১৮+ ছিৰিজ ‘গণ্ডী বাত’এ কঢ়িয়াইছে বিপদঃ একতা কাপুৰৰ বিৰুদ্ধে POCSOৰ অধীনত ৰুজু গোচৰ
অ’টিটি প্লেটফৰ্ম অল্ট বালাজীত প্ৰচাৰিত ‘গণ্ডী বাত’ নামৰ এখন ১৮+ ছিৰিজে ব্যাপক চৰ্চা লাভ কৰি আহিছে। পিছে এই ছিৰিজটোৰ বাবে এতিয়া বিপদত পৰিছে দেশৰ টেলিভিচন জগতৰ বিখ্যাত প্ৰযোজক একতা কাপুৰ। কেৱল একতা কাপুৰেই নহয়, তেওঁৰ মাতৃ শোভা কাপুৰো এই ছিৰিজটোৰ বাবে এতিয়া আইনী ৰোষত পৰিছে।

প্ৰযোজক একতা কাপুৰ
সাম্প্ৰতিক সময়ত দেশত বহুকেইটা অ’টিটি প্লেটফৰ্মৰ জৰিয়তে প্ৰচাৰিত হয় ১৮+ ছবি বা ৱেব ছিৰিজ। তেনে এক জনপ্ৰিয় অ’টিটি প্লেটফৰ্ম হৈছে অল্ট বালাজী। এই অ’টিটি প্লেটফৰ্মটোত প্ৰচাৰিত ‘গণ্ডী বাত’ নামৰ এখন ১৮+ ছিৰিজে ব্যাপক চৰ্চা লাভ কৰি আহিছে। পিছে এই ছিৰিজটোৰ বাবে এতিয়া বিপদত পৰিছে দেশৰ টেলিভিচন জগতৰ বিখ্যাত প্ৰযোজক একতা কাপুৰ। কেৱল একতা কাপুৰেই নহয়, তেওঁৰ মাতৃ শোভা কাপুৰো এই ছিৰিজটোৰ বাবে এতিয়া আইনী ৰোষত পৰিছে। দুয়োৰে বিৰুদ্ধে POCSO আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ।
সূত্ৰ অনুসৰি, অ’টিটি প্লেটফৰ্ম অল্ট বালাজীৰ ৱেব ছিৰিজ ‘গণ্ডী বাত’ৰ ছিজন ৬ৰ এটা খণ্ডত এগৰাকী নাবালিকাৰ অশ্লীল দৃশ্য দেখুওৱা হৈছিল আৰু এই দৃশ্যটোৰ বাবে অল্ট বালাজীৰ পূৰ্বৰ প্ৰযোজক একতা কাপুৰ আৰু তেওঁৰ মাতৃ শোভা কাপুৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। ২০২১ চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত ‘অল্ট বালাজী’ত প্ৰচাৰিত এই ছিৰিজত এগৰাকী নাবালিকাৰ অশ্লীল দৃশ্য দেখা গৈছে বুলি অভিযোগত উল্লেখ কৰা হৈছে।
অৱশ্যে এই বিতৰ্কিত খণ্ডটো বৰ্তমান এই অল্ট বালাজী এপটোত ষ্ট্ৰীমিং হোৱা নাই। অভিযোগকাৰীয়ে দাখিল কৰা অভিযোগত লগতে চিগাৰেটৰ বিজ্ঞাপন ব্যৱহাৰ কৰি এই ৱেব ছিৰিজত মহাপুৰুষ আৰু সন্তসকলকো অপমান কৰা হৈছে। এনে দৃশ্যই তেওঁৰ অনুভূতিত আঘাত কৰা বুলি অভিযোগকাৰীয়ে উল্লেখ কৰা হৈছে। লগতে এই ছিৰিজৰ এটা খণ্ডত POCSOৰ নিয়ম উলংঘা কৰা কিছুমান দৃশ্য দেখুওৱা হৈছে বুলি অভিযোগ কৰা হৈছে।
এনে অভিযোগসমূহৰ পৰিপ্ৰেক্ষিতত POCSO ৰ লগতে তথ্য প্ৰযুক্তি আইন ২০০০, ৱ’মেন প্ৰ’হিবিচন এক্ট ১৯৮৬ আৰু চিগাৰেট-অন্য ধঁপাতজাতীয় সামগ্ৰী আইন ২০০৩ আদিও ছিৰিজটোৱে উলংঘা কৰাৰ অভিযোগ উঠিব পাৰে। একতা কাপুৰ আৰু তেওঁৰ মাতৃ শোভা কাপুৰৰ বিপক্ষে মুম্বাইৰ বৰিভালিৰ এম এইচ বি থানাত স্থানীয় এগৰাকী ব্যক্তিয়ে এই অভিযোগ দাখিল কৰিছে।
শেহতীয়াকৈ আদালতে শিশুৰ ওপৰত নিৰ্মিত অশ্লীল ছবিৰ ওপৰত কৰা মন্তব্যৰ পিছত দুয়োৰে বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে যোৱা ২৭ ছেপ্টেম্বৰত শিশুৰ সৈতে জড়িত অশ্লীল বিষয়বস্তুৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল। আদালতে শিশুৰ বাবে এনে অশ্লীল বিষয়বস্তু চোৱা, প্ৰকাশ কৰা আৰু ডাউনলোড কৰাটো অপৰাধ বুলি উল্লেখ কৰিছিল।