বিতৰ্কত Saiyaara ৰ অভিনেত্ৰী, পোহৰলৈ আহিছে আচল কাণ্ড!

‘ছায়াৰা’ ছবিৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী অনীত পদ্দা এটা ভিডিঅ’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। ভিডিঅ’টো সম্ভৱতঃ কিছুদিনৰ আগৰ, য’ত অনীতে উৰ্দুৰ বিখ্যাত কবিতা ‘লাব পে আতি হায় দুয়া’ গান হিচাপে পৰিবেশন কৰিছিল।

বিতৰ্কত Saiyaara ৰ অভিনেত্ৰী, পোহৰলৈ আহিছে আচল কাণ্ড!
Published: 

12 Oct 2025 | 03:11 PM

‘ছায়াৰা’ ছবিৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী অনীত পদ্দা এতিয়া এটা ভিডিঅ’ৰ বাবে চৰ্চিত হৈছে। ভিডিঅ’টো সম্ভৱতঃ কিছুদিনৰ আগৰ, য’ত অনীতে উৰ্দুৰ বিখ্যাত ‘লাব পে আতি হ্যেয়’ কবিতাটো গীত হিচাপে পৰিবেশন কৰিছিল। বহুতে দাবী কৰিছিল যে ই মূলতঃ ইছলামিক ধৰ্মীয় কবিতা। কিন্তু আচলতে ই শিশুৰ বাবে কবিতা।

একাংশ অনুৰাগীয়ে আৰম্ভণিৰে পৰাই অনীতৰ সপক্ষে মাত মাতিছে। “কেৱল কবিতাহে, ইয়াত একো দোষ নাই” — এই ধৰণৰ প্ৰতিক্ৰিয়াও দিছে একাংশই। চিনেমা জগতৰ কোনেও অনীতক একেবাৰে চিনি পোৱা নাছিল। নায়িকাগৰাকীৰ হঠাৎ জনপ্ৰিয়তা লাভ কৰিছিল ‘ছয়াৰা’ ছবিখনৰ পৰা। ছবিখনত নায়ক আহন পাণ্ডেৰ সৈতে নায়িকাগৰাকীৰ কেমিষ্ট্ৰী সকলোৱে ভাল পাইছিল। ইয়াৰ মাজতে এই পুৰণি ভিডিঅ’টোক কেন্দ্ৰ কৰি এক বিতৰ্কৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে নায়িকা মৃণাল ঠাকুৰৰ এটা ভিডিঅ’ক কেন্দ্ৰ কৰি আলোচনা হৈছিল। বিপাশা বসুক লৈ মন্তব্য কৰিছিল অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে এক বিবৃতিত কয় যে যদিও তেওঁ আগতেও এনেধৰণৰ কথা কৈছিল, এতিয়া এই বিষয়ে আলোচনা কৰি লাভ নাই।

যদিও অনীতক কেন্দ্ৰ কৰি আলোচনা আৰম্ভ হৈছিল, সত্যটো কিন্তু সকলোৱে জানে। গতিকে, অনীতক লৈ নেতিবাচক মন্তব্য কৰা বহুতেই ছ’চিয়েল মিডিয়াত ভুল শুধৰাই দিছে। একাংশই আকৌ মৰমৰ অভিনেত্ৰী অনীতক সুধিছে যে তেওঁক আকৌ কেতিয়া আহান পাণ্ডেৰ সৈতে ছবিত দেখা পাব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব