Pushpa 2 WW Box Office Collection Day 1: চৌদিশে ‘পুষ্পা ২’ৰ ধুমুহা! প্ৰথম দিনটোত বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ছবিখনে?

Pushpa 2 Worldwide Box Office Collection Day 1: বক্স অফিচত এক আলোড়নৰ সৃষ্টি কৰিছে আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানা অভিনীত 'পুষ্পা ২'য়ে। পুষ্পা ২'য়ে সকলো ভাৰতীয় ছবিক অতিক্ৰম কৰিছে। আল্লু অৰ্জুনৰ ছবিখনে বিশ্বজুৰি উপাৰ্জন কৰিছে প্ৰায় ৩০০ কোটি ।

Pushpa 2 WW Box Office Collection Day 1: চৌদিশে পুষ্পা ২ৰ ধুমুহা! প্ৰথম দিনটোত বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ছবিখনে?
Updated On: 

06 Dec 2024 | 04:45 PM

‘পুষ্পা ঝুকেকা নেহী,  ঝুকায়েগা… ।’   বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানা অভিনীত ‘পুষ্পা ২’য়ে। ছবিখনে মুক্তিৰ প্ৰথম দিনাই বহু ডাঙৰ ছবিৰ অভিলেখ ভংগ কৰিছে। অস্কাৰ বিজয়ী ছবি RRRয়েও ‘পুষ্পা ২’ৰ আগত হাৰ মানিবলৈ বাধ্য হৈছে। এতিয়া চৌদিশে কেৱল ‘পুষ্পা ২’ৰ গুঞ্জন শুনা গৈছে। এই ছবিখনে সেয়া কৰি দেখুৱাইছে যিভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত আন কোনো ছবিয়ে  কৰিব পৰা নাই। আল্লু অৰ্জুনৰ ছবিখনে সমগ্ৰ বিশ্বতে নিজৰ ছাপ ৰাখিছে। ছবিখনে প্ৰথম দিনাই বিশ্বজুৰি প্ৰায় ৩০০ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

‘পুষ্পা ২’ মুক্তিৰ পূৰ্বে, সকলোৰে মনত প্ৰশ্ন আছিল যে এই ছবিখনে RRR, কল্কি, জৱান, পাঠানৰ প্ৰথম দিনটোত উপাৰ্জনৰ অভিলেখ ভংগ কৰিব পাৰিবনে।  এতিয়া ইয়াৰ উত্তৰটো ওলাই পৰিছে। ‘পুষ্পা 2’য়ে দক্ষিণৰ পৰা বলীউডলৈ সকলো ছবিৰ মুকলিৰ প্ৰথম দিনটোত উপাৰ্জনৰ অতিক্ৰম কৰিছে। এক প্ৰতিবেদন অনুসৰি, ‘পুষ্পা 2’য়ে বিশ্বজুৰি মুক্তিৰ প্ৰথম দিনাই ঐতিহাসিক ২৮২.৯১ কোটি টকা উপাৰ্জন কৰিছে।

পুষ্পা ২’য়ে সৃষ্টি কৰিছে ইতিহাস

এই পৰিসংখ্যাবোৰ শুনি  আনন্দিত হৈ পৰিছে আল্লু অৰ্জুন আৰু পৰিচালক সুকুমাৰ। আল্লু অৰ্জুনৰ ঘৰত দেৱালীৰ পৰিৱেশে বিৰাজ কৰিছে। য’ত অগণন আতচবাজী জ্বলোৱা হৈছে। সকলোৱে উদযাপন কৰিছে ‘পুষ্পা 2’ৰ ৰেকৰ্ড-ব্ৰেকিং উপাৰ্জন। মনোবালা বিজয়বালানে টুইটযোগে কয় যে, “পুষ্পা ২’য়ে ইতিহাস সৃষ্টি কৰিছে। এছ.এছ. ৰাজামৌলীৰ আৰ.আৰ.আৰ. ছবিখনক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ ডাঙৰ ভাৰতীয় অপেনাৰ হৈ পৰিছে।

বিশ্বজুৰি ‘পুষ্পা ২’ৰ সংগ্ৰহ

অন্ধ্ৰ প্ৰদেশ – ৯২.৩৬ কোটি টকা
তামিলনাডু – ১০.৭১ কোটি
কৰ্ণাটক – ১৭.৮৯ কোটি
কেৰালা – ৬.৫৬ কোটি টকা
উত্তৰ – ৮৭.২৪ কোটি টকা
বিদেশত – ৬৮.১৫ কোটি
মুঠ উপাৰ্জন – ২৮২.৯১ কোটি

‘পুষ্পা ২’য়ে ভংগ কৰিলে হিন্দী চিনেমাত প্ৰথম দিনৰ ৰেকৰ্ড

পুষ্পা ২: ৬৮ কোটি টকা
জৱান :৬৫.৫ কোটি
স্ত্ৰী 2: 55.40 কোটি
পাঠান: ৫৫ কোটি
এনিমেল: ৫৪.৭৫ কোটি

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব