মোৰ কৰ্ম আধৰুৱা কৰিলে দেউতাই শান্তি নাপাব: পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি মঞ্চলৈ উভতিল চন্দন ডেকা

এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল অভিনেতা চন্দন ডেকা। সোমবাৰেও আছিল নাটক, কিন্তু নাটক আৰম্ভ হোৱাৰ কেইটামান মুহূৰ্তৰ পূৰ্বে চন্দনে লাভ কৰিলে অবাঞ্চিত খবৰটো। ভ্ৰাম্যমাণৰ মঞ্চত অভিনয় কৰি থকাৰ সময়তে আহিছিল পিতৃৰ বিয়োগৰ খবৰ। পাঠশালাৰ এখন হাস্পতালৰ মৃত্যু হয় চন্দন ডেকাৰ পিতৃ প্ৰবীণ চন্দ্ৰ ডেকাৰ।

মোৰ কৰ্ম আধৰুৱা কৰিলে দেউতাই শান্তি নাপাব: পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি মঞ্চলৈ উভতিল চন্দন ডেকা

পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি পুনৰ মঞ্চলৈ উভতিল চন্দন ডেকা

Updated On: 

06 Nov 2024 12:07 PM

এফালে পিতৃৰ মৃত্যু, আনফালে থিয়েটাৰত পুত্ৰৰ অভিনয়! এয়া জানো সহজ? সঁচাই এজন শিল্পীৰ জীৱন বৰ বিচিত্ৰ! পিতৃৰ মৃত্যুৰ শোক বুকুতে সামৰি দৰ্শকক মনোৰঞ্জন দিয়া এগৰাকী বিশেষ অভিনেতা চন্দন ডেকা।  নিজৰ কৰ্মৰ প্ৰতি থকা অপৰিসীম দায়বদ্ধতা বাবে চৰ্চা লাভ কৰিছে এইজন ভ্ৰাম্যমাণৰ অভিনেতাই। কিছুমানে যদি সমালোচনা কৰিছে কিছুমানে আকৌ তেওঁৰ সাহসক শলাগ লৈছে।

এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল অভিনেতা চন্দন ডেকা। সোমবাৰেও আছিল নাটক, কিন্তু নাটক আৰম্ভ হোৱাৰ কেইটামান মুহূৰ্তৰ পূৰ্বে চন্দনে লাভ কৰিলে অবাঞ্চিত খবৰটো।ভ্ৰাম্যমাণৰ মঞ্চত অভিনয় কৰাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আহিছিল পিতৃৰ বিয়োগৰ খবৰ। পাঠশালাৰ এখন হাস্পতালৰ মৃত্যু হয় চন্দন ডেকাৰ পিতৃ প্ৰবীণ চন্দ্ৰ ডেকাৰ। মঙলদৈৰ থিয়েটাৰৰ পেণ্ডেল পোৱাৰ পিছতহে চন্দনে লাভ কৰে পিতৃৰ বিয়োগৰ খবৰ। পিতৃৰ মৃত্যুৰ খবৰৰ পিছতো, একমাত্ৰ নাটক উপভোগ কৰিব ৰৈ থকা দৰ্শকৰ বাবেই বুকুত এসাগৰ দুখ লৈ , বিষাদৰ চকুপানীবোৰ ধৰি ৰাখি হাঁহি হাঁহি হ’লেও সংলাপ প্ৰক্ষেপণ কৰে অভিনেতাজনে। দুখৰ সময়তো সুখৰ অভিনয় কৰি দৰ্শকক আমোদ দিলে অভিনেতাজনে।

নাটক শেষ কৰি নিশাই পাঠশালা অভিমুখে ৰাওনা হয় বৰপুত্ৰ চন্দন ডেকা। পাঠশালাৰ পৰা পিতৃৰ নিথৰ দেহ লৈ ৰাওনা হ’ল স্ব-গৃহ গোৱালপাৰালৈ। মঙলদৈৰ গেৰিমাৰী সন্মিলিত যুৱ মঞ্চই আমন্ত্ৰণ ক্ৰমে সোমবাৰে আছিল ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰথম নিশাৰ নাট। অভিনেতা চন্দন ডেকাৰ পিতৃৰ বিয়োগৰ খবৰে নাটকখনৰ সৈতে জড়িত সকলো কলা-কুশলীৰ লগতে নাটক উপভোগ কৰিবলৈ অহা দর্শককো ম্ৰিয়মান কৰি তোলে। ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰেক্ষাগৃহতে চন্দনৰ পিতৃক শ্ৰদ্ধাঞ্জলি জনাই থিয়েটাৰখনৰ সমূহ কলা-কুশলীয়ে।

নাটক শেষ হোৱাৰ পিছত চন্দন ডেকাৰ পিতৃক সকলোৱে শ্ৰদ্ধা জনাই আৰু দৰ্শককো সকলো কথা বিৱৰি কয় চম্পক শৰ্মাই। ৰাজলক্ষ্মী থিয়েটাৰৰ অভিনেতা চন্দন ডেকাৰ অতুলনীয় কৰ্তব্যনিষ্ঠাক সকলোৱে শলাগ লয়। মঙলবাৰে সম্পন্ন হয় চন্দন ডেকাৰ পিতৃৰ শেষকৃত্য।

ইফালে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পিছতে পুনৰ মঞ্চত হাঁহি-ধেমালি কৰি অভিনয় কৰিলে চন্দন ডেকাই। এই সন্দৰ্ভত অভিনেতাজনে কয়, “এটা কাৰণতেই মই অভিনয় কৰিব পাৰিছোঁ, সেয়া হৈছে দেউতাৰ সাহস। দেউতাই কৈছিল, তই কৰ্মত সফল হ’লেহে মই শান্তি পাম। মোৰ কৰ্ম আধৰুৱা কৰিলে দেউতাই শান্তি নাপাব। যাৰ কাৰণে দেউতাক মোৰ বুকুৰ মাজত ৰাখি মই অভিনয় কৰি আছোঁ। মই যেতিয়া অভিনয় কৰি আছোঁ দেউতাই মোক চাই আছে। দেউতাক সন্মুখত ৰাখি মই কৰ্মতো দিবলৈ চেষ্টা কৰিছোঁ।”

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...