অন্তৰংগ মুহূৰ্তৰ মাজতে জনে হেৰুৱালে নিয়ন্ত্ৰণ! ৰক্তক্ষৰণ হোৱাত অভিনেত্ৰীক বিচাৰিলে ক্ষমা…

২০০০ চনত বলীউডৰ ‘ছেক্স চিম্বল’ হৈ পৰিছিল জন আব্ৰাহাম। তেওঁৰ সৌন্দৰ্যই নাৰীৰ নিশাৰ টোপনি কাঢ়ি নিছিল। ‘শ্বুট আউট এট ৱাডালা’ ছবিখনৰ শ্বুটিংৰ সময়ত কংগনা ৰাণাৱটৰ সৈতে এক অন্তৰংগ দৃশ্যৰ শ্বুটিং কৰি আছিল জনে।

অন্তৰংগ মুহূৰ্তৰ মাজতে জনে হেৰুৱালে নিয়ন্ত্ৰণ! ৰক্তক্ষৰণ হোৱাত অভিনেত্ৰীক বিচাৰিলে ক্ষমা...

জন আব্ৰাহাম

Updated On: 

30 Oct 2025 | 12:07 PM

বিগত কেইবছৰমানৰ পৰা নিজকে একশ্যন হিৰো হিচাপে প্ৰতিষ্ঠা কৰি আহিছে অভিনেতা জন আব্ৰাহামে । জন এতিয়া ছবিত যুঁজৰ দৃশ্যৰ বাবে যথেষ্ট জনপ্ৰিয়। কিন্তু এটা সময়ত তেওঁ নিজকে এজন ‘হট’ অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল। তাৰ উদাহৰণ ‘জিছ্ম’ (Jism) ছবিখন। ইফালে কংগনা! তেওঁৰ কথা ক’বলৈ বিশেষ একো নাই। তেওঁ নিজকে বলীউডৰ ‘ৰাণী’ বুলি কয়।

অৱশ্যে তেওঁ যি ক’ব বিচাৰে সেয়া স্পষ্টকৈ কয়। তদুপৰি কংগনাক লৈ বহুতো বিতৰ্কৰ সৃষ্টি হৈছে। দৰ্শকে এই দুয়োজনকে একেলগে বিপৰীত চৰিত্ৰত দেখা পাইছিল। ছবিখনৰ নাম ‘শ্বুট আউট এট ৱাডালা’ (Shootout at Wadala)। ছবিখনত দুটা হট দৃশ্য দেখা গৈছিল। এটা চুমা, আনটো যৌনতাৰ। শ্বুটিঙৰ সময়ত দুগৰাকীয়ে এক অনন্য অভিজ্ঞতা লাভ কৰে। সেই সময়তে চেটত সংঘটিত হয় এক ৰক্তাক্ত ঘটনা। যিটো বাস্তৱ ঘটনা আছিল!

২০০০ চনত বলীউডৰ ‘ছেক্স চিম্বল’ হৈ পৰিছিল জন আব্ৰাহাম। তেওঁৰ সৌন্দৰ্যই নাৰীৰ নিশাৰ টোপনি কাঢ়ি নিছিল। ‘শ্বুট আউট এট ৱাডালা’ ছবিখনৰ শ্বুটিঙৰ সময়ত কংগনা ৰাণাৱটৰ সৈতে এক অন্তৰংগ দৃশ্যৰ শ্বুটিং কৰি আছিল জনে। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি সেই দৃশ্যৰ শ্বুটিংৰ সময়ত নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল  প্ৰতিভাৱান অভিনেতাজনে । যাৰ বাবে কংগনাৰ শৰীৰৰ পৰা ৰক্তক্ষৰণ হ’বলৈ ধৰিছিল। অৱশ্যে লগে লগে তেওঁ ক্ষমা খুজিলে।

কি হৈছিল?

সূত্ৰৰ মতে, “জন আৰু কংগনাৰ মাজত দুটা অন্তৰংগ মুহূৰ্ত আছিল। দুয়োজনে পূৰ্বে চুমা খোৱাৰ দৃশ্য এটাৰ বাবে শ্বুটিং কৰিছিল। গতিকে, সেই দৃশ্যটোত কোনো সমস্যা নাছিল। কিন্তু বিচনাৰ দৃশ্যটোত এটা সমস্যা আছিল। জন কংগনাৰ হাতখন টানকৈ ধৰি ৰাখিছিল। চৰিত্ৰত ইমানেই সোমাই পৰিছিল যে তেওঁ নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছিল। কংগনাৰ হাতৰ কাঁচৰ খাৰু ভাঙি কংগনাৰ তেজ বৈ আহিছিল। তাৰ পিছত যেতিয়া জন সচেতন অৱস্থালৈ আহিল লগে লগে নিজৰ ভুল উপলব্ধি কৰিলে আৰু সেই মুহূৰ্ততে কংগনাৰ ওচৰতো ক্ষমা খুজিলে।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...