কেতিয়া মুক্তি লাভ কৰিব ‘ৰামায়ণ’? হনুমান আৰু ৰাৱণৰ চৰিত্ৰত কাক দেখিবলৈ পোৱা যাব…

যোৱা কেইটামান বছৰ ধৰি বিশেষ চৰ্চাত আছে ৰণবীৰ কাপুৰ আৰু ছাই পল্লবীৰ আহিবলগীয়া ছবি ৰামায়ণ। এই ছবিখন সন্দৰ্ভত এতিয়ালৈকে বিশেষ কোনো তথ্য পোহৰলৈ অহা নাই যদিও শেহতীয়াকৈ ৰণবীৰ কাপুৰে কিছু মন্তব্য কৰিছে। এই ছবিখনত ছানী দেউল আৰু কে জি এফৰ যশকো দেখিবলৈ পোৱা যাব বুলি আশা কৰা হৈছে।

কেতিয়া মুক্তি লাভ কৰিব ৰামায়ণ? হনুমান আৰু ৰাৱণৰ চৰিত্ৰত কাক দেখিবলৈ পোৱা যাব...

ৰামায়ণ

Published: 

08 Dec 2024 | 10:29 PM

প্ৰায় এবছৰ পাছত দৰ্শকৰ মাজলৈ আহিব ৰণবীৰ কাপুৰ আৰু ছাই পল্লবীৰ অভিনীত ছবি ‘ৰামায়ণ’। এই ছবিখনৰ বিষয়ে এতিয়াও নিৰ্মাতাসকলে বিশেষ কোনো তথ্য প্ৰকাশ কৰা নাই যদিও শেহতীয়াকৈ কিছু কথা পোহৰলৈ আহিছে। যোৱা প্ৰায় এইবছৰ ধৰি এই ছবিখন বিশেষ চৰ্চাত আছে। ইয়াৰ মাজতে নীতিশ তিৱাৰীৰ পৰিচালিত ছবি ‘ৰামায়ণ’ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে ৰণবীৰ কাপুৰে। শেহতীয়াকৈ ছৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হোৱা ৰেড চী ফিল্ম ফেষ্টিভেলত বক্তা হিচাপে অংশ লৈছিল ৰণবীৰ কাপুৰে। এই সময়ছোৱাত তেওঁ ‘ৰামায়ণ’ৰ ওপৰত কিছু বিশেষ মন্তব্য কৰে।

এই চলচ্চিত্ৰ মহোৎসৱৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত ‘ৰামায়ণ’ নামৰ ছবিখনৰ বিষয়ে মন্তব্য কৰে ৰণবীৰে। তেওঁ কয়, বৰ্তমান মই ৰামায়ণৰ বাবে কাম কৰি আছো, যি এক অতি বিশেষ কাহিনী। মোৰ শৈশৱৰ বন্ধু নমিত মালহোত্ৰাই এই ছবিখন নিৰ্মাণ কৰি আছে। এই ছবিখনত বহু ভাল ভাল কলা কুশলী আছে, বহু সৃষ্টিশীল মানুহ জড়িত হৈ আছে।ইয়াৰ পৰিচালনা কৰিছে নিতেশ তিৱাৰীয়ে।

ইয়াৰ মাজতে ৰণবীৰ কাপুৰে এয়াও কয় যে, ‘ৰামায়ণ’ৰ প্ৰথম খণ্ডৰ শ্বুটিং সম্পূৰ্ণ হৈছে। ইয়াৰ দুটা খণ্ড হ’ব। প্ৰথম খণ্ডৰ শ্বুটিং ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু দ্বিতীয় খণ্ডৰ শ্বুটিং শীঘ্ৰেই আৰম্ভ হ’ব। ৰামায়ণৰ ৰামৰ চৰিত্ৰত অভনয় কৰিবলৈ পাই মই বহু সুখী অনুভৱ কৰিছো। এয়া মোৰ বাবে এক সপোনৰ দৰে। এই ছবিখনত সকলো আছে। ইয়াৰ পৰাই ভাৰতীয় সংস্কৃতি কি সেয়া জানিব পৰা যায়। ইয়াৰ উপৰিও পৰিয়ালৰ মহত্ব আৰু স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ বিষয়েও কোৱা হৈছে।

কেতিয়া মুক্তি লাভ কৰিব

ৰামায়ণ ছবিখনৰ প্ৰথম খণ্ড ২০২৬ চনৰ দীপাৱলীৰ সময়ত আৰু দ্বিতীয় খণ্ডটো ২০২৭ চনৰ দীপাৱলীত ছবিগৃহত মুক্তি পাব। যোৱা মাহত নিৰ্মাতাসকলে ইয়াৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছিল। ছবিখনত ছানী দেউল আৰু কেজিএফৰ তাৰকা যশো থাকিব বুলি কোৱা হৈছে। অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই। খবৰ অনুসৰি ছবিখনত যশে ৰাৱণ আৰু ছানী দেউলে  চৰিত্ৰত হনুমানৰ চৰিত্ৰত অভিনয় কৰিব। ছবিখনত লক্ষ্মণৰ চৰিত্ৰত দেখা যাব টিভি অভিনেতা ৰবি ডুবেক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব