Top 10 Google Search 2025: পিছ পৰি ৰ’ল ছুপাৰষ্টাৰ! ২০২৫ বৰ্ষটিত গুগলত সৰ্বাধিক মানুহে কোনখন ছবি বিচাৰিলে?
Most Google Search 2025: ২০২৫ চনটোত ভাৰতীয় ছবিজগতত কেইবাখনো ছবি মুক্তি লাভ কৰিছে। কিছুমান ছবি হিট হোৱাৰ বিপৰীতে কিছুমান ফ্লপ হৈছে। পিছে প্ৰশ্ন হয়, ভাৰতীয়ই এই বৰ্ষত গুগলত সবাতোকৈ কোনখন ছবি বেছিকৈ বিচাৰিলে?

গুগল চাৰ্চ
মাজত মাত্ৰ এটা দিন। তাৰ পাছতেই আহিব ইংৰাজী নতুন বৰ্ষ ২০২৬ (New Year 2026)। ২০২৫ চনটোত বলীউডৰ পৰা হলীউডলৈ বহু ছবি মুক্তি লাভ কৰে। কোনো ছবি যদি হিট হৈছে কোনোখন আকৌ ফ্ল’প হৈছে। বলীউডৰ কথা ক’বলৈ হ’লে, ছলমান খানৰ ছিকন্দৰ, হৃত্বিক ৰোশন-এন টি আৰৰ ৱাৰ ২, ছানি দেউলৰ জাত আদি ফ্লপ হোৱাৰ বিপৰীতে ছৈয়াৰা, মহাৱতাৰ নৰসিংহৰ দৰে ছবিয়ে যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়। পিছে প্ৰশ্ন হয়, ২০২৫ চনটোত মানুহে গুগলত সবাতোকৈ বেছি কোনখন ছবি ছাৰ্চ (Most Google Search Movie) কৰিলে?
২০২৫ চনটোত গুগলত ভাৰতীয়ই বিচৰা সৰ্বাধিক ছবিখনৰ বাজেট বৰ বেছি নাছিল, ইয়াৰোপৰি ছবিখনত নাছিল কোনো নামী-দামী ছুপাৰষ্টাৰ। সৰ্বাধিক বিচৰা ছবিখন হ’ল ছৈয়াৰা (Saiyaara) । ২৭ বছৰীয়া আহান পাণ্ডে অভিনীত ছবিখন মানুহে গুগলত সৰ্বাধিক বিচাৰিছে।
শীৰ্ষ ৫ত কি কি ছবি
ছৈয়াৰা (Saiyaara): ১৮ জুলাই, ২০২৫ ত মুক্তি লাভ কৰা এই ছবিখনৰ বাজেট আছিল প্ৰায় ৪৫ হাজাৰ টকা। কিন্তু এই ছবিখনে সমগ্ৰ দেশত প্ৰায় ৩২৯ কোটি টকা উপাৰ্জন কৰিছে। লগতে বিশ্বজুৰি ৫৭০ কোটি টকা উপাৰ্জন কৰিছে। গুগলত এই ছবিখনৰ বিষয়ে,ছবিখনৰ অভিনেতা-অভিনেত্ৰী, অহান আৰু অনীত, গীতসমূহৰ বিষয়ে চাৰ্চ কৰা হৈছে।
কান্টাৰা চেপ্টাৰ ১ (Kantara Chapter 1): ২ অক্টোবৰ, ২০২৫ ত মুক্তি লাভ কৰা কান্টাৰা চেপ্টাৰ য়ে ২০২৫ চনৰ এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰি ছবি। এই ছবিখনে ভাৰতত ৬২২.২১ কোটি আৰু বিশ্বজুৰি ৮৫২ কোটি টকা উপাৰ্জন কৰিছে। Google Searchত ই দ্বিতীয় স্থানত আছে।
কুলী (Coolie): ১৪ আগষ্ট ২০২৫ ত মুক্তি লাভ কৰা ৰজনীকান্তৰ ছবি কুলী Google Searchৰ তৃতীয় স্থানত আছে। এই ছবিখনত আমিৰ খান আৰু উপেন্দ্ৰৰ কেমিঅ দেখুওৱা হৈছিল। ছবিখন ৩৫০ কোটি টকাৰ বাজেটত নিৰ্মাণ হৈছিল। যিখনে ভাৰতত ২৮৫ কোটি টকা উপাৰ্জন কৰিছে।
ৱাৰ ২ (War2): ১৪ আগষ্টত মুক্তি লাভ কৰা এই ছবিখনত হৃত্বিক ৰোশন আৰু এন টি আৰে অভিনয় কৰিছিল। ছবিখনৰ বাজেট প্ৰায় ৪০০ কোটি আছিল কিন্তু ভাৰতত উপাৰ্জন কৰিছিল প্ৰায় ২৩৬ কোটি টকা। Google Searchত ই চতুৰ্থ স্থানত আছে।
চনম তেৰী কছম (Sanam Teri Kasam): ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা চনম তেৰী কছম Google Search ২০২৫ ত পঞ্চম স্থানত আছে। এই ছবিখন ২০২৫ চনৰ ৭ ফেব্ৰুৱাৰীত পুনৰ মুক্তি দিয়া হৈছিল। য’ত ছবিখনে প্ৰায় ৪০ কোটি টকা উপাৰ্জন কৰিছিল।
অন্য খবৰ পঢ়কঃ অক্ষয় খান্না নহয়! ২০২৫ চনৰ সবাতোকৈ দামী খলনায়ক কোন?