পিতৃতকৈ অলপহে সৰু বলীউডৰ অভিনেত্ৰী মালাইকা! পোহৰলৈ আহিছে এই তথ্য?

অভিনেত্ৰী মালাইকা অৰোৰাই কেইমাহমান পূৰ্বে পিতৃক হেৰুৱাইছিল। সেই সময়তে প্ৰাক্তন স্বামী আৰু তেওঁৰ পৰিয়ালৰ কথাই আগুৰি ধৰিছিল। কিন্তু এই সকলোবোৰৰ মাজতে এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে, যাৰ বাবে নেটিজেনসকল আচৰিত হয়।

পিতৃতকৈ অলপহে সৰু বলীউডৰ অভিনেত্ৰী মালাইকা! পোহৰলৈ আহিছে এই তথ্য?

পিতৃতকৈ অলপহে সৰু বলীউডৰ অভিনেত্ৰী মালাইকা!

Published: 

04 Sep 2025 12:38 PM

মালাইকা দেউতাকতকৈ মাত্ৰ ১২ বছৰ সৰু! বিশ্বাসযোগ্য যেন নালাগিলেও এয়াই সঁচা। এই বিষয়ে বহু চৰ্চা চলি থকাৰ সময়তে পোহৰলৈ আহিল এক নতুন তথ্য।

বৰ্তমান মালাইকাৰ বয়স ৫০ বছৰ। ৬২ বছৰ বয়সত দেহাৱসান ঘটে পিতৃ অনিল মেহতাৰ। এইজন অনিল মেহতা মালাইকাৰ প্ৰকৃত পিতৃ নহয়। মালাইকাই সৰু থাকোতে অনিল অৰোৰা আৰু মাক জয়ছ পলিকাৰ্পৰ মাজত বিচ্ছেদ ঘটিছিল। ইয়াৰ পিছত মলাইকাৰ মাক জয়ছে অনিল কুলদীপ মেহতাৰ লগত বিয়া পাতে। মালাইকা আৰু তেওঁৰ ভনীয়েক অমৃতাই সৰুৰে পৰা অনিলৰ ঘনিষ্ঠ আছিল। অনিলে এই দুই ভগ্নীক নিজৰ সন্তানৰ দৰে ভাল পাইছিল। আনহাতে, যিহেতু মলাইকাৰ দুই পিতৃৰ নাম একে, সেয়ে অনিলৰ মৃত্যুৰ পিছত যথেষ্ঠ বিভ্ৰান্তিৰ সৃষ্টি হয়।

মালাইকাৰ বয়স মাত্ৰ ১১ বছৰ আছিল যেতিয়া তেওঁৰ মাতৃৰ প্ৰকৃত পিতৃৰ সৈতে বিচ্ছেদ হৈছিল। ভনীয়েক অমৃতাৰ বয়স আছিল ৬ বছৰ। পিতৃ অনিলেই আত্মহত্যাৰ পথ বাছি লৈছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, মৃত্যুৰ পূৰ্বে অনিলে কন্যাক ফোন কৰিছিল। তেওঁ কয় যে, ভাগৰি পৰিছে।

পুৰুষৰ বাবে টাইট জিন্স হ’ব পাৰে বহু সমস্যাৰ কাৰণ, হ’ব পাৰে যৌন সমস্যাও! জানি লওক এতিয়াই
উশাহত কষ্ট, কাহ বা বুকুৰ বিষ নহয় ! গোপনে দেখা দিয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৩ টা লক্ষণ জানক
লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...