মৃত পাকিস্তানী কন্টেন্ট ক্ৰিয়েটৰৰ সৈতে শ্বাহৰুখ খানৰ সংযোগ! কি আছিল হত্যাৰ পূৰ্বে শ্বেয়াৰ কৰা ভিডিঅ’ত? | Pakistani tiktoker sana yousaf shot dead in islamabad made reel with shah rukh khan song Assam news - Assam Tv9

মৃত পাকিস্তানী কন্টেন্ট ক্ৰিয়েটৰৰ সৈতে শ্বাহৰুখ খানৰ সংযোগ! কি আছিল হত্যাৰ পূৰ্বে শ্বেয়াৰ কৰা ভিডিঅ’ত?

Updated On: 

03 Jun 2025 17:18 PM

শেহতীয়াকৈ যথেষ্ট চৰ্চাত আছে এগৰাকী পাকিস্তানী টিকটকাৰ। এই টিকটকাৰগৰাকী হৈছে ছানা ইউছুফ। শেহতীয়াকৈ গুলীয়াই হত্যা কৰা হৈছে ছানাক। অৱশ্যে এই ঘটনাৰ আঁৰৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই।

1 / 7বিগত কিছুদ্ন ধৰি সকলোতে চৰ্চিত হৈ আছে ছানা ইউছুফৰ নাম। পাকিস্তানৰ জনপ্ৰিয় কন্টেন্ট ক্ৰিয়েটৰ তথা টিকটকাৰ ছানাক শেহতীয়াকৈ গুলীয়াই হত্যা কৰা হৈছে।

বিগত কিছুদ্ন ধৰি সকলোতে চৰ্চিত হৈ আছে ছানা ইউছুফৰ নাম। পাকিস্তানৰ জনপ্ৰিয় কন্টেন্ট ক্ৰিয়েটৰ তথা টিকটকাৰ ছানাক শেহতীয়াকৈ গুলীয়াই হত্যা কৰা হৈছে।

2 / 7

ছানাৰ মৃত্যুৰ পিছত ইয়াৰ আঁৰত কি উদ্দেশ্য আছিল বুলি প্ৰশ্ন উত্থাপন হৈছে যদিও এতিয়াও আৰক্ষীয়ে এই বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। ছানাৰ বয়স আছিল মাত্ৰ ১৭ বছৰ।

3 / 7

২ জুনৰ নিশা ইছলামবাগৰ ঘৰত প্ৰৱেশ কৰি ছানাক গুলীয়াই হত্যা কৰা হয়। ইয়াৰ আঁৰত তেওঁৰ চিনাকি কোনো লোক জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে। যিজন তেওঁৰ ঘৰলৈ আলহী হৈ আহিছিল।

4 / 7

মৃত্যুৰ দিনা ৰাতিপুৱা ছানাই তেওঁৰ জন্মদিনৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল। এই ভিডিঅ'টোত তেওঁক বন্ধু-বান্ধৱীৰ সৈতে দেখা গৈছিল। সেই ভিডিঅ'টো শ্বাহৰুখ খানৰ গীতৰ ওপৰত বনোৱা হৈছে।

5 / 7

শেষৰটো ভিডিঅ’ পোষ্টত ছানাই শ্বাহৰুখ খানৰ ছবি ডংকিৰ "লুট পুত গয়া" শীৰ্ষক গীতটো বজোৱা দেখা গৈছে। অনুৰাগীসকলেও কমেণ্ট ছেকচনত ছানাক জন্মদিনৰ শুভেচ্ছা জনায়।

6 / 7

ছানাক ওচৰৰ পৰা দুবাৰকৈ গুলীচালনা কৰা হৈছিল। প্ৰতিবেদনত কোৱা হৈছে যে ছানাক গুলীয়াই হত্যা কৰা ব্যক্তিজনে কিছুদিন আগলৈকে ঘৰৰ বাহিৰত ছানাৰ সৈতে কথা পাতি আছিল। অৱশ্যে লোকজন এতিয়াও চিনাক্ত হোৱা নাই।

7 / 7

ইনষ্টাগ্ৰামৰ কথা ক’বলৈ গ’লে ৫ লাখৰো অধিক লোকে ছানাক ফ’ল’ কৰে। যিহেতু তেওঁৰ মৃত্যুৰ খবৰ ওলাইছে, তেতিয়াৰ পৰাই তেওঁৰ অনুৰাগীসকল অতি হতাশ হৈ পৰিছে আৰু ইয়াৰ আঁৰৰ কাৰণ জানিব বিচাৰিছে।

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব ? তৎক্ষণাত এই ঘৰৱা উপায় গ্ৰহণ কৰক...
কেৱল শৰীৰটো শীতল কৰাই নহয়, তুলসী গুটি খোৱাৰ উপকাৰিতা কি? জানক
ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নোহোৱা কৰাৰ উপায় কি ? বিপদত পৰা আগতে জানক...
ভুলতো নিশা এইসকল লোকে দাইল খাব নালাগে, জানক সকলো...