে অশুভ, জানি লওক এতিয়াই
শীতকালত এইসমূহ বনৌষধি হৈ পৰে আপোনাৰ দেহৰ বন্ধু, বৃক্ক হৈ থাকে পৰিষ্কাৰ
নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...