নোৰা ফাতেহীয়ে গোপনে কৰে এই কাম, মাতৃয়ে দিলে গালি!

Nora Fatehi: নৃত্যৰ বাবে বিশ্বজুৰি সুনাম অৰ্জন কৰিছে নোৰা ফাতেহীয়ে। শৈশৱৰ পৰাই নৃত্যৰ প্ৰতি আকৰ্ষিত। কিন্তু নোৰাৰ জীৱনৰ বহু কথা অনুৰাগীয়ে নাজানে।

নোৰা ফাতেহীয়ে গোপনে কৰে এই কাম, মাতৃয়ে দিলে গালি!

নোৰা ফাতেহীয়ে গোপনে কৰে এই কাম, মাতৃয়ে দিলে গালি!

Updated On: 

21 Aug 2025 | 07:46 PM

Nora Fatehi: নোৰা ফাতেহীয়ে নিজৰ নৃত্যৰ শৈলীৰে সকলোৰে হৃদয় জয় কৰিছে। বছৰ বছৰ আগতে কানাডাৰ পৰা বহু হেঁপাহ লৈ ভাৰতলৈ আহিছিল। নৃত্যৰ সপোন পূৰণ কৰাই নহয়, নোৰা বহু লোকৰ প্ৰেৰণাও হৈ পৰিছিল। নোৰাৰ জীৱনৰ লগত জড়িত বহু কথা আছে। এবাৰ তেওঁ মাতৃৰ পৰা মাৰ আৰু গালিও খাইছিল। এই যাত্ৰা নোৰাৰ বাবে সহজ নাছিল, বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

৩৩ বছৰীয়া নোৰা ফাতেহীৰ জন্ম কানাডাত। তাত অধ্যয়ন কৰা নোৰাই এটা সাক্ষাৎকাৰত কয় যে, তেওঁ আৰম্ভণিৰে পৰা নৃত্যৰ প্ৰতি আকৰ্ষিত আছিল। সৰুৰে পৰাই নাচিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে তেওঁক ক্ষীণ বুলি স্কুলত জোকাইছিল। কিন্তু, নৃত্যৰ চৰ্চা বন্ধ কৰা নাছিল।

স্কুলত নোৰা ফাতেহীৰ বিষয়েও কোৱা হৈছিল যে তেওঁ ভালদৰে নাচিব নাজানে। কিন্তু সেই একেজনী নোৰাই আজি সমগ্ৰ বিশ্বতে নৃত্যৰ ক্ষেত্ৰত এক ডাঙৰ আদৰ্শ হৈ পৰিছে। নোৰাই কৈছিল যে স্কুলত ভালকৈ নাচিব জনা সেই ছোৱালীবোৰক চাই আছিল। সিহঁতক নিজৰ গ্ৰুপত অন্তৰ্ভুক্ত হ’ব বিচাৰিছিল। কিন্তু, সেইটো নহ’ল। মুছলমান পৰিয়ালৰ অন্তৰ্গত নোৰাই ঘৰতে কোঠাৰ দুৱাৰ বন্ধ কৰি বহুত নৃত্যৰ অভ্যাস কৰিছিল।

মায়ে মোক জোৰেৰে মাৰিছিল

নোৰাৰ মাক-দেউতাক নৃত্যৰ বিৰোধী আছিল আৰু নৃত্য কৰাত আপত্তি কৰিছিল। অৱশ্যে নোৰাই কেতিয়াও নিজৰ এই চখটো এৰি দিয়া নাছিল। মাক-দেউতাকৰ চিন্তাধাৰাক মনত ৰাখি তেওঁলোকৰ পৰা গোপনে নাচিব পৰাকৈ এটা উপায় উলিওৱাৰ চেষ্টা কৰিলে। অৱশ্যে এদিন নোৰাৰ মাকে নাচি থকা দেখে আৰু খঙত বেয়াকৈ প্ৰহাৰ কৰিলে। কিন্তু, তেতিয়াও নোৰাই নাচ এৰি দিয়া নাছিল। অলপ ডাঙৰ হৈ নোৰাই পৰিয়াল এৰি ভাৰতলৈ আহি বলীউডত কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব