প্ৰাক্তন স্বামীৰ মৃত্যুৰ পিছতো বিপদে লগ এৰা নাই কৰিশ্মা কাপুৰৰ? উচ্চতম ন্যায়ালয়ে বিচাৰিলে নথি-পত্ৰ

২০১৬ চনত সঞ্জয় কাপুৰ আৰু কৰিশ্মা কাপুৰৰ বিবাহ বিচ্ছেদ হয়। ১৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানিৰ সময়ত আদালতে কৰিশ্মালৈ জাননী প্ৰেৰণ কৰি পৰৱৰ্তী দুসপ্তাহৰ ভিতৰত তেওঁৰ উত্তৰ বিচাৰিছিল। প্ৰিয়া সচদেৱৰ আবেদনৰ ভিত্তিত আদালতে কয় যে সঞ্জয়ৰ সৈতে কৰিশ্মাৰ বিবাহ বিচ্ছেদৰ সকলো নথি-পত্ৰ আৰু আদালতে দিয়া ৰায়ৰ প্ৰমাণিত প্ৰতিলিপি দাখিল কৰিব লাগিব।

প্ৰাক্তন স্বামীৰ মৃত্যুৰ পিছতো বিপদে লগ এৰা নাই কৰিশ্মা কাপুৰৰ? উচ্চতম ন্যায়ালয়ে বিচাৰিলে নথি-পত্ৰ
Published: 

17 Jan 2026 | 09:11 AM

প্ৰয়াত ব্যৱসায়ী সঞ্জয় কাপুৰৰ বিশাল সম্পত্তিক লৈ চলি থকা আইনী যুঁজখনে নতুন ৰূপ লৈছে। সঞ্জয় আৰু তেওঁৰ প্ৰাক্তন পত্নী কৰিশ্মা কাপুৰৰ বিবাহ বিচ্ছেদৰ কাগজ-পত্ৰ ৰাজহুৱা কৰিবলৈ দাবী জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে সঞ্জয়ৰ তৃতীয় পত্নী প্ৰিয়া সচদেৱে। এই আবেদনৰ প্ৰতি সঁহাৰি জনাই দেশৰ শীৰ্ষ আদালতে বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰলৈ জাননী জাৰি কৰিছে।

২০১৬ চনত সঞ্জয় কাপুৰ আৰু কৰিশ্মা কাপুৰৰ বিবাহ বিচ্ছেদ হয়। ১৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানিৰ সময়ত আদালতে কৰিশ্মালৈ জাননী প্ৰেৰণ কৰি পৰৱৰ্তী দুসপ্তাহৰ ভিতৰত তেওঁৰ উত্তৰ বিচাৰিছিল। প্ৰিয়া সচদেৱৰ আবেদনৰ ভিত্তিত আদালতে কয় যে সঞ্জয়ৰ সৈতে কৰিশ্মাৰ বিবাহ বিচ্ছেদৰ সকলো নথি-পত্ৰ আৰু আদালতে দিয়া ৰায়ৰ প্ৰমাণিত প্ৰতিলিপি দাখিল কৰিব লাগিব।

কিয় নথি-পত্ৰ বিচাৰিছে প্ৰিয়া সচদেৱে? সূত্ৰ অনুসৰি সঞ্জয় কাপুৰৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিৰ উত্তৰাধিকাৰ সন্দৰ্ভত জটিলতা সৃষ্টি হৈছে। ২০১৬ চনত কৰিশ্মা আৰু সঞ্জয়ৰ মাজত বিচ্ছেদৰ সময়ত হোৱা চুক্তিৰ সঠিক চৰ্তসমূহ জানিবলৈ বিচাৰিছে প্ৰিয়া সচদেৱে।

শিশুৰ (Custody) সম্পৰ্কে কি কি চুক্তি হৈছিল? বিচ্ছেদৰ সময়ত কৰিশ্মাক জীৱিকা বা এলিমনিৰ বাবে কিবা ধন দিয়া হৈছিল নেকি? প্ৰিয়াই দাবী কৰে যে, সম্পত্তিৰ সঠিক বিতৰণৰ বাবে এই চুক্তিসমূহ পৰীক্ষা কৰাটো প্ৰয়োজন। এই আইনী পদক্ষেপটো হৈছে পৃথকীকৰণৰ সময়ত কৰিশ্মা কাপুৰে কোনো বৃহৎ পৰিমাণৰ সম্পত্তি বা ধন দাবী কৰিছিল নেকি সেই বিভ্ৰান্তি দূৰ কৰিবলৈ। দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত কৰিশ্মা আৰু সঞ্জয় বিচ্ছেদ হয়। ইয়াৰ পিছত সঞ্জয়ে প্ৰিয়া সচদেৱৰ লগত বিবাহপাশত আবদ্ধ হয়। এতিয়া সঞ্জয়ৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰক লৈ দুয়োপক্ষৰ মাজত এই কাজিয়া আদালতত উপনীত হৈছে।

এতিয়া লক্ষণীয় হ’ব অহা দুসপ্তাহত কৰিশ্মা কাপুৰে আদালতৰ জাননীৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নে নাই আৰু এই ব্যক্তিগত নথি-পত্ৰ দাখিল কৰিবলৈ সন্মত হয় নে নহয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...