কেটৰিনা-বিকিৰ গৃহলৈ আগমন নতুন আলহীৰ! পুৱাই অনুৰাগীক দিলে ভাল খবৰ

Katrina Kaif-Vicky Kaushal Baby: পিতৃ-মাতৃ হ'ল বলীউডৰ তাৰকা দম্পতী বিকি কৌশল আৰু কেটৰিনা কাইফ। পৰিয়ালত এতিয়া আনন্দৰ লহৰ।

কেটৰিনা-বিকিৰ গৃহলৈ আগমন নতুন আলহীৰ! পুৱাই অনুৰাগীক দিলে ভাল খবৰ
Published: 

07 Nov 2025 12:00 PM

বলীউডৰ তাৰকা বিকি কৌশল আৰু কেটৰিনা কাইফৰ ঘৰলৈ আগমন কণমানি আলহীৰ। এটি পুত্ৰ সন্তানক আদৰণি জনাইছে তাৰকা দম্পতীয়ে। এই সুখৰ খবৰটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে বিকি কৌশলে।

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বলীউডৰ অন্যতম প্ৰিয় তাৰকা দম্পতী কেটৰিনা কাইফ আৰু বিকি কৌশলে প্ৰথম সন্তানৰ কথা ঘোষণা কৰিছিল। এই সুখৰ খবৰটো শুনি সকলোৱে কণমানিটোৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। এখন মৰমলগা ফটোৰে এই খবৰটো শ্বেয়াৰ কৰিলে বিকি আৰু কেটে।

কেপচনত লিখিছে, “আমাৰ জীৱনৰ শ্ৰেষ্ঠ সুখখিনি পালো। প্ৰেম আৰু কৃতজ্ঞতাৰে ভৰা হৃদয়েৰে আমি আমাৰ সন্তানক স্বাগতম জনাইছোঁ। ৭ নৱেম্বৰ, ২০২৫ – কেটৰিনা আৰু বিকি।”

আজি ৭ নৱেম্বৰৰ পুৱা দেউতা ভিকি কৌশলে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰে। তেওঁৰ পোষ্টত অভিনেতাগৰাকীয়ে প্ৰকাশ কৰিছে যে কেটৰিনা কাইফে এটি পুত্ৰ সন্তান জন্ম দিছে। এতিয়া ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে বিকি কৌশলৰ এই পোষ্ট। অনুৰাগী আৰু বলীউডৰ তাৰকাসকলে এই পোষ্টটোৰ বাবে তাৰকা দম্পতীক অভিনন্দন জনাইছে।

চকুৰ দৃষ্টি শক্তি বঢ়োৱাত উপকাৰী মাছ, জানক মাছৰ উপকাৰী গুণ
হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে ধনিয়া পাতে, জানক কি কি উপকাৰীতা আছে ধনিয়া...
শীতকালত ডিঙিৰ বিষ আৰু ডিঙিৰ খজুৱতি হ’লে কি কৰিব? উপশম পোৱাৰ ঘৰুৱা উপায় জানক
জিভাত জলা হ’লেও দেহত ‘মিঠা’ প্ৰভাৱ কেঁচা সেউজীয়া জলকীয়াৰ, জানেনে আপুনি?