‘পিশাচ’ চালে নে? সদ্য মুক্তিপ্ৰাপ্ত ছবিখনৰ কাহিনী কি আৰু বক্স অফিচত কিমান উপাৰ্জন কৰিছে জানক

সুদিন ঘূৰি আহিছে অসমীয়া ছবিজগতৰ। 'স্বাৰ্গৰথ' আৰু 'বিদুৰভাই'ৰ জনপ্ৰিয়তাৰ পিছত ২ আগষ্টত মুক্তি পাইছে আন এখন অসমীয়া ছবি 'পিশাচ। মুক্তিৰ দুদিনতে ছবিখনৰ বক্স অফিচৰ উপাৰ্জন কিমান জানক...

পিশাচ চালে নে? সদ্য মুক্তিপ্ৰাপ্ত ছবিখনৰ কাহিনী কি আৰু বক্স অফিচত কিমান উপাৰ্জন কৰিছে জানক

'পিশাচ' চালে নে?

barasha-misra
Updated On: 

24 Sep 2024 15:39 PM

অসমীয়া ছবিজগতে পুনৰবাৰ প্ৰাণ পাই উঠিছে ৷ অসমীয়া চিনেমা চাবলৈ চিনেমা ছবিগৃহত ভিৰ কৰিছে দৰ্শকে। অসমীয়া ছবিৰ প্ৰতি ৰাইজ আকৃষ্ট হোৱাটো শুভ লক্ষণ। যিটো অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে আশাৰ ৰেঙণি। ছবিগৃহত দৰ্শকৰ মৰম বুটলিছে ইখনৰ পিছত সিখন ছবিয়ে।

‘স্বৰ্গৰথ’ আৰু ‘বিদুৰভাই’ৰ জনপ্ৰিয়তাৰ পিছত ২ আগষ্টত মুক্তি পাইছে আন এখন অসমীয়া ছবি ‘পিশাচ’। ‘ফায়াৰ ফ্লাই ফিল্মছ’ৰ বেনাৰত নিৰ্মিত ছবিখনৰ অমিত ৰাগৰ পৰিচালনা আৰু প্ৰযোজনা অনিমা লহকৰৰ। চলচ্চিত্ৰখনৰ ক্ৰিয়েটিভ প্ৰডিউচাৰ তথা মুখ্য সহ-পৰিচালকৰ ভূমিকাত আছে মৃণাল ডেকা । অনিমা লহকৰে প্ৰযোজনা কৰা ‘পিশাচ’ৰ সহ-প্ৰযোজনা ৰাজ দত্ত আৰু টাচিন মুনটাকিনৰ ।

ছবিখন মুক্তিৰ পিছতে দৰ্শকে উপভোগ কৰি প্ৰশংসা কৰে। ছবিখনত অভিনয় কৰিছে- জেনেট বে, নিৰূপম শইকীয়া, অচিন্ত্য ৰাজকাশ্যপ, মিণ্টু হাজৰিকা, শশাংক সমীৰ, চিমি ৰিয়ান, ত্ৰিৱেণী গগৈ, মিন্টু বৰুৱা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে।

এই ছবিখনৰ শীৰ্ষ গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৱে, গীতটিৰ কম্প’জাৰ বহ্নিমান আৰু নেপথ্য গীত পৰাগ প্ৰীয়ম নাথৰ । ছবিখনৰ ডি অ’ পি পাপু ডেকা, সম্পাদনা হাৰ্দিক কাশ্যপ, কালাৰিষ্ট ৰতন শীল শৰ্মা, চাউণ্ড ডিজাইন কিংসুক মৰাণ, পোষ্টাৰ ডিজাইন টাচিন মুনটাকিন, কলা পৰিচালক ভূষণ আৰু নাৰায়ণৰ।

ছবিখনৰ টিজাৰ মুকলিৰ পিছতে দৰ্শকৰ মাজত চৰ্চা লাভ কৰিছিল। ছবিখনে এদিনতে ৪ লাখতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।ইফালে মুক্তিৰ দুদিনতে ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছে ৫.০৭ লাখ টকা। আনফালে ছবিখনৰ ৩ দিনত উপাৰ্জন হয় ১১.৬৩ লাখ টকা।

PIKHAAS | পিশাচ | OFFICIAL TRAILER | ASSAMESE FEATURE FILM | IN CINEMAS 26TH JULY 2024

‘পিশাচ’ৰ নিৰ্মাতাগোষ্ঠীয়ে ছবিখন ২ আগষ্ট তাৰিখে মুকলি কৰি দিয়ে যদিও পূৰ্বে মুক্তিৰ তাৰিখৰ সালসলনি হৈছিল বহু প্ৰত্যাশিত অসমীয়া ছবি ‘পিশাচ’ৰ । অৱশেষত অসমীয়া ছবিৰ এই সুদিনৰ ধাৰা অব্যাহত ৰখাৰ প্ৰতি লক্ষ্য ৰাখি মুক্তি দিয়ে। এই ছবিখনৰ জৰিয়তে প্রথমবাৰৰ বাবে চিনেমাত ভুমুকি মাৰে অভিনেতা অচিন্তৰাজ কাশ্যাপে।

কাহিনী কি?

এখন হ’ৰ’ৰ থ্রিলাৰ ছবি। প্ৰেম কিমান ভয়ানক হ’ ব পাৰে বা কিমান পৱিত্ৰ হ’ব পাৰে? সেই সকলো উত্তৰ আপুনি কল্পনা কৰাতকৈ বহুত বেছি ভালকৈ পাব ছবিখনত। বৰ্তমান সমাজত ঘটি থকা এটা বাস্তৱধৰ্মী ৰোমান্টিক কাহিনীৰে প্ৰেম আৰু প্ৰেমৰ পৰা লোৱা ভয়ংকৰ ৰূপক কাহিনীৰ আধাৰ হিচাপে লৈ সুন্দৰভাৱে উপস্থাপন কৰা হৈছে ছবিখনত । ‘পিশাচ’ ৰ দৰে ছবি পূৰ্বে অসমীয়া চলচ্চিত্ৰ জগতত নিৰ্মাণ হোৱা নাছিল। এই ছবিখন ১৮ বছৰৰ উৰ্দ্ধৰ দৰ্শকৰ বাবে বিশেষকৈ নিৰ্মাণ কৰা হৈছে।

মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক
প্ৰস্ৰাৱ পৰীক্ষা কৰিলে কি কি ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰে? বিশেষজ্ঞৰ পৰা জানক