বঙাইগাঁৱত বাতিল ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী, উত্তেজিত জনতা…

Roi Roi Binale Release Today: আজি মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। কিন্তু বঙাইগাঁৱৰ ছবিগৃহত দৰ্শনী বাতিল হয়, যাৰ পাছতে উত্তেজিত হৈ পৰে জনতা।

বঙাইগাঁৱত বাতিল ৰৈ ৰৈ বিনালেৰ দৰ্শনী, উত্তেজিত জনতা...

ৰৈ ৰৈ বিনালে

Published: 

31 Oct 2025 12:10 PM

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ চাবলৈ নাপাই ক্ষোভিত হৈ পৰিছে একাংশ জনতা। জানিব পৰা মতে, বঙাইগাঁৱৰ জলী মেক্সৰ অডি-২ৰ দৰ্শনীত যান্ত্ৰিক বিজুতি হয়। যাৰ বাবে পুৱা ৭ টা বজাৰ দৰ্শনী বাতিল কৰিবলগীয়া হয়। শেষবাৰৰ বাবে জুবিন গাৰ্গৰ অন্তিমখন ছবি চাবলৈ বৰপেটা, চাপৰ আদিৰ পৰা ছবিগৃহটোলৈ মানুহ আহিছিল। পুৱা ৩ বজাৰ পৰা লাইনত থিয় দি আছিল যদিও চাবলৈ নাপালে ছবিখন। যাৰ বাবে উত্তেজিত হৈ পৰে জনতা।

ছবি বাতিল হোৱাক লৈ জুবিন অনুৰাগীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়। একাংশ অনুৰাগীয়ে কয় যে, “আমাক টিকটৰ পইচা ঘূৰাই নালাগে। কিন্তু কিয় এনেকুৱা হ’ল। আজি পুৱা ৩ বজাতে উঠি চিনেমা চাবলৈ আহিছিলো। কিন্তু চাবলৈ নাপালো”। ইয়াৰ পাছতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

উল্লেখ্য যে, ৩১ অক্টোবৰত মুক্তি লাভ কৰে জুবিন গাৰ্গৰ মিউজিকেল ছবি ৰৈ ৰৈ বিনালে। ছবিখনৰ প্ৰথম দৰ্শনী পুৱা ৪.২৫ বজাত গুৱাহাটীৰ মেট্ৰিক্সত হয়। দেশৰ কেইবাটাও ছবিগৃহত ৰৈ ৰৈ বিনালেৰ দৰ্শনী ৰখা হৈছে। অসমৰ প্ৰায় সকলো ছবিগৃহতে আজি চলিছে ৰৈ ৰৈ বিনালে।

সকলো ছবিগৃহতে দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে। আগন্তুক কেইবাটাও দিনৰ বাবে অসমৰ কেইবাটাও ছবি গৃহত টিকট প্ৰায় সম্পূৰ্ণ বিক্ৰী হৈছে। জুবিন গাৰ্গৰ সপোনৰ প্ৰজেক্ট আছিল ৰৈ ৰৈ বিনালে। এই ছবিখনত জুবিনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। জুবিনৰ মৃত্যুৰ পূৰ্বেই প্ৰায় সম্পূৰ্ণ হৈছিল ছবিখনৰ কাম। কিন্তু আজি ছবিখন উপভোগ কৰিবলৈ জুবিন গাৰ্গ কায়িকভাৱে আমাৰ ওচৰত নাই।

 

 

 

অন্য খবৰ পঢ়কমুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, পুৱা ৪.২৫ বজাত প্ৰথম দৰ্শনী…

বৈবাহিক জীৱনৰ সুখ বঢ়াব মাত্ৰ ২ ফুটা নহৰুৱে, কেইদিনমানৰ ভিতৰতে দেখিব চমৎকাৰ!
মূত্ৰাশয় আৰু বৃক্কৰ পাথৰৰ বাবে প্ৰস্ৰাৱ সঘনাই অনুভৱ হয় নেকি?
কিমান তাৰিখৰ পৰা ৰাজ্যত আৰম্ভ হ'ব ৰাস মহোৎসৱ? সবিশেষ জানক
শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ এই ৩টা ব্যায়াম দৈনিক কৰক