‘মানুহজনে মাটিত বগৰাই মোৰ মুখত হেঁচা মাৰি ধৰে…’, ভয়ংকৰ ঘটনাৰ কথা ক’লে মৌনি ৰায়ে?

যদিও কিছুমানে ইয়াৰ বিৰুদ্ধে মাত মাতে, তথাপিও বেছিভাগেই চাকৰি হেৰুৱাৰ ভয়ত চুপ হৈ থাকে। কাষ্টিং কাউচৰ বিষয়টো উদ্যোগটোৰ এক গোপন কথা। এতিয়া বলীউডৰ এই মুকলি গোপনীয়তাৰ বিষয়ে মুকলিকৈ কৈছে বলীউডৰ বাঙালী অভিনেত্ৰী মৌনি ৰায়ে।

মানুহজনে মাটিত বগৰাই মোৰ মুখত হেঁচা মাৰি ধৰে..., ভয়ংকৰ ঘটনাৰ কথা কলে মৌনি ৰায়ে?
Updated On: 

08 Nov 2025 12:47 PM

ছবি জগতত সুযোগ পোৱাৰ বাবে কাষ্টিং কাউচৰ বিষয়টো নতুন নহয়। অভিনেতা-অভিনেত্ৰীৰ ক্ষেত্ৰত যুগ যুগ ধৰি এনেকুৱা হৈ আহিছে। কিছুমানে ইয়াৰ বিৰুদ্ধে মাত মাতিলেও বেছিভাগেই সপোন হেৰুৱাৰ ভয়ত মনে মনে থাকে। কাষ্টিং কাউচৰ বিষয়টো উদ্যোগটোৰ এটা মুকলি যদিও গোপন কথা। এতিয়া বলীউডৰ এই মুকলি গোপনীয়তাৰ বিষয়ে মুকলিকৈ কৈছে বলীউডৰ অভিনেত্ৰী মৌনি ৰয়ে। শেহতীয়াকৈ এটা প’ডকাষ্টত মৌনীয়ে প্ৰকাশ কৰিছে যে কাষ্টিং ডাইৰেক্টৰগৰাকীয়ে নিজৰ কেৰিয়াৰৰ আৰম্ভণিৰ এটা দৃশ্য বুজাই দিওঁতে কি কৰিছিল।

টেলিভিছনৰ পৰ্দাৰ পৰাই মৌনি ৰয়ৰ অভিনয় জীৱন আৰম্ভ হৈছিল। ‘নাগিন’ ধাৰাবাহিকখনত মৌনীয়ে উজ্জ্বল অভিনয়েৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। একতা কাপুৰৰ বালাজী ফিল্মছৰ নেতৃত্বত মৌনীয়ে ইখনৰ পিছত সিখন টেলি ধাৰাবাহিকত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ ভিতৰত ‘কিউকি সাস ভি কবি বহু থি’, ‘কস্তুৰী’, ‘দেৱো কা দেৱ মহাদেৱ’ ইত্যাদি।

২০১৮ চনৰ ‘গোল্ড’ ছবিৰ জৰিয়তে মৌনীয়ে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল। প্ৰথমখন ছবিত ছুপাৰষ্টাৰ অক্ষয়ৰ বিপৰীতে অভিনয় কৰিছিল মৌনীয়ে। ইয়াৰ পিছত ‘ৰোমিঅ’ আকবৰ ৱালটাৰ’ আৰু ‘মেড ইন চাইনা’ ছবিতো অভিনয় কৰিছিল।

প’ডকাষ্টত মৌনি ৰয়ে কয় যে, “মই বলীউডত কোনো অপ্ৰীতিকৰ কাণ্ডৰ সন্মুখীন হোৱা নাই। অৱশ্যে মোৰ কেৰিয়াৰৰ আৰম্ভণিতে এটা বিজ্ঞাপনৰ কাষ্টিং ডাইৰেক্টৰে মোক এনেদৰে ব্যৱহাৰ কৰিছিল যে মই এতিয়াও পাহৰিব পৰা নাই।”

“মই বলীউডত কোনো অপ্ৰীতিকৰ কাণ্ডৰ সন্মুখীন হোৱা নাই। অৱশ্যে মোৰ কেৰিয়াৰৰ আৰম্ভণিতে এটা বিজ্ঞাপনৰ কাষ্টিং ডাইৰেক্টৰে মোক এনেদৰে ব্যৱহাৰ কৰিছিল যে মই এতিয়াও পাহৰিব পৰা নাই।”

মৌনিয়ে আৰু কয়, “এটা বিজ্ঞাপনৰ শ্বুটিঙৰ বাবে পৰিচালকে মোক এটা দৃশ্য বুজাই আছিল, য’ত নায়িকাজনী চুইমিং পুলৰ পানীত ডুবিব লাগে। নায়কে বচাবলৈ মুখৰ পৰা মুখলৈ উশাহ দি থকা দৃশ্য এটা আছিল। সেই দৃশ্যটো বুজাই দিওঁতে মোক মাটিত বগৰাই দিয়ে আৰু মোৰ মুখখন তেওঁৰ মুখ লগাই দিয়ে। গোটেই ঘটনাটোক লৈ মোৰ খং উঠে। মই কান্দিবলৈ আৰম্ভ কৰিলোঁ। আজিও যেতিয়া সেইদিনাৰ কথা মনত পৰে কান্দি উঠো।

অৰ্শৰোগ আছে নেকি? তেন্তে কিছুমান খাদ্য খোৱাৰ পূৰ্বে সাৱধান!
উচ্চ ৰক্তচাপ থকা ৰোগীয়ে কি কি খাদ্য খাব নালাগে? নিয়ন্ত্ৰণৰ সহজ টিপছ...
পালেং শাকে নিয়ন্ত্ৰণত ৰাখে ব্লাড ছুগাৰ! জানক উপকাৰৰ বিষয়ে...
কল খাই ভাল পায় নেকি? মানসিক স্বাস্থ্য সুস্থ ৰখাত সহায় কৰিব পাৰে কলে!