ছেইফ আলী খানক ছুৰীকাঘাত কৰা ব্যক্তিজনৰ ফটো ধৰা পৰিছে CCTV ত, আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

ছাইফ আলী খানক আক্ৰমণ কৰা ব্যক্তিজনৰ প্ৰথমখন ফটো পোহৰলৈ আহিছে। যোৱা নিশা এজন অচিনাক্ত ব্যক্তিয়ে তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু ছেইফক ছয়বাৰকৈ ছুৰীৰে আঘাত কৰে। বৰ্তমান ছেইফৰ লীলাৱতী হাস্পতালত ৰখা হৈছে।

ছেইফ আলী খানক ছুৰীকাঘাত কৰা ব্যক্তিজনৰ ফটো ধৰা পৰিছে CCTV ত, আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

ছেইফ আলী খানক ছুৰীকাঘাত কৰা ব্যক্তিজনৰ ফটো ধৰা পৰিছে CCTV ত

Updated On: 

16 Jan 2025 | 07:35 PM

বলীউডৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খান। যোৱা নিশা ছেইফ আলী খানক তেওঁৰ বাসগৃহত আক্ৰমণ কৰা হয়। চুৰিৰ উদ্দেশ্যেৰে তেওঁৰ ঘৰত প্ৰৱেশ কৰা এজন অচিনাক্ত লোকে ছয়বাৰকৈ ছুৰীৰে আঘাত কৰে অভিনেতাজনক। এতিয়া অভিযুক্তৰ প্ৰথম ছবিখন পোহৰলৈ আহিছে। চিৰিৰ পৰা নামি অহাৰ সময়ত চিচি টিভিত বন্দী হৈছে ফটো। বৰ্তমান আৰক্ষীৰ ১০টা দলে এই গোচৰৰ তদন্তত নিয়োজিত হৈছে। চিচি টিভিত অভিযুক্তই পলাই যোৱা দেখা গৈছে।

পিঠিত এটা বেগ লৈ আছে আক্ৰমণকাৰীয়ে। পুৱতি নিশা ২:৩৩ বজাৰ এয়া চিচি টিভিৰ ফুটেজ। এই ফুটেজৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে অভিযুক্তক বিচাৰি আছে। আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰিছে। লগতে তদন্তত অভিযুক্তৰ নাম আৰু ঘৰো পোহৰলৈ আহিছে। আৰক্ষী তেওঁৰ ঘৰলৈ গৈছিল যদিও, তেওঁ ঘৰত নাছিল। আৰক্ষীৰ ১০টা আৰক্ষীৰ দলৰ উপৰিও ৮টা অপৰাধ শাখাৰ দলেও এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।

ক’ত আঘাত পালে?

লীলাৱতী চিকিৎসালয়ৰ চিকিৎসকে জানিবলৈ দিয়া মতে, ছেইফ আলী খানৰ মেৰুদণ্ডত ছুৰীৰ এটা অংশ ৰৈ গৈছিল বুলি কৈছে, যিটো অস্ত্ৰোপচাৰৰ জৰিয়তে আঁতৰাই পেলোৱা হৈছে। ছুৰীখন আঁতৰাই মেৰুদণ্ডৰ পৰা ওলোৱা তৰল পদাৰ্থ বন্ধ কৰিবলৈ অস্ত্ৰোপচাৰ কৰিছিল। তেওঁৰ বাওঁহাত আৰু ডিঙিৰ সোঁফালে আৰু দুটা অংশত ঘাঁ বেছি গভীৰকৈ হৈছে, যিটো প্লাষ্টিক চাৰ্জাৰীৰ জৰিয়তে ঠিক হ’ব।”

চিকিৎসকে লগতে কয় যে, “ছৈফ আলী খানৰ অৱস্থা সুস্থিৰ। তেওঁৰ স্বাস্থ্যৰ উন্নত হৈছে আৰু তেওঁ সম্পূৰ্ণৰূপে বিপদৰ পৰা আঁতৰি আছে। আমি কাইলৈ ​​ৰাতিপুৱা তেওঁক আই চি ইউৰ পৰা উলিয়াই আনিম আৰু এদিন বা দুদিন পিছত তেওঁক ডিচচাৰ্জ কৰাৰ পৰিকল্পনা কৰিছোঁ।”

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...