ওঁঠত প্ৰথমটো চুমা আৰু বাথৰুমলৈ দৌৰি যায় অভিনেত্ৰী নীনা! তাৰ পিছত…

নীনা গুপ্তা সদায় এগৰাকী সাহসী মহিলা হিচাপে পৰিচিত। ভিভ ৰিচাৰ্ডছৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা সকলোৱে জানে। তেওঁলোকে কেতিয়াও বিয়া পতা নাছিল। মাছাবা গুপ্তা নীনাৰেই সন্তান। বিবাহ অবিহনে সন্তান জন্ম দিয়াটো বিগত সময়ত এক বিতৰ্কিত বিষয় হৈ পৰিছিল।

ওঁঠত প্ৰথমটো চুমা আৰু বাথৰুমলৈ দৌৰি যায় অভিনেত্ৰী নীনা! তাৰ পিছত...

ওঁঠত প্ৰথমটো চুমা আৰু বাথৰুমলৈ দৌৰি যায় অভিনেত্ৰী নীনা!

Published: 

25 Oct 2025 | 01:11 PM

প্ৰথম চুম্বন সদায় বিশেষ। কিন্তু নীনা গুপ্তাৰ চুম্বনৰ অভিজ্ঞতা বৰ এটা ভাল নাছিল। ভুল নাভাৱিব, এয়া বাস্তৱ জীৱনৰ চুম্বন নহয়, বহু বছৰৰ আগতে প্ৰথমটো অনস্ক্ৰীণ চুম্বন কৰিছিল এখন ধাৰাবাহিক অভিনেত্ৰী হিচাপে। য’ত সহ অভিনেতা আছিল দিলীপ ধাৱন। সেইটোৱেই আছিল ওঁঠত নীনাৰ প্ৰথমটো চুম্বন।

সেই অভিজ্ঞতাক মনত ৰাখি তেওঁ কয়, “এগৰাকী অভিনেত্ৰী হিচাপে সকলো ধৰণৰ দৃশ্যৰ সৈতে পৰিচিত হ’ব লাগে। কেতিয়াবা বোকাত ভৰি দিব লাগে আৰু কেতিয়াবা ৰ’দত ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ থাকিব লাগে। দিলীপ ধাৱনৰ সৈতে চুম্বন কৰাৰ দৃশ্যটোৰ পূৰ্বে নিশা মোৰ টোপনি অহা নাছিল। এনে নহয় যে আমি বন্ধু নাছিলোঁ। আমি দুয়ো ভাল বন্ধু আছিলোঁ। কিন্তু সেইটো কথা নহয়। মই শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ’ব পৰা নাছিলো।”

ইয়াৰ লগতে নীনাই কয়, “কোনোৱে ধেমালি কৰিব নোৱাৰে। কেমেৰাৰ সন্মুখত কোনেও কান্দিব নোৱাৰে। মই তেনেকুৱা কৰিব পাৰো। কিন্তু সেই দৃশ্যটো শেষ হোৱাৰ লগে লগে মই ডেটলেৰে মুখখন ধুই দিও। গোটেই ঘটনাটো মোৰ বাবে অস্বস্তিকৰ আছিল।”

নীনা গুপ্তা সদায় এগৰাকী সাহসী নাৰী হিচাপে পৰিচিত। ভিভ ৰিচাৰ্ডছৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা সকলোৱে জানে। তেওঁলোকে কেতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাছিল। অবিবাহিত নীনা আৰু ভিভৰ সন্তান মাছাবা গুপ্তা। সমাজত বিয়া নোহোৱাকৈ সন্তান জন্ম দিয়াটো ডাঙৰ কথা। যদিও নীনা অতীতক লৈ চিন্তিত নহয়। ভিভৰ লগত তেওঁৰ সম্পৰ্কও যথেষ্ট ভাল। এক সাক্ষাৎকাৰৰ মাজতে চৰ্চালৈ আহে অতীতৰ কথা।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...