জন আব্ৰাহামৰ পিঠিত আঁচোৰ! নায়িকাৰ চকুৰ সন্মুখতে এয়া কি হ’ল?

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চিত্ৰংগদাই তেওঁ আৰু জন আব্ৰাহামৰ ‘আই, মি এণ্ড মেইন’ ছবিখনৰ প্ৰচাৰৰ দিনবোৰৰ কথা মনত পেলাই দিয়ে।

জন আব্ৰাহামৰ পিঠিত আঁচোৰ! নায়িকাৰ চকুৰ সন্মুখতে এয়া কি হল?
Published: 

10 Jan 2026 | 02:43 PM

গ্লেমাৰ জগতখনৰ আঁৰৰ ভয়ংকৰ অভিজ্ঞতা! শেহতীয়াকৈ অভিনেত্ৰী নিধি আগৰৱাল আৰু সামান্থা ৰুথ প্ৰভুৰ সৈতে সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাই পুনৰবাৰ তাৰকাৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই সময়তে মুখ খুলিছে বলীউডৰ অভিনেত্ৰী চিত্ৰংগদা সিঙে। জন আব্ৰাহামৰ লগত ঘটা এটা আচৰিত অভিজ্ঞতা তেওঁ শ্বেয়াৰ কৰিলে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চিত্ৰংগদাই তেওঁ আৰু জন আব্ৰাহামৰ ‘I, Me aur Main’ ছবিখনৰ প্ৰচাৰৰ দিনবোৰৰ কথা মনত পেলা। তেওঁ, “আমি প্ৰমোচনৰ বাবে দিল্লীৰ এখন কলেজলৈ গৈছিলো। মঞ্চৰ পৰা নামি অহাৰ লগে লগে হঠাতে ভিৰ বাঢ়িবলৈ ধৰিলে। নিৰাপত্তাৰক্ষীয়ে জনক সোনকালে আঁতৰাবলৈ চেষ্টা কৰিছিল। কিন্তু জন মোক অকলে এৰি যাব বিচৰা নাছিল, তেওঁ মোক গাড়ীৰ ফালে লৈ গৈ আছিল।”

চিত্ৰংগাদই আৰু কয়, “গাড়ীত বহি যেতিয়া জনে চাৰ্টটো খুলিছিল, তেতিয়া মই আচৰিত হৈছিলোঁ। তেওঁৰ গোটেই পিঠিখন আছিল নখৰ আঁচোৰ। তেওঁ মোক ৰক্ষা কৰিবলৈ ভিৰৰ সন্মুখত ঢাল হিচাপে থিয় হৈছিল। যিহেতু সেই কলেজত বেছি ছোৱালী আছিল, সেয়ে মোৰ কোনো ক্ষতি হোৱা নাছিল, কিন্তু জন আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাই প্ৰমাণ কৰে যে কেৱল মহিলাই নহয়, পুৰুষ অভিনেতাও সমানে ইয়াৰ বশৱৰ্তী হয়।”

শেহতীয়াকৈ হায়দৰাবাদৰ এটা মলত ‘The Raja Saab’ৰ অভিনেত্ৰী নিধি আগৰৱালে অনুৰাগীৰ তিক্ত অভিজ্ঞতাৰ সন্মুখীন হয়। ভাইৰেল ভিডিঅ’টোত নিধিক ঘেৰি ধৰি চেলফি ক্লিক কৰিবলৈ লৰালৰি কৰা দেখা গৈছিল। অনুৰাগীয়ে নিৰাপত্তাৰক্ষীৰ বেৰ ভাঙি তেওঁক স্পৰ্শ কৰাৰ চেষ্টা চলায়। প্ৰত্যক্ষদৰ্শীয়ে কয় যে, নিধি ইমানেই ভয় খাইছিল যে তেওঁ ওৰণিখন টানকৈ ধৰি গাড়ীৰ ফালে দৌৰি আহিছিল। সামান্থা ৰুথ প্ৰভুৱেও একেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...