মোৰ মাননী ৪ৰ পৰা ৬ লাখ টকা… সামাজিক মাধ্যমত স্পষ্টকৈ জনালে মিষ্টাৰ ৰাজকুমাৰ ঠাকুৰীয়াই

মঞ্চৰ বাবে সাজু ৰাকু দা! ৰঙালী বিহুৰ পূৰ্বে অসমৰ একাংশ শিল্পীকলৈ চলি আছে বিতৰ্ক। মাননি বিতৰ্কৰ মাজতে প্ৰকাশ পালে ৰাকু দা হিচাপে খ্যাত কণ্ঠশিল্পী ৰাজকুমাৰ ঠাকুৰীয়াৰ মাননি। সামাজিক মাধ্যমত স্পষ্টকৈ জনালে মিষ্টাৰ ৰাকু দাই।

মোৰ মাননী ৪ৰ পৰা ৬ লাখ টকা... সামাজিক মাধ্যমত স্পষ্টকৈ জনালে মিষ্টাৰ ৰাজকুমাৰ ঠাকুৰীয়াই

সামাজিক মাধ্যমত স্পষ্টকৈ জনালে মিষ্টাৰ ৰাজকুমাৰ ঠাকুৰীয়াই

Published: 

23 Mar 2025 15:36 PM

ৰাকু দা মানেই ছচিয়েল মিডিয়াত ভাইৰেল। নিজকে অভিনেতা, পৰিচালক, গায়ক, গীতিকাৰ, সুৰকাৰ হিচাপে দাবী কৰা ৰাজকুমাৰ ঠাকুৰীয়াৰ বহু গান ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। ‘ৰাকুদা’ হিচাপে অভিহিত কৰা ৰাজকুমাৰৰ গীতৰ পৰা ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লাভ কৰে হাঁহিৰ খোৰাক। এইবাৰ হঠাৎ ভাইৰেল হৈ পৰিছে ৰাকুদাৰ এটা বিশেষ ফেচবুক পোষ্ট। 

ৰাজ্যত এতিয়া বিহু মঞ্চৰ মাননি বিতৰ্কৰ মাজতে ৰাকুদাই প্ৰকাশ কৰিলে নিজৰ মাননিৰ কথা। ইয়াৰ পিছতে নেটিজেনৰ মাজত আৰম্ভ হয় চৰ্চা। সামাজিক মাধ্যমত ৰাজকুমাৰ ঠাকুৰীয়াই দিয়া এই পোষ্টকলৈ সকলোৱে আচৰিত হৈছে।

ৰাকুদাই লিখিছে- “মাননি, অন্য শিল্পীৰ দৰে মোৰো মাননি ৪পৰা৬ লাখ । মই music ট্ৰেক ত গীত গাম।আৰু ষ্টেজ ত music ট্ৰেক ত গীত গোৱা বৰ সহজ নহয়। তথাপি মই গাইছো। মই কমিটি ক বহুত সুবিধা আগ বঢ়াই ছো।মই ৪ লাখৰ ওপৰত ১০% গুৱাহাটীত ধৰিছো ১৫% নগাঁও,তেজপুৰ ২০% মান ডিব্ৰুগড় শিৱসাগৰ ৩০% মান অসমৰ বাহিৰত উইথ extra হোটেল এণ্ড অহাযোৱা খৰচ। কোনোবাই মাতিলে মাতি ব পাৰে নামাতিলে নাই ।গতিকে অনুগ্ৰহ কৰিছোঁ ফোন কৰি মাননী কিমান আৰু নুসুধিব।আমাৰ খৰছ বহুত। যোৱা বছৰ ইটানগৰত programme কৰি আহি এখন আশ্ৰমক চাউল দালি চেনী আৰু বহুতো বস্তু কিনি দিছোঁ। তাৰোপৰি কিবা ক্ষেত্ৰত দনেচন বিচাৰি বহু মানুহ আহে। এজন শিল্পীক সন্মান দিলেই নহয় মাননিও দিব লাগে। শিল্পীজনৰ মাননীই হে খুৱাই ৰাখিব। সন্মান ই নুখুৱাই। সেইদিনা News live ই এজন শিল্পীক সন্মানও দিছে আৰু মাননীও দিছে।বহুত ভাল কথা।আপোনালোকে বহুতে জানে বহুত শিল্পীৰ আৰ্থিক অবস্থা বৰ ভাল নহয়।গতিকে সমান জনাম বুলি মাতি লেই নহয়, সন্মানৰ লগত কিছু মাননিও দিয়া উচিত। আমক কোনো programme ত মাতি ব বিচাৰিলে এই numbaro ত ফোন কৰিব পাৰে..8812929729এণ্ড 9864091948 এনেয়ে ফোন নকৰিব । বহুতে ফোন কৰি থাকে বাবে মাননিৰ বিষয় ক’লো। ধন্যবাদ।”

এই পোষ্টটো এতিয়া ভাইৰেল হৈ  পৰিছে সামাজিক মাধ্যমত। আনৰ ঠাট্টা–মস্কৰালৈ কেৰেপ নকৰা ৰাজকুমাৰ ঠাকুৰীয়াৰ গানো সময়ে সময়ে ভাইৰেল হৈ থাকে ছচিয়েল মিডিয়াত। ৰাকুমাৰৰ অনুৰাগীও আছে বহুসংখ্যক। কিন্তু মাননিকলৈ কৰে এই পোষ্টে চিন্তাত পেলাইছে সকলোকে।

ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?