মাত্ৰ ৯৯ টকাতে লাভ কৰিব চিনেমাৰ টিকট! ক’ত, কেনেকৈ লাভ কৰিব এই সুবিধা, জানক…

আপুনিও চিনেমা চাই ভাল পাই নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো এতিয়া আপুনি মাত্ৰ ৯৯ টকাতে উপভোগ কৰিব পাৰিব চিনেমা। দৰ্শকৰ বাবে আহিছে এক বিশেষ অফাৰ।

মাত্ৰ ৯৯ টকাতে লাভ কৰিব চিনেমাৰ টিকট! কত, কেনেকৈ লাভ কৰিব এই সুবিধা, জানক...

মাত্ৰ ৯৯ টকাত চিনেমাৰ টিকট

Published: 

08 Apr 2025 | 11:17 AM

আপুনিও চিনেমা চাই ভাল পাই নেকি? তেন্তে আছে এক ভাল খবৰ। কিয়নো চিনেমা হলত বহি ছবি উপভোগ কৰাৰ বাবে এতিয়া প্ৰয়োজন নহয়  ৪০০-৫০০ টকা। মাত্ৰ ৯৯ টকাতে লাভ কৰিব টিকট। চিনেমা প্ৰেমীসকলৰ বাবে আহিছে এক বিশেষ অফাৰ। ভাৰতৰ আগশাৰীৰ চিনেমা চেইন পিভিআৰ আইএনএক্স (INOX)য়ে ঘোষণা কৰিছে যে, “ব্লকবাষ্টাৰ মঙলবাৰ” (Blockbuster Tuesday)। এই “ব্লকবাষ্টাৰ মঙলবাৰ”ত সকলো চিনেমাৰ টিকট ৯৯ টকাৰ পৰা ১৪৯ টকালৈকে উপলব্ধ হ’ব।এই বিশেষ অফাৰ আজিৰ পৰা অৰ্থাৎ ৮ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে।

পিভিআৰ INOX য়ে প্ৰথম অৱস্থাত IMAX, 3D, 4DX আৰু ScreenX আদিৰ দৰে প্ৰিমিয়াম ফৰ্মেটৰ বাবে ৰেহাই দিছে। এই সকলোবোৰতে এই অফাৰ লাভ কৰিব। এই অফাৰৰ পিছত সকলো চিনেমাপ্ৰেমীয়ে প্ৰতি মঙলবাৰে সস্তীয়া দৰত ব্লকবাষ্টাৰ চিনেমা উপভোগ কৰিব পাৰিব। উল্লেখ কৰা প্ৰয়োজন যে, এই অফাৰ কেৱল এটা দুটা ছবিগহত নহয়, সমগ্ৰ দেশৰ ৩০০ৰো অধিক চিনেমা হলত উপলব্ধ।

এই অফাৰৰ বিষয়ে উল্লেখ কৰি পিভিআৰ আইএনএক্স লিমিটেডৰ মুখ্য ব্যৱসায়ী আৰু প্লেনিং এণ্ড ষ্ট্ৰেটেজী কমল গিয়ানচন্দনীয়ে কয়, ব্লকবাষ্টাৰ মঙলবাৰে এনে এক পদেক্ষপ যিয়ে সকলোৰে বাবে ছবি উপভোগ কৰা আৰামদায়ক কৰিব।

 

কেনেকৈ টিকট বুক কৰিব

আপুনি পিভিআৰ আৰু আইএনএক্সৰ অফিচিয়েল ৱেবছাইটৰ পৰা টিকট বুকিং কৰিব পাৰিব। চিনেমাৰ লগতে PVR INOX য়ে বিশেষ খাদ্য সামগ্ৰীৰ বাবে অফাৰ আগবঢ়াব পাৰে। গতিকে কোনো চিন্তা নোহোৱাকৈ আপুনি পৰিয়ালৰ সৈতে চিনেমা উপভোগ কৰিব পাৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব