তুমি ডাঙৰ অভিনেত্ৰী হ’ব নোৱাৰা, কাৰণ একেবাৰে সৰু তোমাৰ…ৰাধিকা আপ্তে প্ৰকাশ কৰিলে ভয়ংকৰ অভিজ্ঞতা…

বলীউডত বহুতে ভাল বেয়া কিছুমান অভিজ্ঞতাৰ সন্মুখীন হ'বলগীয়া হয়। অভিনেত্ৰী ৰাধিকা আপ্তেও পৃথক নহয়। তেওঁ টাইপ কাষ্টিঙৰ বিষয়ে মুকলিকৈ মত প্ৰকাশ কৰে । লগতে কয় যে, একাংশই কেনেকৈ তেওঁৰ শৰীৰৰ অংগৰ আকাৰ সলনি কৰিব কৈছিল।

তুমি ডাঙৰ অভিনেত্ৰী হব নোৱাৰা, কাৰণ একেবাৰে সৰু তোমাৰ...ৰাধিকা আপ্তে প্ৰকাশ কৰিলে ভয়ংকৰ অভিজ্ঞতা...

ৰাধিকা আপ্তে

Updated On: 

06 Jul 2025 18:46 PM

বলীউডৰ জগতখন বহু ৰহস্যৰে ভৰা।কোৱা হয়, বলীউডৰ জগত বাহিৰৰ পৰা যিমান ৰঙীণ দেখি, ভিতৰৰ পৰা সিমানেই লেতেৰা। এই ছবিজগতত ভৰি দিয়াৰ পাছত বহুতে বহু ভাল-বেয়া পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। বলীউডত ভৰি দিয়াৰ পিছত কাষ্টিং কাউচৰ বলি  হোৱাতো সাধাৰণ কথা। অৱশ্যে কাৰোবাৰ খ্যাতিত যদি পিতৃ বা আন কোনো সম্পৰ্কীয়ৰ হাত থাকে তেতিয়া কথা বেলেগ। কিন্তু বলীউডৰ সৈতে পৰিয়ালৰ কোনো সম্পৰ্ক নথকা একাংশই বহু ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হয়।

কোনোৱে নিজৰ ছালৰ ৰঙক লৈ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়, আন কোনোৱে নিজৰ শৰীৰৰ আকৃতি, উচ্চতা আদিৰ ওপৰত প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়।পূৰ্বতে চেলিব্ৰিটিসকলে এই বিষয়ে বৰ বেছি মাত মতা নাছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। সাহসী বক্তব্য দিবলৈ কোনেও বিশেষ সংকোচ অনুভৱ নকৰে।

যাৰ বাবে অভিনেত্ৰী ৰাধিকা আপ্তেই এই বিষয়ে মুকলিকৈ কয়।  ৰাধিকা বলীউডৰ এগৰাকী সাহসী অভিনেত্ৰী বুলিয়ে জনা যায়। তেওঁ ৰাজহুৱাকৈ প্ৰকাশ কৰে যে কেনেকৈ বলীউডত ভৰি দিয়াৰ পিছত ৰাধিকাই প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল ।এই প্ৰশ্ন আছিল তেওঁৰ নাক আৰু স্তনৰ আকৃতিক লৈ। তেওঁৰ নাকৰ আকৃতি বহুতে ভাল পোৱা নাছিল। ঠিক তেনেদৰে অভিনেত্ৰী ৰাধিকা আপ্তেক জনোৱা হৈছিল যে, তেওঁৰ স্তন সৰু, যাৰ বাবে বাবে তেওঁ ডাঙৰ অভিনেত্ৰী হ’ব নোৱাৰে।

টাইপ কাষ্টিঙৰ বিষয়ে মুকলিকৈ মত প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে। লগতে এয়াও কয় যে, তাৰ পাছতে তেওঁ এটাৰ পিছত আন এটা চৰিত্ৰ নাকচ কৰিছে। কাৰণ হ’ল বেছিভাগেই তেওঁৰ চেহেৰাৰ ওপৰত ভিত্তি কৰি তেওঁ অভিনয় কৰিবলগীয়া চৰিত্ৰটোৰ সিদ্ধান্ত লয়। এটা সময়ত ৰাধিকা আপ্তে কেৱল দৰিদ্ৰ চৰিত্ৰৰ বাবেহে উপযোগী হ’ব বুলি ভবা হৈছিল। বহুতে ভাবিছিল গাঁৱৰ চৰিত্ৰৰ বাবে তেওঁ উপযুক্ত হ’ব।

ইয়াৰ পাছত ‘বদলাপুৰ’ চিনেমাখন কৰাৰ পাছতে বহুতে ভাবিছিল যে তেওঁ কেৱল যৌন কৰ্মীৰ চৰিত্ৰৰ বাবেহে উপযোগী হ’ব। আনকি একেধৰণৰ চৰিত্ৰৰ অফাৰ আহিছিল, কিন্তু সেয়া তেওঁ নাকচ কৰিছিল।

‘আন্ধাদুন’ ছবিখন নিৰ্মাণ কৰাৰ সময়ত ৰাধিকা ছবি জগতত নতুন আছিল। তেতিয়া অভিনেত্ৰীগৰাকীক ফোন কৰি নাকৰ আকৃতি সলনি কৰাৰ লগতে স্তনৰ আকাৰ বৃদ্ধি কৰিবলৈ কোৱা হৈছিল।ৰাধিকাই কয়- “মোক ফোন কৰি নাকৰ আকৃতি সলনি কৰিবলৈ কৈছিল। লগতে স্তনৰ আকাৰ বৃদ্ধি কৰাৰ কথা কৈছিল। কৈছিল স্তনৰ আকাৰ বৃদ্ধি নহ’লে মই ভাল অভিনেত্ৰী হ’ব নোৱাৰো’। তেওঁ কয়,  যাৰ  পাছত তেওঁ যথেষ্ট আচৰিত হৈ পৰিছিল।  অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁ তেওঁলোকৰ কথা মানি লোৱা নাছিল।

উল্লেখ্য যে, এতিয়ালৈকে বহু ছবিত অভিনয় কৰিছে ৰাধিকা আপ্তে। এই সকলোবোৰৰ বাহিৰেও যে তেওঁ ছবি জগতত মৰ্যাদাৰে কাম কৰিব পাৰে তাৰ বহু প্ৰমাণ কৰি গৈছে। কিন্তু অভিনেত্ৰীগৰাকীয়ে এটা কথা স্বীকাৰ কৰে যে ৰাধিকা এসময়ত টাইপকাষ্টিঙৰ বলি হৈছিল।

 

 

অন্য খবৰ পঢ়কঃ অভিনেত্ৰী দীপিকা পাডুকনৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান? এই কামৰ বাবে দিব লাগিব বছৰি ৭৩ লাখ টকা…

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক