মহাকুম্ভই সলনি কৰিলে জীৱন! বলীউডত ভৰি দি কিমান টকা উপাৰ্জন কৰিলে ‘ভাইৰেল গাৰ্ল’ মনালিছাই?

মহাকুম্ভই সলনি কৰিলে ভাগ্য। পূৰ্বে মালা বিক্ৰী কৰি পৰিয়াল চলাই থকা ছোৱালীজনী, এতিয়া হ’বলৈ গৈ আছে বলীউডৰ চকুৰ মণি ।  ইন্দোৰ গাঁৱৰ পৰা কেতিয়াবা যদি বেংগালুৰু, আকৌ কেতিয়াবা কেৰালালৈ বিমানেৰে যাত্ৰা কৰিছে মহাকুম্ভৰ ‘ভাইৰেল গাৰ্ল’ মনালিছা ভোছলে।

মহাকুম্ভই সলনি কৰিলে জীৱন! বলীউডত ভৰি দি কিমান টকা উপাৰ্জন কৰিলে ‘ভাইৰেল গাৰ্ল’ মনালিছাই?

‘ভাইৰেল গাৰ্ল’ মনালিছা ভোছলে

Published: 

18 Feb 2025 12:50 PM

মহাকুম্ভই নিশাটোৰ ভিতৰতে সলনি কৰিলে  ‘ভাইৰেল গাৰ্ল’ মনালিছাৰ জীৱন। পূৰ্বে মালা বিক্ৰী কৰি পৰিয়াল চলাই থকা ছোৱালীজনী, এতিয়া হ’বলৈ গৈ আছে বলীউডৰ চকুৰ মণি। ইন্দোৰ গাঁৱৰ পৰা বিমানেৰে কেতিয়াবা যদি বেংগালুৰু, আকৌ কেতিয়াবা কেৰালালৈ উৰা মাৰিছে মহাকুম্ভৰ ‘ভাইৰেল গাৰ্ল’ মনালিছা ভোছলে। লগতে কৰিছে পঢ়া-শুনাও। ইফালে পৰিচালক সনোজ মিশ্ৰৰ হাতত ধৰি চিনেমাৰ বাবেও লাহে লাহে সাজু হৈছে মনালিছা । যাৰ বাবে মনালিছাৰ পৃথিৱীত মহাকুম্ভ হৈ পৰিছে এক আশীৰ্বাদ স্বৰূপ।

জীৱনৰ প্ৰথমখন ছবিৰ পৰা কিমান টকা উপাৰ্জন কৰিলে মনালিছাই?

সূত্ৰ অনুসৰি প্ৰথমখন ছবিৰ বাবে পৰিচালক সনোজে মনালিছাক ২১ লাখ টকাৰ মাননি প্ৰদান কৰিব। জানিব পৰা মতে যে সনোজে ইতিমধ্যে মোনালিছাক ১ লাখ টকা দিছে। অৱশ্যে পৰিচালক বা কোনেও এই বিষয়ে বিতংভাৱে কোনো কথা ক’ব বিচৰা নাই।

এতিয়া মনালিজাৰ বয়স মাত্ৰ ১৬ বছৰ। পিতৃ-মাতৃ আৰু ভগ্নীৰ সৈতে ইন্দোৰত এটা অতি নিম্ন শ্ৰেণীৰ পৰিয়ালত বাস কৰে মনালিছা ভোছলে। যাৰ বাবে কিছু ভাল উপাৰ্জনৰ আশাত ভগ্নীৰ লগত মালা বিক্ৰী কৰিবলৈ মহাকুম্ভলৈ গৈছিল মনালিছা। কিন্তু মালা বিক্ৰী কৰাটো পিছৰ কথা, আকৰ্ষণীয় চকু আৰু ধুনীয়া মুখৰ বাবেই নিশাটোৰ ভিতৰতে ছ’চিয়েল মিডিয়াত চেলিব্ৰেটিত পৰিণত হ’ল মনালিছা।

মনালিছাই প্ৰথমে এই সকলোবোৰ উপভোগ কৰি আছিল। কিন্তু পিছৰ ব্লগাৰ, সংবাদ মাধ্যমৰ ভিৰৰ মাজত তেওঁ বিচলিত হৈ পৰিল। মালাৰ বিক্ৰী ইমানেই কমি আহিল যে মনালিছাই চিন্তাত কান্দিবলৈ ধৰিলে। মনালিছাৰ সেই ভিডিঅ’ পলকতে ভাইৰেল হৈ পৰিল ছ’চিয়েল মিডিয়াত। আৰু তাৰ পাছতে মালাৰ বিক্ৰী কৰা মনালিছাই ভৰি দিলে এখন নতুন পৃথিৱীত।

শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...