কি কাৰণে বাংলাদেশী শ্বৰীফুলে আক্ৰমণ কৰিছিল ছেইফ আলী খানক?

Saif ali khan: ছেইফ আলী খান আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। দাবী অনুসৰি শ্বৰীফুল ইছলাম এজন বাংলাদেশী নাগৰিক।

কি কাৰণে বাংলাদেশী শ্বৰীফুলে আক্ৰমণ কৰিছিল ছেইফ আলী খানক?

ছেইফ আলী খান

Published: 

19 Jan 2025 | 05:13 PM

বলিউড অভিনেতা ছেইফ আলী খানৰ আক্ৰমণৰ ঘটনাৰে জড়িত অভিযুক্ত শ্বৰীফুল শ্বাহজাদক আদালতে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। গ্ৰেপ্তাৰৰ পাছতেই আৰক্ষীয়ে অভিযুক্তক আদালতত হাজিৰ কৰাই ১৪ দিনৰ জিম্মা বিচাৰিছিল। ইয়াৰ মাজতে আৰক্ষীয়ে অভিযুক্ত সন্দৰ্ভত এক ডাঙৰ দাবী উত্থাপন কৰি কৈছে যে ছেইফ আলী খানৰ আক্ৰমণৰ ঘটনা কোনো আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ এক অংশ হ’ব পাৰে। আৰক্ষীৰ  এই মন্তব্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে অভিযুক্তৰ অধিবক্তাই এই দাবী খণ্ডন কৰিছে।

ন্যায়ালয়ত চৰকাৰী পক্ষৰ অধিবক্তাই কৈছে যে, সন্দেহ হয় অভিযুক্তৰ উদ্দেশ্য কেৱল চুৰি কৰাই নাছিল। ইয়াৰ অন্তৰালত অন্য কোনো কাৰণ থকা যেনহে লাগে। ইয়াৰ বিপৰীতে অভিযুক্তক প্ৰতিনিধিত্ব কৰা অধিবক্তাই কয় যে অভিযুক্ত বাংলাদেশী নহয়। অভিযুক্ত ভাৰতীয় নাগৰিক আৰু সেই কথা প্ৰমাণ কৰিবলৈ তেওঁৰ হাতত যথেষ্ঠ প্ৰমাণ আছে। অভিযুক্ত যুৱকজনৰ পূৰ্বে পূৰ্বতে কোনো অপৰাধজনিত ঘটনাৰ ৰেকৰ্ড নাই। গতিকে তেওঁ পেচাগত অপৰাধী নহয়।

চৰকাৰী অধিবক্তাই কয় যে,  অভিযুক্তই প্ৰাণনাশী আক্ৰমণ সংঘটিত কৰিছে। তেওঁ বাংলাদেশী নাগৰিক আৰু যোৱা ৬ মাহ ধৰি তেওঁ মুম্বাইত অবৈধভাৱে বাস কৰি আছিল। তেওঁ অন্য কেইবাটাও ঘৰৰ ওপৰত নজৰ ৰাখিছিল। ইয়াৰোপৰি এই কাণ্ডত তেওঁক কোনোৱে সহায় কৰা যেন লাগে। এয়া এক তদন্তৰ বিষয় আৰু ইয়াৰ ৰহস্য ভেদ হোৱা অত্যন্ত আৱশ্যক।

তেওঁ কয় যে, এইটো এটা আন্তঃৰাষ্ট্ৰীয় বিষয় হ’ব পাৰে আৰু ইয়াৰ লগত অধিকলোক জড়িত থাকিব পাৰে। এয়াও জনা আৱশ্যক যে এয়া কোনো গেঙৰ অংশ নেকি?  এনে নিৰাপদ এপাৰ্টমেন্টত কেনেকৈ অভিযুক্ত সোমাবলৈ সক্ষম হ’ল বুলি তেওঁ প্ৰশ্ন কৰে। অপৰাধ সংঘটিত কৰিবলৈ তেওঁ কিয় চেলিব্ৰেটিৰ ঘৰ বাছি লৈছিল সেয়া জনা আৱশ্যক বুলি কয়। লগতে তেওঁৰ যিসমূহ কাপোৰত তেজ লাগি আছিল সেয়া উদ্ধাৰ কৰা আৱশ্যক বুলি কয় অধিবক্তাগৰাকীয়ে। অভিযোগ অনুসৰি, অবৈধভাৱে শ্বৰীফুলে ভাৰতত প্ৰৱেশ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ নাম সলনি কৰি বিজয় দাস ৰাখিছিল।

ইফালে অভিযুক্ত মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদৰ অধিবক্তা সন্দীপ শ্বেখানে কয় যে, ছেইফ আলী খানে কেতিয়াও এনে কোনো মন্তব্য প্ৰদান কৰা নাই যাৰ ফলত তেওঁৰ অন্য দেশৰ পৰা কোনো ভাবুকি আহিব পাৰে। তেওঁৰ বিৰুদ্ধে কোনো আন্তঃৰাষ্ট্ৰীয় গোচৰ নাই।ইয়াৰোপৰি অভিযুক্ত পূৰ্বতে বাংলাদেশত আছিল, কিন্তু এতিয়া বহু বছৰ ধৰি তেওঁ ভাৰতত আছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ছেইফ আলী ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই আক্ৰমণ কৰিছিল অভিনেতাগৰাকীক। এই ঘটনাৰ ফলত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ছেইফ আলী খান এতিয়াও হাস্পাতালত ভৰ্তি হৈ আছে। জানিব পৰা মতে অভিযুক্তই চোকা অস্ত্ৰৰে ছেইফক ৬ বাৰ আক্ৰমণ কৰিছিল আৰু ইয়াৰে দুটা আঘাত গুৰুত্বৰ আছিল। অভিযোগ অনুসৰি ছেইফক আক্ৰমণ কৰা অভিযুক্ত এজন বাংলাদেশী নাগৰিক। অৱশ্যে কি কাৰণে অভিযুক্তই এই আক্ৰমণ সংঘটিত কৰিছিল, ইয়াৰ উদ্দেশ্য কি আছিল বা আন্তঃৰাষ্ট্ৰীয় বিষয় জড়িত আছে নেকি এইসকলো দিশবোৰ আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ ছেইফ আলী খানক আক্ৰমণ দুৰ্বৃত্তৰ, লীলাৱতী চিকিৎসালয়ত ভৰ্তি…

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...