পুনৰ বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু ৰাখী সাৱন্ত, দৰা পাকিস্তানৰ! ঠিক কৰিছে Honeymoon Destination

ড্ৰামা কুইন ৰাখী সাৱন্তে পুনৰ এবাৰ নিজৰ এক সিদ্ধান্তৰে সকলোকে আচৰিত কৰি তুলিছে!ৰাখীয়ে নিজৰ ব্যক্তিগত জীৱনৰ বাবে সামাজিক মাধ্যমত চৰ্চা লাভ কৰে। আদিল দুৰানীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত এইবাৰ ৰাখী সাজু পাকিস্তানৰ অভিনেতা আৰু প্ৰযোজক ডোডী খানৰ সৈতে বিয়া হ'বলৈ।

পুনৰ বিবাহপাশত আৱদ্ধ হবলৈ সাজু ৰাখী সাৱন্ত, দৰা পাকিস্তানৰ! ঠিক কৰিছে  Honeymoon Destination

পুনৰ বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু ৰাখী সাৱন্ত

Published: 

31 Jan 2025 | 03:53 PM

ৰাখী সাৱন্ত মানেই যেন বিতৰ্ক! এইবাৰ তৃতীয় বিবাহক লৈ বাতৰিৰ শিৰোনাম দখল কৰিছে ৰাখী সাৱন্তে। ৰাখীয়ে প্ৰেমিক আদিল দুৰানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ সকলোকে আচৰিত কৰিছিল। আদিলৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত পুনৰ বিয়ালৈ মন মেলিছে ৰাখীয়ে।

TV9ৰ সৈতে শ্বেয়াৰ কৰা তথ্যত ৰাখীয়ে দাবী কৰিছে যে, তেওঁৰ আদিলৰ লগত প্ৰথমখন বিবাহৰ বিচ্ছেদ ঘটিছিল আৰু ৰিতেশৰ সৈতে ৰাখীৰ বিবাহ কেৱল নাটকহে আছিল। বাস্তৱ জীৱনত তেওঁ মাত্ৰ ৰাখীৰ ভাল বন্ধু আৰু বিগ বছৰত প্ৰৱেশ কৰিবলৈ ৰিতেশক স্বামী বুলি কৈছিল। বহুলোকে ৰিতেশক ৰাখীৰ প্ৰথম স্বামী বুলি ভাবিছিল, কিয়নো বিগ বছ-১৫তো স্বামী-স্ত্ৰী হিচাপে চিনাকী দিছিল।

এতিয়া যদি ৰাখীয়ে ডোডী খানৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, তেন্তে সেয়া ৰাখীৰ দ্বিতীয় বিবাহ হ’ব। ৰাখীয়ে বিয়াৰ পৰিকল্পনা আমাৰ সৈতে শ্বেয়াৰ কৰিছে।

ৰাখী সাৱন্তই কয়, এতিয়া তেওঁ বিয়া হ’ব, কাজিয়া নহয়। ভাৰতত বসবাস কৰা লোকক ইমান মনোৰঞ্জন দিছে, গতিকে এতিয়া পাকিস্তানৰ জনসাধাৰণক মনোৰঞ্জন দিব বিচাৰিছে। ৰাখীয়ে কয়, “এইটো কি সকলোৱে আৰম্ভ কৰিছে প্ৰথম বিয়া, দ্বিতীয় বিবাহ। আমাৰ ভাৰতত মহিলাসকলে ৫-৫, ১০-১০ বাৰ বিয়া পাতিছে। মই মাত্ৰ এবাৰহে বিয়া হৈছোঁ। ৰিতেশ আৰু মই বিগ বছলৈ গৈছিলোঁ, সেইখন কোনো বিবাহ নাছিল, কেৱল শ্ব’টোৰ বাবে কৰা নাটক আছিল। ইচ্ছা কৰিলে ৰিতেশক সুধিব পাৰে আমাৰ বিয়া হৈছিল নেকি? আমি মাত্ৰ ভাল বন্ধু।

ৰাখীয়ে বিয়াৰ পৰিকল্পনাৰ বিষয়ে ক’লে,

ৰাখী সাৱন্তে কয় যে, “অনুগ্ৰহ কৰি মোক বদনাম নকৰিব। ডোডী জীক বহুদিনৰ পৰা চিনি পাওঁ। তেওঁ পাকিস্তানৰ অতি ডাঙৰ ছুপাৰষ্টাৰ। তেওঁ মোক বিয়াৰ প্ৰস্তাৱ দিছে আৰু মইও তেওঁক সন্মতি দিছোঁ। আগতে কৰা ভুলবোৰ পুনৰাবৃত্তি নকৰোঁ। এই মুহূৰ্তত আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে। আমাৰ বিয়া পাকিস্তানত হ’ব, আমাৰ অভ্যৰ্থনা ভাৰতত আৰু আমাৰ হানিমুন হ’ব ছুইজাৰলেণ্ডত। আমি ডুবাইত, পাকিস্তানত আৰু ভাৰততো থাকিম।”

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...