শ্বাহৰুখ খানৰ ‘পাঠান’য়ে প্ৰথম দিনটোত কৰিব নোৱাৰা কাম দশম দিনটোত কৰি দেখুৱালে ‘পুষ্পা 2’য়ে? চাওক বৰ্তমানলৈ কিমান উপাৰ্জন কৰিলে ছবিখনে..

Pushpa 2 Box Office Collection Day 10: আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দন্নাৰ ছবি 'পুষ্পা ২'য়ে বক্স অফিচত সাফল্যৰ গতি অব্যাহত ৰাখিছে।। ছবিখনে ইতিমধ্যে ২০২৪ বৰ্ষৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ ছবি হিচাপে প্ৰমাণিত হৈছে। জানক ছবিখনে বৰ্তমানলৈ কিমান উপাৰ্জন কৰিলে...

শ্বাহৰুখ খানৰ পাঠানয়ে প্ৰথম দিনটোত কৰিব নোৱাৰা কাম দশম দিনটোত কৰি দেখুৱালে পুষ্পা 2য়ে? চাওক বৰ্তমানলৈ কিমান উপাৰ্জন কৰিলে ছবিখনে..

১০ দিনত 'পুষ্পা 2'য়ে কিমান উপাৰ্জন কৰিলে?

Updated On: 

15 Dec 2024 11:03 AM

বৰ্তমান সময়ত সকলো ঠাইতে কেৱল এখন চলচ্চিত্ৰৰ বিষয়ে চৌদিশে চৰ্চা চলি থকা দেখা গৈছে। সেই ছবিখন হৈছে ‘পুষ্পা ২’। এই ছবিখনত আল্লু অৰ্জুনৰ এটা সংলাপ আছে, য’ত তেওঁ কয়, ‘ফায়াৰ নহী, ৱাইল্ড ফায়াৰ।’ চলচ্চিত্ৰখনে ইতিমধ্যে বহুতো ডাঙৰ অভিলেখ গঢ়িছে আৰু উপাৰ্জনৰ প্ৰক্ৰিয়া অব্যাহত আছে।

ঘৰুৱা বক্স অফিচৰ লগতে বিশ্বৰ বক্স অফিচতো ৯ দিনৰ ‘পুষ্পা ২’ প্ৰদৰ্শন অতি দৰ্শনীয় আছিল। একে সময়তে ছবিখনৰ দশম দিনৰ উপাৰ্জন প্ৰকাশ কৰা হৈছে। ১০ দিনৰ পাছতো  পুষ্পা ২এ বক্স অফিচত সাফল্যৰ গতি অব্যাহত ৰাখিছে। সমগ্ৰ দেশজুৰি ছবিখনে লাভ কৰিছে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। কেৱল দেশতে নহয়, বিশ্বজুৰি দেখা গৈছে পুষ্পা ২ৰ জনপ্ৰিয়তা। ছবিখনে দশম দিনা এনে কৃতিত্ব অৰ্জন কৰিছে, যিটো শ্বাহৰুখ খানৰ ‘পাঠান’কে ধৰি আন বহুতো চলচ্চিত্ৰই প্ৰথম দিনাই কৰিব নোৱাৰিলে।

পুষ্পা ২’ৰ ১০ দিনৰ উপাৰ্জন

চেকনিলকৰ মতে, দশম দিনা ছবিখনে ভাৰতৰ পৰা ৬২.৩ কোটি টকা সংগ্ৰহ কৰিছে। সুকুমাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। অৰ্থাৎ আজি পুষ্পা ২ ছবিগৃহলৈ অহাৰ দশম দিন হ’ল। মুক্তিৰ ইমান দিনৰ পিছতো কৰা উপাৰ্জনে দেখুৱায় যে ছবিখনৰ প্ৰতি এতিয়াও দৰ্শকৰ মাজত ষথেষ্ট উন্মাদনা আছে । ২০২৩ চনত মুক্তি লাভ কৰা শ্বাহৰুখ খানে ‘পাঠান’, যিখন  প্ৰাপ্ত এখন ব্লকবাষ্টাৰ ছবি, মুক্তিৰ প্ৰথম দিনাইও ৬২ কোটিৰ সীমা স্পৰ্শ কৰা নাছিল। প্ৰথম দিনা, ছবিখনে প্ৰায় 57 কোটি টকা উপাৰ্জন কৰিছিল।
পাঠানে দশম দিনা ঘৰুৱা বক্স অফিচৰ পৰা প্ৰায় ১৪ কোটি টকা উপাৰ্জন কৰিছিল।

ইফালে পুষ্পা ২’য়ে ভাৰতৰ ৮০০ কোটি ক্লাবত যোগদান কৰিছে। এতিয়ালৈকে ছবিখনে ৮২৪.৫ কোটি টকা সংগ্ৰহ কৰিছে, যাৰ ভিতৰত তেলেগুৰ ২৬২.৬ কোটি টকা, হিন্দীত ৪৯৮.১ কোটি টকা, তামিলৰ ৪৪.৯ কোটি টকা, কৰ্ণাটকত ৫.৯৫ কোটি টকা আৰু মালায়ালমৰ ১২.৯৫ কোটি টকা আছে। একে সময়তে, ছবিখন বিশ্বজুৰি ১২০০ কোটি ক্লাবত যোগদানৰ নিচেই কাষত আছে।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?