পিতৃতকৈ অলপহে সৰু বলীউডৰ অভিনেত্ৰী মালাইকা! পোহৰলৈ আহিছে এই তথ্য?

অভিনেত্ৰী মালাইকা অৰোৰাই কেইমাহমান পূৰ্বে পিতৃক হেৰুৱাইছিল। সেই সময়তে প্ৰাক্তন স্বামী আৰু তেওঁৰ পৰিয়ালৰ কথাই আগুৰি ধৰিছিল। কিন্তু এই সকলোবোৰৰ মাজতে এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে, যাৰ বাবে নেটিজেনসকল আচৰিত হয়।

পিতৃতকৈ অলপহে সৰু বলীউডৰ অভিনেত্ৰী মালাইকা! পোহৰলৈ আহিছে এই তথ্য?

পিতৃতকৈ অলপহে সৰু বলীউডৰ অভিনেত্ৰী মালাইকা!

Published: 

04 Sep 2025 | 12:38 PM

মালাইকা দেউতাকতকৈ মাত্ৰ ১২ বছৰ সৰু! বিশ্বাসযোগ্য যেন নালাগিলেও এয়াই সঁচা। এই বিষয়ে বহু চৰ্চা চলি থকাৰ সময়তে পোহৰলৈ আহিল এক নতুন তথ্য।

বৰ্তমান মালাইকাৰ বয়স ৫০ বছৰ। ৬২ বছৰ বয়সত দেহাৱসান ঘটে পিতৃ অনিল মেহতাৰ। এইজন অনিল মেহতা মালাইকাৰ প্ৰকৃত পিতৃ নহয়। মালাইকাই সৰু থাকোতে অনিল অৰোৰা আৰু মাক জয়ছ পলিকাৰ্পৰ মাজত বিচ্ছেদ ঘটিছিল। ইয়াৰ পিছত মলাইকাৰ মাক জয়ছে অনিল কুলদীপ মেহতাৰ লগত বিয়া পাতে। মালাইকা আৰু তেওঁৰ ভনীয়েক অমৃতাই সৰুৰে পৰা অনিলৰ ঘনিষ্ঠ আছিল। অনিলে এই দুই ভগ্নীক নিজৰ সন্তানৰ দৰে ভাল পাইছিল। আনহাতে, যিহেতু মলাইকাৰ দুই পিতৃৰ নাম একে, সেয়ে অনিলৰ মৃত্যুৰ পিছত যথেষ্ঠ বিভ্ৰান্তিৰ সৃষ্টি হয়।

মালাইকাৰ বয়স মাত্ৰ ১১ বছৰ আছিল যেতিয়া তেওঁৰ মাতৃৰ প্ৰকৃত পিতৃৰ সৈতে বিচ্ছেদ হৈছিল। ভনীয়েক অমৃতাৰ বয়স আছিল ৬ বছৰ। পিতৃ অনিলেই আত্মহত্যাৰ পথ বাছি লৈছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, মৃত্যুৰ পূৰ্বে অনিলে কন্যাক ফোন কৰিছিল। তেওঁ কয় যে, ভাগৰি পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...