অসমৰ ভাইৰেল ৰাকু দা এতিয়া চীনতো জনপ্ৰিয়, হৈ পৰিল International চেলিব্ৰিটি!

এতিয়া হঠাৎ ভাইৰেল হৈ পৰিছে ৰাকু দা। প্ৰায়ে তেওঁ পৰীক্ষামূলক মিউজিকেল ভিডিঅ’ৰে ভাইৰেল হৈ থাকে। এতিয়া ব্যৱসায়িক দিশলৈ ধাবমান হৈছে নেকি একাংশই প্ৰশ্ন কৰিছে...

অসমৰ ভাইৰেল ৰাকু দা এতিয়া চীনতো জনপ্ৰিয়, হৈ পৰিল International চেলিব্ৰিটি!

অসমৰ ভাইৰেল ৰাকু দা এতিয়া চীনতো জনপ্ৰিয়!

Published: 

05 Sep 2025 | 10:32 PM

অসমৰ ইণ্টাৰনেট চেন্সেশন ৰাকু দা। মিৰ্জাৰ সমীপৰ ৰঙামাটি বিজয়নগৰত জন্মগ্ৰহণ কৰা ৰাকু দাই পুনৰ শিৰোনাম দখল কৰিছে। কিন্তু এইবাৰ তেওঁৰ সংগীতৰ বাবে নহয়। চীনৰ খাদ্য ব্ৰেণ্ডৰ বাবে ৰাকু দাক লৈ এটা নতুন বিজ্ঞাপন অনলাইনত ভাইৰেল হৈ পৰিছে। যাৰ বাবে অনুৰাগীসকলে আনন্দত আত্মহাৰা হৈছে।

“Nutritious Pancake” আৰু “Quick Pancake” এই প্ৰডাক্টটোৱে ৰাকু দাৰ জনপ্ৰিয়তা দেখুৱাইছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগে লগে শীঘ্ৰে এই সহযোগিতাৰ প্ৰশংসা কৰিছে।

এতিয়া হঠাৎ ভাইৰেল হৈ পৰিছে ৰাকু দা। প্ৰায়ে তেওঁ পৰীক্ষামূলক মিউজিকেল ভিডিঅ’ৰে ভাইৰেল হৈ থাকে। এতিয়া ব্যৱসায়িক দিশলৈ এই যাত্ৰা ৰূপান্তৰিত কৰিছে।

চীনা ব্ৰেণ্ডটোৱে ফটো ব্যৱহাৰ কৰাৰ পূৰ্বে অনুমতি লাভ কৰিছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই, যদিও তেওঁৰ ফটো দেখি বিশ্বজুৰি অনুৰাগীসকল আনন্দিত হৈছে।

এই কাণ্ডই পূৰ্বৰ অনুৰূপ বিতৰ্কৰ কথা মনত পেলাই দিয়ে। যেতিয়া ফুটবলাৰ জন টেৰীৰ ছবি সন্মতি অবিহনে ভাৰতীয় চিগাৰেটৰ পেকেটত আবিৰ্ভাৱ হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব