নোৰা ফাতেহীয়ে গোপনে কৰে এই কাম, মাতৃয়ে দিলে গালি!

Nora Fatehi: নৃত্যৰ বাবে বিশ্বজুৰি সুনাম অৰ্জন কৰিছে নোৰা ফাতেহীয়ে। শৈশৱৰ পৰাই নৃত্যৰ প্ৰতি আকৰ্ষিত। কিন্তু নোৰাৰ জীৱনৰ বহু কথা অনুৰাগীয়ে নাজানে।

নোৰা ফাতেহীয়ে গোপনে কৰে এই কাম, মাতৃয়ে দিলে গালি!

নোৰা ফাতেহীয়ে গোপনে কৰে এই কাম, মাতৃয়ে দিলে গালি!

Updated On: 

21 Aug 2025 19:46 PM

Nora Fatehi: নোৰা ফাতেহীয়ে নিজৰ নৃত্যৰ শৈলীৰে সকলোৰে হৃদয় জয় কৰিছে। বছৰ বছৰ আগতে কানাডাৰ পৰা বহু হেঁপাহ লৈ ভাৰতলৈ আহিছিল। নৃত্যৰ সপোন পূৰণ কৰাই নহয়, নোৰা বহু লোকৰ প্ৰেৰণাও হৈ পৰিছিল। নোৰাৰ জীৱনৰ লগত জড়িত বহু কথা আছে। এবাৰ তেওঁ মাতৃৰ পৰা মাৰ আৰু গালিও খাইছিল। এই যাত্ৰা নোৰাৰ বাবে সহজ নাছিল, বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

৩৩ বছৰীয়া নোৰা ফাতেহীৰ জন্ম কানাডাত। তাত অধ্যয়ন কৰা নোৰাই এটা সাক্ষাৎকাৰত কয় যে, তেওঁ আৰম্ভণিৰে পৰা নৃত্যৰ প্ৰতি আকৰ্ষিত আছিল। সৰুৰে পৰাই নাচিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে তেওঁক ক্ষীণ বুলি স্কুলত জোকাইছিল। কিন্তু, নৃত্যৰ চৰ্চা বন্ধ কৰা নাছিল।

স্কুলত নোৰা ফাতেহীৰ বিষয়েও কোৱা হৈছিল যে তেওঁ ভালদৰে নাচিব নাজানে। কিন্তু সেই একেজনী নোৰাই আজি সমগ্ৰ বিশ্বতে নৃত্যৰ ক্ষেত্ৰত এক ডাঙৰ আদৰ্শ হৈ পৰিছে। নোৰাই কৈছিল যে স্কুলত ভালকৈ নাচিব জনা সেই ছোৱালীবোৰক চাই আছিল। সিহঁতক নিজৰ গ্ৰুপত অন্তৰ্ভুক্ত হ’ব বিচাৰিছিল। কিন্তু, সেইটো নহ’ল। মুছলমান পৰিয়ালৰ অন্তৰ্গত নোৰাই ঘৰতে কোঠাৰ দুৱাৰ বন্ধ কৰি বহুত নৃত্যৰ অভ্যাস কৰিছিল।

মায়ে মোক জোৰেৰে মাৰিছিল

নোৰাৰ মাক-দেউতাক নৃত্যৰ বিৰোধী আছিল আৰু নৃত্য কৰাত আপত্তি কৰিছিল। অৱশ্যে নোৰাই কেতিয়াও নিজৰ এই চখটো এৰি দিয়া নাছিল। মাক-দেউতাকৰ চিন্তাধাৰাক মনত ৰাখি তেওঁলোকৰ পৰা গোপনে নাচিব পৰাকৈ এটা উপায় উলিওৱাৰ চেষ্টা কৰিলে। অৱশ্যে এদিন নোৰাৰ মাকে নাচি থকা দেখে আৰু খঙত বেয়াকৈ প্ৰহাৰ কৰিলে। কিন্তু, তেতিয়াও নোৰাই নাচ এৰি দিয়া নাছিল। অলপ ডাঙৰ হৈ নোৰাই পৰিয়াল এৰি ভাৰতলৈ আহি বলীউডত কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয়।

মদ্যপান কৰিলে মানুহ কিয় ফুলে ? উপশম পোৱাৰ উপায় জানক...
নিয়ন্ত্ৰণত থাকিব ব্লাড চুগাৰ! খালী পেটত এইদৰে খাওক নৰসিংহৰ পাত...
আপোনাৰ কলেষ্টেৰলৰ সমস্যা হ্ৰাস কৰিব পাৰে তুলসীয়ে! জানি লওক ব্যৱহাৰৰ সঠিক উপায়
প্ৰতিদিনে পুৱা তুলসী পানী খালে শৰীৰৰ কি কি লাভ হয়? জানক...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা