Los Angeles Wildfire: বনজুইৰ সংহাৰী ৰূপ! জ্বলি ছাৰখাৰ হ’ল বহু হলিউডৰ তাৰকাৰ সপোনৰ ঘৰ

Los Angeles wildfire: আমেৰিকাৰ লছ এঞ্জেলছৰ জংঘলত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। যাৰ ফলত প্ৰাণ হেৰুৱাইছে বহুলোকে। ইফালে জুইত ক্ষতিগ্ৰস্ত হৈছে হলিউডৰ বহু ডাঙৰ তাৰকাৰ ঘৰ।

Los Angeles Wildfire: বনজুইৰ সংহাৰী ৰূপ! জ্বলি ছাৰখাৰ হল বহু হলিউডৰ তাৰকাৰ সপোনৰ ঘৰ

আমেৰিকাৰ লছ এঞ্জেলছত বনজুই!

Published: 

09 Jan 2025 15:55 PM

আমেৰিকাৰ লছ এঞ্জেলছৰ জংঘলত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড । যি জুই বৰ্তমান সময়তো দ্ৰুতগতিত বিয়পি আছে। এই বনজুইৰ ফলত মৃত্যু হৈছে বহু লোকৰ। একে সময়তে,বহু লোকক উদ্ধাৰ কৰা হৈছে। জুইত জ্বলি গৈছে বহুতো ডাঙৰ অট্টালিকাও। যাৰ বাবে ভয় খাইছে হলিউডৰ তাৰকাসকলেও। লছ এঞ্জেলছৰ ভয়ংকৰ দৃশ্যবোৰ ভাইৰেল হৈছে সামাজিক মাধ্যমত। বুধবাৰে, হলিউড হিল্ছত দ্ৰুতগতিত বিয়পি পৰে জুই। যাৰ ফলত জুইয়ে আগুৰি ধৰে বহুতো চেলিব্ৰেটিৰ ঘৰ।

হলীউড ৱাক অফ ফেম হৈছে লছ এঞ্জেলছৰ আটাইতকৈ প্ৰতিষ্ঠিত স্থানবোৰৰ ভিতৰত এখন। এনে পৰিস্থিতিত এই ঠাইখনটো এতিয়া বাজিছে বিপদ ঘণ্টা। বহুতো হলিউড অভিনেতাৰ ঘৰৰ ফালে আগবাঢ়ি আহিছে জুইৰ শিখা। আনহাতে, বহুতো তাৰকাৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। জানিব পৰা মতে এই জুইৰ গ্ৰাসত পৰিছে ইউজিন লেভি চিচিৰ ঘৰ।

ঘৰত জুই লগা হলিউডৰ অভিনেত্ৰীৰ ভিতৰত আছে এডাম ব্ৰডী আৰু তেওঁৰ পত্নী লিটন মেষ্টাৰ। তেওঁলোকৰ বাহিৰেও জাষ্ট ফ্ৰেণ্ডছ তাৰকা এনা ফাৰিছ, ৰিয়েলিটি টিভিৰ তাৰকা জোডি স্পেন্সাৰ প্ৰেট আৰু হেইডি মণ্টাগৰ ঘৰো জুইত ভস্মীভূত হয়।

ইয়াৰ লগতে লছ এঞ্জেলছত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত জ্বলি গৈছে ৩ বাৰকৈ Emmy বঁটা লাভ কৰা জেমছ উডছৰ ঘৰো । এটা পৰ্টেলে শ্বেয়াৰ কৰিছে তেওঁলোকৰ জ্বলি যোৱা ঘৰবোৰৰ ফটো । শেহতীয়াকৈ, মেণ্ডি মূৰ, কেৰী এলৱেছ আৰু পেৰিছ হিল্টনেও জনাইছে যে তেওঁলোকেও নিজৰ ঘৰ হেৰুৱাইছে। এই জুইৰ ফলত তেওঁলোকৰো যথেষ্ট ক্ষতি হৈছে।

এই জুই হলিউডৰ অভিনেতাসকলৰ বাবে এক দুৰ্যোগতকৈ কম নহয়। বিলি ক্ৰিষ্টাল আৰু তেওঁৰ পত্নী জেনিছ গোল্ডফিংগাৰোৱে হেৰুৱাইছে তেওঁলোকৰ ৪৫ বছৰীয়া ঘৰ। এই সন্দৰ্ভত তেওঁ কয়, “আমি আমাৰ ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ সন্তানক এই ঠাইত ডাঙৰ-দীঘল কৰিছিলো। ঘৰটোৰ প্ৰতিটো কোণতে প্ৰেম আছে।

জেনিফাৰ লোপেজৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত বেন এফ্লেকে ২০ মিলিয়ন ডলাৰৰ এটা ঘৰ ক্ৰয় কৰিছিল। যিটো তেওঁলোকক এতিয়া খালী কৰিবলৈ বাধ্য কৰা হৈছে। এই জুইৰ বাবে তেওঁলোকো ঘৰৰ পৰা ওলাই গৈছে। প্ৰতিবেদন অনুসৰি, তেওঁক জেনিফাৰ গাৰ্ণাৰৰ ঘৰৰ ফালে যোৱা দেখা গৈছে। যিবোৰ তৰাৰ ঘৰ জ্বলাই দিয়া হৈছে তাৰমূল্যও প্ৰতিবেদিত হৈছে। দ্য লিষ্টৰ তথ্য অনুসৰি, ইউজিন লেভিৰ ঘৰৰ মূল্য আছিল ২.৪ মিলিয়ন ডলাৰ। এডাম ব্ৰোডি আৰু লিটন মেষ্টাৰৰ ঘৰৰ মূল্য ৬.৫ মিলিয়ন ডলাৰ (৫৫৭,৫৩১,৩২৫ টকা) বুলি জনা গৈছে। TMZৰ মতে, আন্না ফাৰিছৰ ঘৰৰ মূল্য ৪.৯ মিলিয়ন ডলাৰ। ইফালে হেইডি মণ্টাগ আৰু স্পেন্সাৰ প্ৰেটৰ ঘৰৰ মূল্য ৩ মিলিয়ন ডলাৰ বুলি কোৱা হৈছে। আৰ্কিটেকচাৰেল ডাইজেষ্টৰ মতে, পেৰিছ হিল্টনৰ ঘৰৰ মূল্য আছিল ৬.৫ মিলিয়ন ডলাৰ।

Related Stories
ভাৰতৰ অপাৰেচন সেন্দূৰে জোকাৰি গ’ল পাকিস্তানী তাৰকাসকলক, ক্ষোভ উজাৰিলে মাহিৰা আৰু ফাৱাদ খানে
টকা গণি ভাগৰিছিল বিষয়া, বস্তাই বস্তাই টকা কঢ়িওৱা হৈছিল ট্ৰাকত, আয়কৰ বিভাগৰ পাঁচটা ডাঙৰ অভিযানৰ বিষয়ে জানো আহক
MET Gala 2025: মেট গালাৰ ৰেড কাৰ্পেটত নিক-প্ৰিয়ংকাৰ ৰূপৰ যাদু! বিশেষ ৰূপত দেখা গ’ল শ্বাহৰুখ খান, গৰ্ভৱতী কিয়াৰাক
পথ দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী পৱনদ্বীপ ৰাজন, ভাঙিল দুভৰি, মূৰতো পাইছে আঘাত
বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনাঢ্য অভিনেতাৰ তালিকাত শ্বাহৰুখ খানৰ নাম, মুঠ সম্পত্তি কিমান জানেনে?
আনৰ ঘৰত কাম কৰি হৈছিল জনপ্ৰিয় অভিনেত্ৰী, পাছত স্বামীক বিশ্বাসঘাটকতা কৰি খুজিব লগা হৈছিল ভিক্ষা…
সেন্দূৰৰ ৰং কেৱল ৰঙা কিয়? আঁৰত আছে বিশেষ কাৰণ....
মহিলাসকলে কিয় কম বয়সীয়া পুৰুষক প্ৰেমিক হিচাপে বিচাৰে?
শৰীৰত প্ৰ’টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে...
সঁচা প্ৰমাণিত হ'ল বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰত-পাক যুদ্ধক লৈ কি কৈছিল বাবা ভাংগাই? | Baba Venga prediction about India Pakistan war 0peration Sindoor India Strike on Pakistan