“ধন্যবাদ মোদীজী !” Kesari Chapter 2 মুক্তিৰ পূৰ্বে সামাজিক মাধ্যমত পোষ্ট অক্ষয় কুমাৰৰ

অহা ১৮ এপ্ৰিলত মুক্তি পাব 'Kesari Chapter 2' । যোৱা কেইটামান দিনৰ পৰা ধুমুহাৰ গতিৰে চলি আছে ছবিখনৰ প্ৰচাৰ । এই ছবিখনৰ মুক্তিৰ পূৰ্বে এতিয়া সামাজিক মাধ্যম এক্স হেণ্ডেলত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে অক্ষয় কুমাৰে ।

ধন্যবাদ মোদীজী ! Kesari Chapter 2 মুক্তিৰ পূৰ্বে সামাজিক মাধ্যমত পোষ্ট অক্ষয় কুমাৰৰ

প্ৰধানমন্ত্ৰী মোদী আৰু অক্ষয় কুমাৰ

Published: 

15 Apr 2025 19:04 PM

‘Kesari Chapter 2’ মুক্তিৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে অক্ষয় কুমাৰে । উল্লেখ যে, অহা ১৮ এপ্ৰিলত মুক্তি পাব ‘Kesari Chapter 2’ । যোৱা কেইটামান দিনৰ পৰা ধুমুহাৰ গতিৰে চলি আছে ছবিখনৰ প্ৰচাৰ । ছবিখনৰ মূল মূল চৰিত্ৰত দেখা পাব অক্ষয় কুমাৰ, মাধৱন আৰু অনন্যা পাণ্ডেক। এই ছবিখনৰ মুক্তিৰ পূৰ্বে এতিয়া সামাজিক মাধ্যম এক্স হেণ্ডেলত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে অক্ষয় কুমাৰে ।

উল্লেখ্য যে, ১৯১৯ চনৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত এই ছবিখনত অক্ষয়ে চি শংকৰন নাইৰৰ চৰিত্ৰত অভিনয় কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানা ভ্ৰমণৰ সময়ত চি শংকৰন নাইৰক উৎসাহেৰে প্ৰশংসা কৰা দেখা গৈছিল। গতিকে এই প্ৰশংসাত আপ্লুত হৈ পৰে অক্ষয়। এক্স হেণ্ডেলত মোদীৰ ভাষণৰ ভিডিঅ’ পোষ্ট কৰি অক্ষয়ে প্ৰধানমন্ত্ৰীলৈ লিখিছে, “ শংকৰন নাইৰজীক স্মৰণ কৰাৰ লগতে আমাৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানৰ কথা মনত পেলোৱাৰ বাবে ধন্যবাদ।”

অক্ষয়ে আৰু লিখিছে, “এটা জাতি হিচাপে বিশেষকৈ নৱ প্ৰজন্মৰ বাবে সেই মহান মহিলা আৰু পুৰুষসকলক সন্মান আৰু মূল্য দিয়াটো আমাৰ কৰ্তব্য ।”

“মুক্তভাৱে উশাহ ল’বলৈ আৰু মুক্ত দেশত জীয়াই থাকিবলৈ তেওঁলোকে সাহসেৰে যুঁজিছিল! আমাৰ স্বাধীনতাক কেতিয়াও সহজভাৱে লোৱা উচিত নহয়, সেইটোৱেই ‘Kesari Chapter 2’ য়ে সকলোকে সোঁৱৰাই দিবলৈ চেষ্টা কৰিছে।” এইদৰে লিখিছে অক্ষয় কুমাৰে ।

উল্লেখ্য যে, এই ছবিখনত অক্ষয়, মাধৱনৰ লগতে অনন্যা পাণ্ডেয়ে অভিনয় কৰিছে। আৰ মাধৱনে অধিবক্তা নেভিল মেককিনলিৰ চৰিত্ৰত আৰু অনন্যা পাণ্ডেই দিলৰিট গিলৰ চৰিত্ৰত অভিনয় কৰিছে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension