‘কৃ্ষ্ণ’ৰ পিছতেই ‘কৰ্ণ’ আছিল সুদৰ্শন পুৰুষ, স্মৃতি সুঁৱৰি ক’লে দ্ৰৌপদীয়ে

"নীতিশ ভৰদ্বাজৰ পিছত চেটত আটাইতকৈ ধুনীয়া মানুহ আছিল পংকজ ধীৰ। পংকজ এজন সংযত ব্যক্তি।" বি আৰ চোপ্ৰাৰ মহাভাৰতত দ্ৰৌপদীৰ চৰিত্ৰ ৰূপায়ন কৰা ৰূপা গাংগুলীৰ প্ৰতিক্ৰিয়া।

কৃ্ষ্ণৰ পিছতেই কৰ্ণ আছিল সুদৰ্শন পুৰুষ, স্মৃতি সুঁৱৰি কলে দ্ৰৌপদীয়ে

পংকজ ধীৰৰ মৃত্যুত শোক প্ৰকাশ ৰূপা গাংগুলীৰ

Published: 

17 Oct 2025 13:28 PM

বি আৰ চোপ্ৰা পৰিচালিত ‘মহাভাৰত’ ধাৰাবাহিকখনৰ কৰ্ণ চৰিত্ৰত অভিনয় কৰা অভিনেতা পংকজ ধীৰৰ ৬৮ বছৰ বয়সত দেহাৱসান ঘটে। সেই ধাৰাবাহিকখনত দ্ৰৌপদী চৰিত্ৰত অভিনয় কৰা ৰূপা গাংগুলীয়ে শেহতীয়াকৈ এক মন্তব্য কৰিছে পংকজ ধীৰৰ সন্দৰ্ভত। অভিনেতাজনৰ অসুস্থতাৰ বিষয়ে একো নাজানে বুলি কয় ৰূপা গাংগুলীয়ে।

ৰূপাই কয় যে বহু বছৰ আগতে তেওঁ লগ পাইছিল পংকজক। মাজে মাজে মেছেজৰ জৰিয়তেহে যোগাযোগ আছিল তেওঁলোকৰ মাজত। পংকজ ধীৰ (কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা)ক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ প্ৰশংসাও কৰে অভিনেত্ৰী ৰূপা গাংগুলীয়ে।

এক সাক্ষাতৰ সময়ত ৰূপাই কয়, “নীতিশ ভৰদ্বাজৰ পিছত চেটত আটাইতকৈ ধুনীয়া মানুহ আছিল পংকজ ধীৰ ।” তেওঁ আৰু কয় যে পংকজ এজন “সংযত ব্যক্তি”। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলে ৰূপাই।

কৰ্কট ৰোগৰ সৈতে যুঁজি ৬৮ বছৰ বয়সত মৃত্যু হয় পংকজ ধীৰৰ। ৰূপাই কয়, “এবছৰমান আগতে টেক্সট মেছেজৰ জৰিয়তে তেওঁৰ লগত কথা পাতিছিলো। কিন্তু তেওঁ কেতিয়াও নিজৰ বেমাৰৰ কথা কোৱা নাছিল।” কথা কওঁতে ৰূপাৰ মাতটো থোকাথুকি হৈ পৰিল ৷ বহু বছৰ আগতে যদিও শেষবাৰৰ বাবে লগ পাইছিল, তথাপিও মাজে মাজে টেক্সট মেছেজৰ জৰিয়তে যোগাযোগ কৰিছিল বুলিও কয় অভিনেত্ৰীগৰাকীয়ে।

মহাভাৰতৰ দৃশ্য গ্ৰহণৰ সময়ৰ স্মৃতিবোৰ মনত পেলাই ৰূপাই কয়, ‘নীতিশ ভৰদ্বাজৰ পিছত পংকজ ধীৰ আটাইতকৈ ধুনীয়া আছিল। মই তেওঁক মেছেজ কৰিছিলোঁ, ‘তুমি মোৰ আটাইতকৈ ধুনীয়া বন্ধু।’ তেওঁ জানিছিল যে মানুহে তেওঁক হেণ্ডচাম বুলি কয়। কিন্তু তেওঁ আছিল এজন অতি ভদ্ৰ, নম্ৰ ব্যক্তি। পুনীত ইছৰ (দুৰ্যোধন) আৰু ফিৰোজ খান (অৰ্জুন) আছিল অলপ দুষ্ট। কিন্তু পংকজ সদায় শান্ত হৈ আছিল।”

উল্লেখযোগ্য যে ‘মহাভাৰত’ৰ কৃষ্ণ নীতিশ ভৰদ্বাজৰ সৈতে ৰূপাৰ নিয়মীয়া যোগাযোগ আছে। চহৰলৈ আহিলেও ৰূপাক সাক্ষাৎ কৰে নীতিশে।’ এই কথা নিজেই প্ৰকাশ কৰিছে ৰূপা গাংগুলীয়ে।

বি আৰ চোপ্ৰাৰ ‘মহাভাৰত’ত কৰ্ণ আৰু ‘চন্দ্ৰকান্তা’ ধাৰাবাহিকত ৰাজা শিৱদত্তৰ চৰিত্ৰত অভিনয় কৰা পংকজ ধীৰক সৰ্বাধিক স্মৰণ কৰা হয় কৰ্ণৰ ৰূপত। বুধবাৰে সন্ধিয়া পৱন হংস শ্মশানত পংকজ ধীৰৰ শেষকৃত্য অনুষ্ঠান অনুষ্ঠিত হয়। ছলমান খান, সিদ্ধাৰ্থ মালহোত্ৰা, আৰবাজ খান, পুনীত ইছৰ আৰু মিকা সিং, ফিৰোজ খানকে ধৰি বহু কেইগৰাকী তাৰকাই তেওঁক শ্ৰদ্ধা জনায়।

ৰক্তহীনতা কেনেকৈ প্ৰাকৃতিকভাৱে নিৰাময় কৰিব পাৰি ? ফলপ্ৰসূ প্ৰতিকাৰ আৰু খাদ্যৰ পৰামৰ্শ
ব্ৰহ্মযোগত ধনতেৰাচ! এই ৪ ৰাশিৰ বাবে অত্যন্ত শুভ, জানক...
মূলা খাই পাত পেলাই দিয়াৰ ভুল নকৰিব, এনে গুণাৱলীৰ কথা জানিলে হ’ব আচৰিত
কি কি অভ্যাসে বৈবাহিক জীৱনত বিভেদ আনে জানেনে?