জীৱনদান দিয়া অট’ চালকক সাক্ষাৎ ছেইফ আলী খানৰ! জনালে ধন্যবাদ…

Saif Ali Khan With Auto Driver: চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়ত তেজেৰে লুটুৰী-পুটুৰী হৈ আছিল ছেইফ আলী খান। IANSৰ মতে ছেইফ আলী খানে অট' চালকজনক প্ৰতিশ্ৰুতি দিছে যে  তেওঁৰ বকেয়া ভাড়া পৰিশোধ কৰা হ'ব আৰু যেতিয়াই প্ৰয়োজন হয় তেওঁক সহায় কৰিব। সেই সময়ত ছেইফৰ মাতৃ শৰ্মিলা ঠাকুৰো তাত উপস্থিত আছিল। তেওঁ অট' চালকজনক ধন্যবাদ জনাইছিল।

জীৱনদান দিয়া অট চালকক সাক্ষাৎ ছেইফ আলী খানৰ! জনালে ধন্যবাদ...

অট' চালকক সাক্ষাৎ ছেইফ আলী খানৰ

Published: 

22 Jan 2025 | 06:52 PM

অভিনেতা ছেইফ আলী খানক মঙলবাৰে লীলাৱতী চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ অৱস্থাত আছে অভিনেতাগৰাকী । জানুৱাৰীৰ ১৬ তাৰিখে এজন অজ্ঞাত ব্যক্তিয়ে চুৰি কৰাৰ উদ্দেশ্যৰে ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰিছিল। তাৰ পাছতে ছেইফে তেওঁৰ মুখামুখি হোৱাত দুয়োজনৰ মাজত হতাহতি হৈছিল। সেই সময়তে ব্যক্তিজনে অভিনেতাজনক ছুৰীৰে আঘাত কৰিছিল। ছুৰীকাঘাটত ছেইফ আলী খান যথেষ্ট আঘাতপ্ৰাপ্ত হৈছিল। তাৰ পাছত এজন অট’ চালকে ছেইফক লীলাৱতী চিকিৎসালয়লৈ লৈ গৈছিল।

কিছু সুস্থ হোৱাৰ পাছতে অট’ চালকজনক লগত কৰিছে ছেইফে। ইতিমধ্যে ভাইৰেল হৈ পৰিছে  ছেইফ আলী খান আৰু অট’ চালক ভজন সিং ফটো। ফটোখনত  অট’ চালক ভজনক ছেইফৰ সৈতে দেখা গৈছে।  অট’ চালকজনে ছেইফক চিকিৎসালয়লৈ লৈ যোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছত সকলোৱে জানিবলৈ চেষ্টা কৰিছিল যে সেই নিশা ছেইফ কেনেকুৱা অৱস্থাত আছিল। পাছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভজন সিঙে কয় যে, তেওঁ আনকি গ’ম পোৱা নাছিল যে সেইজন ছেইফ আলী খান। অৱশ্যে  চিকিৎসালয়লৈ গৈ তেওঁ এই কথা জানিব পাৰিছিল। সেই সময়ত ভজন সিঙে ছেইফৰ পৰা এটকাও লোৱা নাছিল।

চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়ত তেজেৰে লুটুৰী-পুটুৰী হৈ আছিল ছেইফ আলী খান। IANSৰ মতে ছেইফ আলী খানে অট’ চালকজনক প্ৰতিশ্ৰুতি দিছে যে  তেওঁৰ বকেয়া ভাড়া পৰিশোধ কৰা হ’ব আৰু যেতিয়াই প্ৰয়োজন হয় তেওঁক সহায় কৰিব। সেই সময়ত ছেইফৰ মাতৃ শৰ্মিলা ঠাকুৰো তাত উপস্থিত আছিল। তেওঁ অট’ চালকজনক ধন্যবাদ জনাইছিল।

অৱশ্যে, চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত ফৈজান আনছাৰীয়ে অট’ চালকজনক পুৰস্কাৰ হিচাপে ১১ হাজাৰ প্ৰদান কৰে। এতিয়া ছেইফে অটো চালকজনক লগ কৰি তেওঁক ধন্যবাদ জনাইছে। যদি ছেইফক সঠিক সময়ত চিকিৎসালয়লৈ লৈ যোৱা নহ’লহেঁতেন, হয়তো বিষয়টো গুৰুতৰ হ’লহেঁতেন। পইচাৰ কথা নভবাকৈ ভজন সিঙে ছৈফক যাবলৈ দিছিল। তেওঁ কৈছিল যে টকা কাৰো জীৱনতকৈ বেছি গুৰুত্বপূৰ্ণ নহয়।

ইফালে ছৈফক লগ পাই উভতি অহা ভজনে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ছৈফক সাক্ষাতৰ কথা উল্লেখ কৰে। তেওঁ কয় যে তেওঁক ছেইফৰ পিএয়ে ফোন কৰি লগ কৰিবলৈ মাতিছিল। তাৰ পাছত তেওঁ ছেইফক লগ কৰিবলৈ আহে। ভজনে কয় যে তেওঁ ছেফক প্ৰায় ৪-৫ মিনিটৰ বাবে লগ কৰিছিল। লগতে কয় যে ছেইফৰ পৰিয়ালে তেওঁক ধন্যবাদ জনাইছে। ছেইফৰ মাক শৰ্মিলা ঠাকুৰেও তেওঁক ধন্যবাদ জনাইছিল। ভজনে আকৌ কয় যে ছেইফ আৰু তেওঁৰ পৰিয়ালক লগ পাই আনন্দিত হৈছে। তাত তেওঁক যথেষ্ট সন্মান কৰা হৈছে।

লগ পোৱা সময়ত ভজনে ছেইফক  কৈছিল যে তেওঁ সোনকালে সুস্থ হ’ব লাগে, এয়া তেওঁৰ আৰু প্ৰতিজন অনুৰাগীৰ প্ৰাৰ্থনা। ভজনে কয় যে তেওঁ ছেইফৰ সৈতে এখন চেলফি উঠিছিল, যিটো সকলোৰে সপোন। আক্ৰমণৰ নিশাৰ কথা উল্লেখ কৰি ভজনে কয় যে সেই সময়ত ছেইফে যথেষ্ট বিষ অনুভৱ কৰিছিল, সেয়েহে তেওঁ ভজনক লাহে লাহে অট’খন চলাবলৈ অনুৰোধ কৰিছিল। তেওঁ সেই সময়ত ভয় খাই আছিল যে আঘাতপ্ৰাপ্ত ছেইফক যিমান সম্ভৱ সোনকালে চিকিৎসালয়লৈ নিব লাগে যাতে তেওঁৰ জীৱন ৰক্ষা পৰে।

 

আপেলে কি কি শাৰীৰিক সমস্যা দূৰ কৰে জানেনে?
বাজেট শব্দটো ক'ৰ পৰা আহিছে? বাজেটৰ অৰ্থ কি জানক
এচিডিটিৰ পৰা উপশম পাব পাৰি, প্ৰতিদিনে ৰাতিপুৱা ক’লা কিচমিচ খালে আৰু কি কি লাভ হয়?
ৰাতিপুৱা খালী পেটত পানী খালে কি হয়? দূৰ হ'ব এই ৫ টা সমস্যা
৭৭ সংখ্যক গণৰাজ্য দিৱসত বায়ুসেনাৰ AIR SHOW
কৰ্তব্য পথত উজলিল অসমৰ টেৰাকোটা শিল্প
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান