বিয়া নোহোৱাকৈ ৪৯ বছৰ বয়সত মাতৃ হ’বলৈ ওলাইছে নেকি আমিষা পেটেল?

বলীউডৰ এটি জনপ্ৰিয় নাম আমিষা পেটেল। পুনৰ এবাৰ অভিনেত্ৰীগৰাকী বিশেষ চৰ্চাত আছে। একাংশৰ মতে মাতৃ হ'বলৈ ওলাইছে অভিনেত্ৰীগৰাকী।

বিয়া নোহোৱাকৈ ৪৯ বছৰ বয়সত মাতৃ হবলৈ ওলাইছে নেকি আমিষা পেটেল?

আমিষা পেটেল

Published: 

21 Apr 2025 15:02 PM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আমিষা পেটেলে। বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আমিষা। অৱশ্যে ইয়াৰ কাৰণ কোনো চিনেমা বা মনোৰঞ্জন জগতৰ নহয়। অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱনক লৈ চলি আছে বিভিন্ন জল্পনা- কল্পনা।  মাতৃ হ’বলৈ ওলাইছে নেকি আমিষা পেটেল?  শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয় সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰাৰ পাছতেই এই সন্দেহ কৰিছে একাংশ অনুৰাগীয়ে।

‘গাদৰ’ৰ বিখ্যাত অভিনেত্ৰীগৰাকীয়ে  প্ৰায় ৪৯ বছৰ বয়সতো নিজৰ ষ্টাইল আৰু গ্লেমাৰেৰে দৰ্শকক মোহিত কৰি ৰাখিছে। বৰ্তমান ডুবাইত অৱসৰ-বিনোদনৰ সময় উদযাপন কৰি আছে আমিষাই। ডুবাই ভ্ৰমণৰ বহু ফটো-ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

সামাজিক মাধ্যমত প্ৰায়ে সক্ৰিয় হৈ থাকে অভিনেত্ৰীগৰাকী। বিভিন্ন সময়ত বিভিন্ন ফটো-ভিডিঅ’ দি অনুৰাগীৰ চৰ্চাত থাকে তেওঁ।  শেহতীয়াকৈ আমিষাই ডুবাই ভ্ৰমণৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। এই ফটোত আমিষাই সেউজীয়া ৰঙৰ মনোকিনি আৰু চানগ্লাছ পিন্ধি আছে। কিন্তু সেই ছবিখন কিয় ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ পৰিল? কাৰণ নায়িকাৰ পেট, যিয়ে ধাৰাবাহিক প্ৰশ্নৰ উত্থাপন কৰিছে যে, ‘৪৯ বছৰ বয়সত গৰ্ভৱতী হ’ল নেকি আমিষা ?

এই ফটোখনত আমিশাই হাতত আইচক্ৰীম, চুলি মেলি, মূৰত টুপী, চকুত ছানগ্লাছ লৈ কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে। কিন্তু ফটোত বিশেষভাৱে লক্ষ্যণীয় কথাটো হ’ল অভিনেত্ৰীগৰাকীৰ পেট। কিয়নো একাংশই এয়া  ‘বেবী বাম্প’ বুলি দাবী কৰিছে। কোনোবাই লিখিছে, “অ’ মাই গড, বিয়া নোহোৱাকৈ গৰ্ভৱতী?” ছচিয়েল মিডিয়াত এতিয়া এনেধৰণৰ মন্তব্যৰে চৰ্চা।

অৱশ্যে এই উৰাবাতৰিৰ বিষয়ে এতিয়াও স্পষ্টকৈ কোনো মত প্ৰকাশ কৰা নাই অভিনেত্ৰীগৰাকীয়ে। কেতিয়াবা কাপোৰ বা কেমেৰাৰ এংগেলৰ বাবেও এনে বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে। গতিকে বৰ্তমান পৰ্যন্ত এই বিষয়টোৰ কোনো নিশ্চিয়তা নাই।  সামাজিক মাধ্যমত উৰা বাতৰি বিয়পি পৰাৰ পাছতে অভিনেত্ৰীগৰাকীয়ে অন্য এক পোষ্ট কৰিছে। য’ত অভিনেত্ৰীগৰাকীয়ে কেইবাটাও ফটো শ্বেয়াৰ কৰিছে। এই সময়চোৱাত অভিনেত্ৰীৰ পেট সাধাৰণ দেখা গৈছে। গতিকে অভিনেত্ৰীগৰাকীয়ে স্পষ্টকৈ জনালেহে জানিব পৰা যাব ঘটনাৰ সত্যতা।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?