চৰ্চাত মৌনি ৰয়ৰ ৰেষ্টুৰেন্ট! খাদ্যৰ দাম শুনি চকু কপালত উঠিব আপোনাৰ…

Mouni Roy: বৰ্তমান চৰ্চাত আছে মৌনি ৰয়ৰ ৰেষ্টুৰেন্ট চেইন বদমাছ। কিয়নো এই ৰেষ্টুৰেন্টত খাদ্যৰ দাম শুনি আচৰিত হৈ পৰিছে জনতা। যাৰ বাবে বহুতে মৌনিক ট্ৰোল কৰাও দেখা গৈছে।

চৰ্চাত মৌনি ৰয়ৰ ৰেষ্টুৰেন্ট! খাদ্যৰ দাম শুনি চকু কপালত উঠিব আপোনাৰ...

মৌনি ৰয়

Updated On: 

29 Oct 2025 | 04:13 PM

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মৌনি ৰয়ে ৰেষ্টুৰেন্টৰ ব্যৱসায়ত প্ৰৱেশ কৰিছে। চেলিব্ৰেটিসকলৰ মাজত এতিয়া এয়া এক ট্ৰেণ্ডলৈ পৰিণত হৈছে। অভিনয়ৰ উপৰি প্ৰায়ভাগে ব্যৱসায়ত প্ৰৱেশ কৰে। মৌনি ৰয়ে ৰেষ্টুৰেণ্ট চেইন ‘বদমাছ’ (Badmaash)ৰ জৰিয়তে খাদ্যৰ ব্যৱসায়ত প্ৰৱেশ কৰিছে। মাত্ৰ ৩ বছৰৰ ভিতৰতে বেংগালুৰুৰ পৰা এই ৰেষ্টুৰেন্টৰ শাখা মুম্বাই পাইছেগৈ।শেহতীয়াকৈ বেংগালুৰুৰ ইলেক্ট্ৰনিক চিটিতো নতুন আউটলেট খুলিছে।

বদমাছৰ আৰম্ভণি…

মৌনিয়ে কেনেকৈ ৰেষ্টুৰেন্ট আৰম্ভ কৰিলে সেই সন্দৰ্ভত বিশেষ মত প্ৰকাশ কৰিছে। তেওঁ কয়, “শ্বুটিঙৰ মাজত ভ্ৰমণ কৰি থাকোতে মই প্ৰায়ে ভাবিছিলো যে নিজাকৈ কেফে এখন খুলিম। ইয়াৰোপৰি মই ভাৰতীয় খাদ্য ভাল পাওঁ। যেতিয়াই মই কৰবালৈ যাওঁ তেতিয়াই ভাৰতীয় ৰেষ্টুৰেন্ট বিচাৰিবলৈ আৰম্ভ কৰো”।

মৌনিৰ মতে, পাছত ৰেষ্টুৰেন্টৰ ব্যৱসায়ত প্ৰৱেশ কৰাৰ সুযোগ আহিছিল তেওঁৰ স্বামী আৰু বন্ধুৰ কোম্পানী ভি আৰ অ’ হস্পিটেলিটি প্ৰাইভেট লিমিটেডৰ জৰিয়তে। অভিনেত্ৰীগৰাকীয়ে কয়, ”যেতিয়া তেওঁলোকে প্ৰস্তাৱ দিছিল তেতিয়া মই এক ছেকেণ্ড সময়ো নষ্ট কৰা নাছিলো। মই লগে লগে সমৰ্থন কৰিছিলো। মোৰ নিজৰ ৰেষ্টুৰেন্ট, য’ত আনে খাদ্য গ্ৰহণ কৰিব তাতকৈ আৰু আনন্দৰ কথা একোৱেই নাই”।

খাদ্যৰ দাম

অভিনেত্ৰীগৰাকীৰ মতে, বদমাছ বৰ্তমান আধুনিক ভাৰতীয় ফিউজন মেনুৰ বাবে জনপ্ৰিয়। ইয়াত খাদ্যৰ দাম ৩০০ৰ পৰা ৪০০ টকাৰ ভিতৰত। যেনে এভোকেডো ভেল ৩৯৫ টকা, জনপ্ৰিয় পানীয় ‘মৌনিলিচিয়াছ’ৰ দাম ৬৯৫ টকা। ইয়াৰ উপৰিও মছলা বাদাম, ক্ৰিস্পি কৰ্ন, সেৱ পুৰী আদি জলপান ২৯৫ টকাত পোৱা যায়। কান্দা ভজিয়াৰ দাম ৩৫৫ টকা, অন্য সামগ্ৰীৰ দাম ৮০০ টকা পৰ্যন্ত। মিঠাইৰ ভিতৰত শ্বাহী টুকদা আৰু গুলাব জামুন ৪১০ টকাত উপলব্ধ।

কিন্তু, এই দাম ৰাজহুৱা হোৱাৰ পাছতে সামাজিক মাধ্যমত যথেষ্ঠ ট্ৰোলৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী। বিভিন্নজনে দামক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই খাদ্য একাংশই বহু দামী বুলি কৈছে। ৰেষ্টুৰেন্টৰ খাদ্য আৰু বিলৰ ফটোও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আকাশলংঘী মূল্যৰ বাবে একাংশই মৌনিক কটাক্ষ কৰিছে। কিন্তু তেওঁ এতিয়ালৈকে বিষয়টো সন্দৰ্ভত মন্তব্য কৰা নাই। তেওঁ এই ব্যৱসায়ক লৈ যথেষ্ঠ সুখী।

 

অন্য খবৰ পঢ়কঃ সুস্মিতাৰ সপোন পূৰণৰ বাবে চাকৰি এৰি দিছিল! কিয় প্ৰথম প্ৰেমিকৰ সৈতে বিচ্ছেদ ঘটিছিল অভিনেত্ৰীগৰাকীৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...