Miss World: স্বপ্ন ভংগ নন্দিনী গুপ্তাৰ, মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ পৰা বাহিৰ ভাৰত!

ৰাজস্থানৰ কোটাৰ বাসিন্দা নন্দিনী গুপ্তাই মিছ ৱৰ্ল্ড দৌৰৰ পৰা বাহিৰ হৈছে। এছিয়াৰ শীৰ্ষ ২ গৰাকী প্ৰতিযোগীৰ ভিতৰত নিজৰ স্থান লাভ কৰিবলৈ ব্যৰ্থ নন্দিনী। মিছ ৱৰ্ল্ড হোৱাৰ স্বপ্ন ভংগ হ'ল।

Miss World: স্বপ্ন ভংগ নন্দিনী গুপ্তাৰ, মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ পৰা বাহিৰ ভাৰত!

স্বপ্ন ভংগ নন্দিনী গুপ্তাৰ

Updated On: 

31 May 2025 22:16 PM

ৰাজস্থানৰ কোটাৰ বাসিন্দা নন্দিনী গুপ্তাই ভাৰতক প্ৰতিনিধিত্ব কৰি মিছ ৱৰ্ল্ড ২০২৫ত অংশগ্ৰহণ কৰিছিল। কিন্তু আধা বাটতে মিছ ৱৰ্ল্ড হোৱাৰ সপোন ছিন্নভিন্ন হৈ পৰে নন্দিনীৰ। শীৰ্ষ ২০ গৰাকী প্ৰতিযোগীৰ সৈতে মূল প্ৰতিযোগিতাৰ অংশ হৈছিল। প্ৰতিখন মহাদেশৰ পৰা ৫ জন প্ৰতিযোগী বাছনি কৰি শীৰ্ষ ২০ গৰাকী প্ৰতিযোগীৰ তালিকা প্ৰস্তুত কৰা হয়। এইদৰে এছিয়া মহাদেশৰ শীৰ্ষ ৫ গৰাকী প্ৰতিযোগীৰ ভিতৰত নন্দিনীয়ে স্থান লাভ কৰিছিল যদিও তাৰ পিছত প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ল। নন্দিনী গুপ্তাই এছিয়া মহাদেশৰ শীৰ্ষ ২ গৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰিব নোৱাৰিলে।

২০২৩ চনত নন্দিনী গুপ্তাই ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰিছিল। তাৰ পিছত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ গৈছিল মিছ ৱৰ্ল্ডত, কিন্তু শীৰ্ষ ২০ ৰ ভিতৰত প্ৰৱেশ কৰে যদিও যাত্ৰা সমাপ্ত হয়। আজি সকলো ভাৰতীয়ৰে চকু আছিল নন্দিনীৰ ওপৰত। মিছ ৱৰ্ল্ডৰ মুকুট নন্দিনীৰ মূৰত জিলিকিব বুলি প্ৰতিজন ভাৰতীয়ৰে ইচ্ছা আছিল যদিও নন্দিনীৰ লগতে সকলো দেশবাসীৰ সপোন ছিন্নভিন্ন হৈ পৰিল।

ভাৰতে ৬ টা মিছ ৱৰ্ল্ড খিতাপ দখল কৰিছে

ভাৰতে এই পৰ্যন্ত ৬ বাৰকৈ মিছ ৱৰ্ল্ডৰ মুকুট লাভ কৰিছে। ১৯৬৬ চনত প্ৰথমবাৰৰ বাবে এই খিতাপ অৰ্জন কৰিছিল ৰীতা ফাৰিয়াই। ২৮ বছৰৰ পাছত ১৯৯৪ চনত ঐশ্বৰ্য ৰায় বিজয়ী হয়। তাৰ পাছত ডায়েনা হেডেন (১৯৯৭), যুক্তা মুখে (১৯৯৯), প্ৰিয়ংকা চোপ্ৰা (২০০০), আৰু মনুষী চিল্লাৰ (২০১৭) বিজয়ী হয়।

পূৰ্বে নন্দিনী গুপ্তাই মিছ ৰাজস্থান হৈছিল

নন্দিনী গুপ্তাৰ বয়স মাত্ৰ ২১ বছৰ। ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰাই স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত তেওঁ ৰাজস্থানৰ লালা লাজপাট ষ্টেট কলেজৰ পৰা বিজনেছ মেনেজমেণ্টৰ শিক্ষা গ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম সুমিত গুপ্তা, তেওঁ এগৰাকী ব্য়ৱসায়ী আৰু মাতৃ গৃহিণী।

 

কৰ’না ভেকচিনৰ লগত হৃদৰোগৰ সম্পৰ্ক আছে নেকি? জানক কি কয় বিশেষজ্ঞসকলে...
এইসমূহ স্বাস্থ্য সমস্যাৰ পৰা সহজে উপশম পাবলৈ খাওক নহৰু...
অত্যধিক সুৰা সেৱন কৰে নেকি ? আওকাণ নকৰিব, ফেটি লিভাৰৰ Grade-3 লক্ষণসমূহ জানক...
Hanuman: হনুমানক সেন্দূৰ অৰ্পন কৰাৰ সময়ত কি মন্ত্ৰ পাঠ কৰিব লাগে?