কিমান উপাৰ্জন কৰিলে পুষ্পা-২য়ে? শ্বাহৰুখ-ৰনবীৰক পিছ পেলাই সকলো ৰেকৰ্ড ভংগৰ দৌৰত আল্লু অৰ্জুন

Pushpa 2 Box office collection: এটাৰ পাছত আনটো ৰেকৰ্ড ভংগ কৰিছে আল্লু অৰ্জুনৰ অভিনীত ছবি পুষ্পা-২ দ্যা ৰুলে। মুক্তিৰ ৭ টা দিনতেই বিশ্বব্যাপী ছবিখনে প্ৰায় ১০০০ কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হয়। ৰেকৰ্ড ভংগৰ ক্ষেত্ৰত ছবিখনৰ দৌৰ এতিয়াও অব্যাহত আছে।

কিমান উপাৰ্জন কৰিলে পুষ্পা-২য়ে? শ্বাহৰুখ-ৰনবীৰক পিছ পেলাই সকলো ৰেকৰ্ড ভংগৰ দৌৰত আল্লু অৰ্জুন

কিয় সৰ্বশ্ৰেষ্ঠ ছবিৰ দৌৰত আছে 'পুষ্পা ২'?

Published: 

12 Dec 2024 10:54 AM

এটাৰ পাছতো আনটো ৰেকৰ্ড ভংগ কৰি গৈছে আল্লু অৰ্জুনৰ অভিনীত ছবি ‘পুষ্পা-২ দ্যা ৰুল’ য়ে। মুক্তি লাভৰ মাত্ৰ ৫ দিনৰ ভিতৰতে ছবিখনে বিশ্বব্যাপী ১০০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে কম সময়ৰ ভিতৰত ১০০০ কোটি টকা উপাৰ্জন কৰা চিনেমা হিচাপে পৰিগণিত হয় পুষ্পা-২। এই সময়চোৱাত আল্লু অৰ্জুনে কেইবাগৰাকী নামী দামী অভিনেতাক পিছ পেলাই থৈ গ’ল। প্ৰথম ৭ দিনত পুষ্পা ২য়ে কিমান উপাৰ্জন কৰিলে আহক জানো-

ভাৰতত উপাৰ্জন

সাকনিলকৰ প্ৰতিবেদন অনুসৰি আল্লু অৰ্জুনৰ ‘পুষ্পা ২’ ছবিখনে ৭ নম্বৰ দিনটোত ভাৰতত প্ৰায় ৪২ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ ভিতৰত তেলেগুৰ পৰা ৯ কোটি, হিন্দীৰ পৰা ৩০ কোটি, তামিলৰ পৰা ২ কোটি আৰু কানাড়া- মালায়লমৰ পৰা ক্ৰমে ০.৬ কোটি আৰু ০.৪ কোটি উপাৰ্জন কৰিছে। ইয়াৰ লগে লগে মুক্তিৰ পৰা এতিয়ালৈকে ভাৰতত পুষ্পা- ২য়ে উপাৰ্জন কৰা ধনৰ পৰিমাণ হৈছেগৈ ৬৮৭ কোটি টকা। অতি সোনকালে ৭০০ কোটিৰ ঘৰত প্ৰৱেশ কৰিব ছবিখনে।

বৰ্তমানলৈ উপাৰ্জন

পুষ্পা-২ ছবিখন ৪ ডিচেম্বৰত পেইড প্ৰিভিউৰে আৰম্ভ হৈছিল। এই সময়চোৱাত ছবিখনে ১০.৬৫ কোটি টকা উপাৰ্জন কৰে। ৫ ডিচেম্বৰত বিশ্বব্যাপী ছবিখনে মুক্তি লাভ কৰে আৰু এই দিনটোত উপাৰ্জন কৰে ১৬৪.২৫ কোটি টকা। ইয়াৰ লগতে দ্বিতীয় দিনা পুষ্পা- ২য়ে ৯৩.৮ কোটি, তৃতীয় দিনা ১১৯.২৫ কোটি, চতুৰ্থ দিনা ১৪১.০৫ কোটি টকা উপাৰ্জন কৰে। শেহতীয়াকৈ সোমবাৰে ভাৰতত পুষ্পা-২য়ে ৬৪.৪৫ কোটি, মঙলবাৰে ৫১.৫৫ কোটি আৰু বুধবাৰে প্ৰায় ৪২ কোটি টকা উপাৰ্জন কৰে।

শ্বাহৰুখ- ৰনবীৰ পিছ পৰিল!

চৈকনিল্ক নামৰ এটা সংস্থাই প্ৰথম ৭ দিনত ছবিয়ে উপাৰ্জন কৰাৰ ধনৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকালৈ লক্ষ্য কৰিলে দেখা যায় যে পুষ্পা- ২ আছে সবাতোকৈ শীৰ্ষত। তথ্য অনুসৰি পুষ্পা-২য়ে প্ৰথম ৭ দিনত উপাৰ্জন কৰে ৩৯৮.১০ কোটি, শ্বাহৰুখ খানৰ জৱানে আয় কৰিছিল ৩২৭.৮৮ কোটি, শ্বাহৰুখ খানৰ পাঠানে আয় কৰিছিল ৩১৮.৫০ কোটি, ৰনবীৰ কাপুৰৰ এনিমেলে আয় কৰিছিল ৩০০.৮১ কোটি, ছানি দেউলৰ গদৰ ২ য়ে আয় কৰিছিল ২৮৪.৬৩ কোটি, শ্ৰদ্ধা কাপুৰৰ ষ্ট্ৰী -২য়ে আয় কৰিছিল ২৬৬.৩৫ কোটি, যশৰ কে জি এ ২য়ে আয় কৰিছিল ২৫৫.০৫ কোটি আৰু প্ৰভাসৰ অভিনীত বাহুবলী ২ য়ে আয় কৰিছিল ২৪৭.০০ কোটি।

পূজা-পাঠ কৰা লোকসকলৰ জীৱনত বেছি সমস্যা কিয় আহে? ক'লে প্ৰেমানন্দ মহাৰাজে...
জীৱনলৈ বেয়া দিন আহিলে কি কি অশুভ সংকেতে দেখা দিয়ে?
অসমীয়া কেলেণ্ডাৰ মতে শাওণৰ সোমবাৰ কেতিয়া?
শিৱৰ প্ৰিয় ফুল কি জানেনে? অৰ্পন কৰক শাওণ মাহত, পাব সুফল...