‘অপাৰেচন সেন্দুৰ’ ছবি নিৰ্মাণকলৈ অক্ষয় কুমাৰ-বিকি কৌশলৰ মাজত সংঘাত ! কি ক’লে টুইংকল খান্নাই ?

প্ৰকাশিত কিছু খবৰ অনুসৰি, ২ দিনত ৫০ জনতকৈ অধিক বলিউড ষ্টাৰে "অপাৰেচন সেন্দূৰ" শিৰোনাম পাবলৈ আবেদন কৰিছিল। এই সকলোবোৰৰ মাজতে ছ’চিয়েল মিডিয়াৰ এটা পোষ্টক লৈ দুখ প্ৰকাশ কৰিছে টুইংকল খান্নাই।

‘অপাৰেচন সেন্দুৰ’ ছবি নিৰ্মাণকলৈ অক্ষয় কুমাৰ-বিকি কৌশলৰ মাজত সংঘাত ! কি ক’লে টুইংকল খান্নাই ?

অক্ষয় কুমাৰ আৰু বিকি কৌশল

Updated On: 

19 May 2025 | 07:58 PM

ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধমূলক কাৰ্যৰ পিছত এইবাৰ বলিউডত অপাৰেচন সেন্দূৰৰ ওপৰত ছবি নিৰ্মাণৰ দৌৰ আৰম্ভ হৈছে । প্ৰকাশিত কিছু খবৰ অনুসৰি, ২ দিনত ৫০ জনতকৈ অধিক বলিউড ষ্টাৰে “অপাৰেচন সেন্দূৰ” শিৰোনাম পাবলৈ আবেদন কৰিছিল। এই সকলোবোৰৰ মাজতে ছ’চিয়েল মিডিয়াৰ এটা পোষ্টক লৈ দুখ প্ৰকাশ কৰিছে টুইংকল খান্নাই।

টাইমছ অৱ ইণ্ডিয়াৰ এটা লেখাত টুইংকল খান্নাই প্ৰকাশ কৰিছে যে, ছ’চিয়েল মিডিয়াত স্ক্ৰ’ল কৰি থাকোঁতে তেওঁ পঢ়িছিল যে, তেওঁৰ স্বামী অক্ষয় কুমাৰ আৰু অভিনেতা বিকি কৌশলৰ মাজত অপাৰেচন সেন্দূৰৰ ওপৰত ছবি নিৰ্মাণক লৈ বিবাদ আৰম্ভ হৈছে । ছবিখন কোনে নিৰ্মাণ কৰিব সেই সন্দৰ্ভত দুয়োৰে মাজত আৰম্ভ হৈছে সংঘাত। এইখিনি পঢ়াৰ লগে লগে টুইংকলে পোষ্টটোৰ বিষয়ে অক্ষয় কুমাৰ অৱগত কৰে ।

টুইংকলে যেতিয়া অক্ষয়ক ফোন কৰিছিল, তেতিয়া তেওঁ শ্বুটিং কৰি আছিল। অক্ষয়ে ফোনটো তুলি লোৱাৰ লগে লগে টুইংকলে সুধিলে, মই এইমাত্ৰ পঢ়িছো যে অপাৰেচন সেন্দূৰৰ ওপৰত ছবি নিৰ্মাণৰ বাবে আপোনাৰ আৰু বিকি কৌশলৰ লগত সংঘাত হৈছে । অক্ষয়ে তেওঁক ক’লে যে, এইটো ফেক নিউজ, মই এতিয়া শ্বুটিঙত আছোঁ, গতিকে পিছত ফোন কৰিম।

প্ৰথমতে টুইংকলে ভাবিছিল যে, তেওঁ এতিয়াই কথা ক’ব নিবিচাৰে আৰু ইয়াক এৰাই চলিছে। অৱশ্যে অক্ষয় ঘৰলৈ উভতি আহোঁতে টুইংকলে বুজি পালে যে অক্ষয়ে সঁচা কথা কৈছে। আচলতে চিনেমা এখনৰ বাবে অগ্নিকাণ্ডৰ দৃশ্য এটা চিত্ৰগ্ৰহণ কৰি থাকোঁতে তেওঁ এটা সৰু দুৰ্ঘটনাৰ বলি হৈছিল। এই কথা জানি টুইংকলে বুজি পালে যে, অক্ষয়ে মিছা কথা কোৱা নাই, সেই সময়ত তেওঁৰ ভৰি দুখন সঁচাকৈয়ে আঘাত পাইছিল ।

টুইংকলে এইটোও বুজি পাইছিল যে, বিকি-অক্ষয়ৰ যুঁজৰ বিষয়ে ছ’চিয়েল মিডিয়াত লিখা কথাবোৰ সঁচাকৈয়ে ভুৱা, ইয়াত কোনো সত্যতা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...