Dharmendra Obituary: জীৱনৰ এনাজৰী ছিঙি আঁতৰি গ’ল বলীউডৰ ‘Heman’, ৰৈ গ’ল ‘পল পল দিলকে পাছ…’
Dharmendra Life Story: ষাঠিৰ দশকত ধৰ্মেন্দ্ৰই এখন জনপ্ৰিয় চলচ্চিত্ৰ আলোচনীৰ ‘নতুন প্ৰতিভা’ প্ৰতিযোগিতাত অংশ লৈছিল। কোৱা বাহুল্য যে তেওঁৰ ছবিৰ ‘হিৰো’ সদৃশ ৰূপে বিচাৰকৰ হৃদয় জয় কৰিছিল। এইদৰে জীৱনৰ প্ৰথম প্ৰতিযোগিতাতে প্ৰথম স্থান লাভ কৰে ধৰ্মেন্দ্ৰই। ইয়াৰ পিছতেই তেওঁ লাভ কৰে প্ৰথমখন চিনেমাৰ অফাৰ।

ধৰ্মেন্দ্ৰৰ দেহাৱসান
অন্ত পৰিল এক অনন্য যুগৰ। ভাৰতীয় চিনেমাৰ ইতিহাসৰ এক উজ্জ্বল অধ্যায়ৰ স্মৰণীয় পৃষ্ঠা হৈ চিৰদিনলৈ চকু মুদিলে এক মহা চৰিত্ৰই। সমগ্ৰ দেশক শোকাহত কৰি আজি মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিলে বলীউড প্ৰথমগৰাকী ‘গ্ৰীক গড হিৰো’ ‘Heman’। জীৱনৰ ৯০টা বসন্ত সম্পূৰ্ণ হোৱাৰ মাত্ৰ কেইটামান দিন পূৰ্বে অসংখ্য গুণগ্ৰাহীক শোকস্তব্ধ কৰি জীৱন নাট সামৰিলে ধৰ্মেন্দ্ৰই। পঞ্জাৱৰ এটি সামান্য কৃষক পৰিয়ালৰ পৰা গৈ দেশৰ কোটি কোটি জনতাৰ হৃদয়ৰ নায়কত পৰিণত হোৱা বলিউডৰ একচন হিৰো ‘Heman’, শ্বোলেৰ সেই প্ৰাণস্পন্দন বীৰুৱে চকু মুদিলে চিৰকাললৈ।
নাম তেওঁৰ ধৰ্মেন্দ্ৰ সিং দেউল। পঞ্জাৱৰ লুধিয়ানাৰ এটি কৃষক পৰিয়ালত জন্ম হৈছিল তেওঁৰ। যৌৱনৰ পৰাই ওখ, মিঠা বৰণ আৰু সুদৰ্শন চেহেৰাৰ বাবে তেওঁক ওচৰ-চুবুৰীয়াই ছবিৰ নায়ক বুলি অভিহিত কৰিছিল। হয়তো চুবুৰীয়াৰ মৰমভৰা কথাই ধৰ্মেন্দ্ৰৰ মনত আৰম্ভণি ঘটাইছিল এক ৰঙীন স্বপ্নৰ। আৰু সেই সপোনৰ পম খেদি মুম্বাইলৈ ওলাই গৈছিল ধৰ্মেন্দ্ৰ সিং দেউল।
ষাঠিৰ দশকত ধৰ্মেন্দ্ৰই এখন জনপ্ৰিয় চলচ্চিত্ৰ আলোচনীৰ ‘নতুন প্ৰতিভা’ প্ৰতিযোগিতাত অংশ লৈছিল। কোৱা বাহুল্য যে তেওঁৰ ছবিৰ ‘হিৰো’ সদৃশ ৰূপে বিচাৰকৰ হৃদয় জয় কৰিছিল। এইদৰে জীৱনৰ প্ৰথম প্ৰতিযোগিতাতে প্ৰথম স্থান লাভ কৰে ধৰ্মেন্দ্ৰই। ইয়াৰ পিছতেই তেওঁ লাভ কৰে প্ৰথমখন চিনেমাৰ অফাৰ।
তেওঁৰ প্ৰথমখন ছবি আছিল দিল ভি তেৰা, হম ভি তেৰে। ১৯৬১ চনত মুক্তি পোৱা প্ৰথম ছবিখনৰ পৰাই ধৰ্মেন্দ্ৰই প্ৰমাণ কৰিছিল নিজৰ স্বৰ্ণিল ভৱিষ্যতৰ সম্ভাৱনা। ইয়াৰ পিছত আৰু কেতিয়াও পিছলৈ ঘূৰি নাচালে ধৰ্মেন্দ্ৰই। চুৰট ঔৰ চিৰাট, বন্দিনী, দিলনে ফিৰ যাদ কিয়া, আনপড়, পূজা কে ফুল, আঁখে, ফুল ঔৰ পত্থৰ, আয়া মিলন কি বেলা, আয়া সাৱন ঝুমকে, মেৰে হামদম মেৰে দোস্ত– এইদৰে ইখনৰ পিছত সিখন ছুপাৰহিট ছবি দি গ’ল দৰ্শকলৈ।
কেতিয়াবা প্ৰেমিক নায়ক, কেতিয়াবা একচন হিৰোৰ ৰূপত শত্ৰুক মষিমূৰ কৰি দৰ্শকৰ হৃদয় জুৰোৱাৰ লগতে বক্স অফিচতো ধুমুহাৰ সৃষ্টি কৰিছিল ধৰ্মেন্দ্ৰই। প্ৰেমিক নায়ক আৰু একচন হিৰোৰ এই অনন্য ভূমিকাৰ প্ৰমাণ হিচাপে এতিয়াও দৰ্শকৰ মনত বিশেষ স্থান দখল কৰি আহিছে হেমা মালিনীৰ সৈতে তেওঁৰ ছবি ‘সীতা ঔৰ গীতা’ আৰু অমিতাভৰ সৈতে প্ৰখ্যাত ‘শ্বোলে’।
অৱশ্যে কেৱল পৰ্দাতে নহয়, ধৰ্মেন্দ্ৰৰ বাস্তৱ জীৱনো আছিল ৰঙীন। ১৯৫৪ চনত ধৰ্মেন্দ্ৰৰ পিতৃ-মাতৃয়ে প্ৰকাশ কৌৰ নামৰ এগৰাকী ১৯ বৰ্ষীয় যুৱতীৰ সৈতে ধৰ্মেন্দ্ৰক বিয়া কৰাই দিয়ে। সেই সময়ত ধৰ্মেন্দ্ৰৰো বয়স আছিল ১৯ বছৰ। প্ৰথমা পত্নী প্ৰকাশ কৌৰৰ সৈতে দাম্পত্য জীৱনত ধৰ্মেন্দ্ৰ চাৰিটা সন্তান ক্ৰমে পুত্ৰ ছানী দেওল আৰু ববি দেউল, কন্যা বিজীতা আৰু অজিতাৰ পিতৃ হয়।
ইয়াৰ পিছত অৱশ্যে ধৰ্মেন্দ্ৰই ১৯৮০ চনত গোপনে হেমা মালিনীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। অৱশ্যে তাৰ পিছতো তেওঁ প্ৰথম পত্নী প্ৰকাশ কৌৰৰ সৈতে বিবাহ বিচ্ছেদ কৰিব বিচৰা নাছিল। শেষ জীৱনতো ধৰ্মেন্দ্ৰ প্ৰথম পত্নীৰ অত্যন্ত ঘনিষ্ঠ আছিল। হেমা মালিনীৰ সৈতে দাম্পত্য জীৱনত ধৰ্মেন্দ্ৰ পুনৰ দুই কন্যা ঈশা দেউল আৰু অহনা দেউলৰ পিতৃ হয়।
আগন্তুক ডিচেম্বৰ মাহত ধৰ্মেন্দ্ৰই জীৱনৰ ৯০টা বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন। বয়সে ৯টা দশক গৰকিলেও বলীউডত নিজৰ ছাপ এৰা নাছিল ধৰ্মেন্দ্ৰই। জয়া বচ্চন আৰু শ্বাবানা আজমীৰ সৈতে তেওঁৰ ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’য়ে শেহতীয়াকৈ যথেষ্ট সমাদৰ লাভ কৰিছিল। মুক্তিৰ পথত তেওঁৰ নতুন ছবি ‘Ikkis‘। কিন্তু তাৰ পূৰ্বেই জীৱন যুঁজ সামৰিলে ধৰ্মেন্দ্ৰই। অৱশ্যে ৰৈ গ’ল সকলোৰে ‘পল পল দিলকে পাছ…’।